Friday, 17 February 2017

"অসমীয়া ভাষাৰ কেতবোৰ লুপ্ত হ'বলৈ ধৰা বৈশিষ্ট্য"ණ খগেন সেন ডেকা

"অসমীয়া ভাষাৰ কেতবোৰ লুপ্ত হ'বলৈ ধৰা বৈশিষ্ট্য"
পৃথিৱীৰ বুকুত বৰ্তি থকা সকলো ভাষা নিজস্ব বৈশিষ্টেৰে মহীয়ান ৷ অসমীয়া ভাষাও তাৰ ব্যতিক্ৰম নহয় ৷ কিন্তু নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধাৰ অভাৱত আমাৰ সুৱদী সুৰীয়া ভাষাটোৰ ভালেমান স্বকীয়ত্বসূচক বৈশিষ্ট্য বিলুপ্ত হ'বলৈ ওলাইছে ৷ সময় উকলি নৌযাওঁতেই সচেতন নহ'লে অনাগত দিনবোৰত ভাষাটো যে বিজতৰীয়া 'ব তাত সন্দেহৰ অৱকাশ নাই ৷ তলত তেনে কেইটিমান বিশেষত্ব আখৰুৱাৰ সদস্যসকলৰ অৱগতিৰ বাবে উল্লেখ কৰা হ'ল ৷
(১) অসমীয়া বাক্যত ইংৰাজীৰ দৰে ক্ৰিয়াপদ আৱশ্যিক নহয় ৷ যেনে-
(
ক) তোমাৰ নাম কি ?
মোৰ নাম শ্ৰীমান,
(
খ) তোমাৰ ঘৰ ক'?
মোৰ ঘৰ জকাইচুকত, ইত্যাদি ৷
হিন্দী ভাষাৰ হ্যায়, হুঁ-ৰ প্ৰভাৱত এতিয়া কিন্তু 'মোৰ নাম শ্ৰীমান হয়', 'মোৰ ঘৰ জকাইচুকত হয়', 'মই ফাৰ্ষ্ট ছিমেষ্টাৰৰ হয়' এনেদৰে কোৱাটো নিয়ম হৈ পৰিছে ৷
(২) সম্বন্ধবাচক শব্দত পুৰুষ অনুসাৰে -০, -ৰ/-এৰ, -ৰা/-এৰা, -ক/-ক প্ৰত্যয় লগ লগাটো অসমীয়া ভাষাৰ অন্যতম স্বকীয় বিশেষত্ব, যেনে- মোৰ মা, তোৰ মাৰ, তোমাৰ মাৰা, তাৰ/তেওঁৰ মাক ৷ এতিয়া ইংৰাজী, হিন্দী আদিৰ প্ৰভাৱত শিক্ষিত অসমীয়াই এই বৈশিষ্ট্য বাদ দি মোৰ মা, তোৰ মা, তোমাৰ দেউতা, তাৰ ভাই- এনে প্ৰয়োগহে কৰিবলৈ লৈছে ৷ সৌভাগ্যৰ কথা ঔপভাষিক ৰূপবোৰত এই বৈশিষ্ট্য এতিয়াও কিছু পৰিমাণে ৰক্ষিত হৈ আছে ৷
আগলৈ
গেন সেন ডেকা


No comments:

Post a Comment