ছাকিৰা আৰু এটা
ভিডিঅ'ৰ কথা: দ্বিতীয় অংশ
+ মানুহজনে তোমাক দহ হাজাৰ টকা দিয়ে যদি
তেওঁক হীৰো কৰি দিলে একো ক্ষতি নাই। সেইটো কৰিব পাৰা আৰু তেনেকৈ কাম কৰে বুলি শুনিছো। ভ্ৰাম্যমাণৰ নাটকৰ ক্ষেত্ৰতো তেনে হয় বুলি কয়।
++ চাওঁচোন তেওঁ কি কৰে, মানুহজন ভাল অৱশ্যে। কিন্তু আন এটা
সমস্যা আহিছে। গানটো দ্বৈত কন্ঠৰ হ'ব, মানে পুৰুষ আৰু নাৰী।
+ নাৰী কন্ঠৰ কাৰণে কাক লৈছা।
++ মোৰেই চিনাকী ছোৱালী এজনীৰ সৈতে কথা
পাতিছিলো। কন্ঠটো ভাল। ৰিহাৰ্চেল কৰিছিলো। পিছে তাইৰ দ্বাৰা নহ'ব কামটো।
+ কিয় নহ'ব?
++ তাইৰ বিয়াৰ ঠিক হৈছে। অহা মাৰ্চ মাহত
তাইৰ বিয়াৰ দিন খাটং হ'ল। বিয়াৰ পিছত নাগাই বুলি মোক জনাইছে। আনপিনে ধনৰ কাৰণে ইমান সোনকালে ৰেকৰ্ডিঙৰ কামটো মই কৰিব নোৱাৰিম।
+ হয় অৱশ্যে। এইটো এটা সমস্যা হ'ল তোমাৰ কাৰণে। তথাপি হ'ব ৰ'বা কিবা এটা। মোৰ চিনাকি সুৰকাৰ, গায়ক এজন আছে। নলবাৰীতেই ঘৰ। তেওঁৰ ঠিকনা আৰু ফোন নম্বৰ তোমাক দিম। তেওঁক লগ ধৰিবা, গানটো শুনাবা আৰু নাৰী কন্ঠৰ কাৰণে কোনোবা এগৰাকীক ঠিক কৰি দিবলৈ
অনুৰোধ জনাবা। তেওঁ কিবা এটা কৰিব পাৰিব।
++ তেখেতে সেইখিনি সহায় কৰিব জানো?
+ মোৰ কথা ক'বা। মইও তেওঁক তোমাৰ কথা ক'ম। তোমাৰ সমস্যাটো
আঁতৰে যদি মোৰো ভাল লাগিব।
++ হয়। তেখেতৰ নাম, ঠিকনা আৰু ফোন নম্বৰ লিখি দিয়কচোন। মই
তেখেতলৈ ফোন কৰিম আৰু কি কয় আজিয়েই আপোনাক জনাম।
+ এয়া লোৱা, তেওঁৰ ঠিকনা, ফোন নম্বৰৰ লগতে মোৰ ফোন নম্বৰ লিখি দিলোঁ। এতিয়া তোমাৰ ফোন
নম্বৰটো মোক দিয়া।
++ নম্বৰটো লিখক।
+ কোৱা।
++ ৯৭৬........ অৱশ্যে এইটো ফোন মোৰ নহয় আৰু
মোৰ নিজৰ ফোন নাই। এইটো মোৰ মা-ৰ ফোনৰ নম্বৰ। মালৈ ফোন কৰি মোৰ কথা
সুধিব আৰু ৰাতিৰ সময়ত ফোন কৰিব। তেতিয়া মই ঘৰতেই থাকিম।
(আগলৈ)
কবি:- ණ মনোহৰ দত্ত ৷
কবি:- ණ মনোহৰ দত্ত ৷
No comments:
Post a Comment