চকু
ডিভাইডাৰৰ ওপৰতে
বহি
সি গাড়ীবোৰ চাই থাকে
সি গাড়ীবোৰ চাই থাকে
এইফালৰ পৰা
গাড়ীবোৰ যায়
সেইফালৰ পৰা আহে..
সেইফালৰ পৰা আহে..
তাৰ লেতেৰা ডাঢ়িৰ
মাজেদি
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
যানজঁট হোৱা যেন
দেখিলে
ডাঢ়িখিনি খঁজুৱাই পথটো সি ততাতৈয়াকে
মুকলি কৰি দিয়ে
সামান্য লৰচৰ কৰি গাড়ীবোৰ
আগৰ দৰেই পূৰ্ণগতিত যাবলৈ আৰম্ভ কৰে..
ডাঢ়িখিনি খঁজুৱাই পথটো সি ততাতৈয়াকে
মুকলি কৰি দিয়ে
সামান্য লৰচৰ কৰি গাড়ীবোৰ
আগৰ দৰেই পূৰ্ণগতিত যাবলৈ আৰম্ভ কৰে..
তাৰ লেতেৰা ডাঢ়িৰ
মাজেদি লানি নিচিগাকৈ
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
গাড়ীবোৰ অহা যোৱা কৰি থাকে...
কোনদিনেই মই তাৰ
খঙ উঠা দেখা নাই
সি অনবৰতে হাঁহিয়েই থাকে..
সি অনবৰতে হাঁহিয়েই থাকে..
ব্যঙ্গ নাটক খনৰ
একমাত্র দৰ্শক সি
সি নাহাঁহিলে কোনে হাঁহিব...
সি নাহাঁহিলে কোনে হাঁহিব...
কবি:-ණ চৈয়দ আহমেদ সাহ ৷
No comments:
Post a Comment