বসন্ত বিষাদ :
উত্তৰ পশ্চিম কোণত
মেঘে মেঘে যুঁজিছে
আকাশ খন ফালিল যেন লাগিছে
.
চাওঁ উঠাচোন
চ'ত নপৰতেই ইমান
আৰু আছেই চোন ব'হাগ
.
আস্ফালনত কোনে শুনে কাৰ মাত
কি ঠিক,আজি ৰাতিয়ে আমাৰ শেষ মাত !
দৈ হ'বলৈ থোৱা গাখীৰখিনি
মেকুৰীটোক খাব দিয়াই ভাল আছিল
.
পানীপতাত তামোলগছ ফালি দিম
পথাৰৰ আলি ভাঙি চোতালত দিম
তঙাল সাজু হ'লেই মুধাটো মাৰিম
.
কথাবোৰ নজৰ দিবলৈ তুমিও ন'কলা
আধৰুৱা ফাগুনত দিশহাৰা ভাৱনা ।।
মেঘে মেঘে যুঁজিছে
আকাশ খন ফালিল যেন লাগিছে
.
চাওঁ উঠাচোন
চ'ত নপৰতেই ইমান
আৰু আছেই চোন ব'হাগ
.
আস্ফালনত কোনে শুনে কাৰ মাত
কি ঠিক,আজি ৰাতিয়ে আমাৰ শেষ মাত !
দৈ হ'বলৈ থোৱা গাখীৰখিনি
মেকুৰীটোক খাব দিয়াই ভাল আছিল
.
পানীপতাত তামোলগছ ফালি দিম
পথাৰৰ আলি ভাঙি চোতালত দিম
তঙাল সাজু হ'লেই মুধাটো মাৰিম
.
কথাবোৰ নজৰ দিবলৈ তুমিও ন'কলা
আধৰুৱা ফাগুনত দিশহাৰা ভাৱনা ।।
কবি:-ණ হিমাংগ দাস ৷
No comments:
Post a Comment