ৰাগিণীৰ অনুৰাগ
দ্বিতীয় অধ্যায় (
জীৱন এনেকৈয়ে)
(১)
এখন সৰু বাগিছা
আছিল | এজন মালীয়ে বহু য্তনেৰে তাত গছ্পুলি
ৰুইছিল | প্ৰতিটো পুলিয়ে বৰ হেপাঁহৰ আছিল মালীজনৰ |এদিন এজোপা ফুলৰ পুলিত এটি সৰু কলি উপজিল| মালীৰ মনত অপাৰ
আনন্দ| গভীৰ মমতাৰে আপডাল কৰে কলিটোক | বতাহ বৰষুণৰ পৰা আলফুলকৈ বচাই ৰাখিছিল কলিটোক, লাহে লাহে কলিটো ডাঙৰ হৈ আহিল আৰু মালীক গৌৰবান্বিত কৰি প্ৰ্স্ফুটিত হ’বলৈ ধৰিলে| কলিটিও বাঢ়ি আহিল
মালীৰ মমতাৰ পৰশত......
এদিন এটা ভোমোৰা
আহিল মালীৰ সৰু বাগিছালৈ | মিতিৰালি পাতিলে মালীৰ চেনেহৰ কলিটিৰ
সৈতে | উথলি উঠিল কলিৰ হৃদয়, সংজ্ঞা বিচাৰি পালে কলিয়ে পৰিপূৰ্ণতাৰ | বিগলিত হ’ল সৰু কলিটো| ভোমোৰাই গুণগুণাই শুনালে জীৱনৰ গীত, পৃথিৱীৰ গীত.............
এদিন ভোমোৰা গুচি
গ’ল অহা বাটেদি ঘুৰি, কাৰণ গোটেই পৃথিৱীখনেই তাৰ ঘৰ.......
কলিটি মৰহি যাব ধৰিলে....এৰি দিলে ফুল হৈ জাতিষ্কাৰ হৈ
ফুলাৰ হেপাঁহ |আৰ্তনাদ কৰি উঠিল মালীৰ অন্তৰ......সমস্ত মমতা আৰু নিৰাপত্তাৰ আৱৰণৰে আৱৰি
তুলিলে কলিটোক | সাৰ পানী দি জীপাল কৰি তুলিলে কলিক| তাই যে ফুলিবই লাগিব এদিন |
কলিৰ আক্ষেপ নাই
একোৰে, ভোমাৰাই শিকাই গ’ল জীৱনক চুই চোৱাৰ পাঠ, পৰিপূৰ্ণতাৰ পাঠ, কিন্তু মালীয়ে দিলে নিৰাপত্তাৰ চাদৰ, য’ত হালি জালি ফুলিব পাৰি, য’ত অনাধিকাৰ প্ৰবেশ নিষিদ্ধ | পিতৃৰ মহত্ত্ব
অনুভৱ কৰিলে কলিয়ে.....................
হৃষীকেশ মুখাৰ্জীৰ
"জুৰ্মানা" বোলছৱিৰ " চোটি চী এক কলী খিলি থি" গীতৰ আধাৰত পালমৰা লেখাটোৱে হোষ্টেলৰ দেৱাল আলোচনীত একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল | কটন চি জিৰ ফাৰ্ষ্ট ইয়েৰৰ ছোৱালীৰ লেখা ইমান গভীৰ | দেখিলেতো নালাগে ডাংকাটী সকলোতে কাজিয়া
কৰি ফুৰা অনিতা নামৰ সৰুফুটীয়া ছোৱালীজনীক | ভয় কৰে, জুনিয়ৰতো বাদেই, ডিগ্ৰী পঢ়ি থকা চিনিয়ৰবোৰেও সমীহ কৰে ফাৰ্ষ্ট ইয়েৰৰ অনিতাক | কোনোৱে তাইক ৰুমমেট ল’বলৈ ৰাজী নহয় | শেষত এটা ৰুমত অকল জুনিয়ৰেই ৰখা হ’ল | অনিতা, ৰাগিণী, বন্দনা আৰু সুৰঞ্জনা | সিঁহতে ভালেই পালে | ৰুমৰ ভিতৰততো নিজৰ মতে চলিব পাৰিব | যিহে হোষ্টেলৰ নিয়ম.... চিনিয়ৰ জুনিয়ৰ
নহয় যেন শাহু বোৱাৰীহে | এইফালে নাযাবি, এইটো নকৰিবি এইক
নামাতিবি, জোৰকৈ নাহাঁহিবি, লোকৰ ৰুমত ভুমুকি নামাৰিবি... উফ, ১০০১ টা নিয়ম | এই নিয়মবোৰৰ বিপক্ষে থিয় দি ডাংকাটি নাম পালে অনিতাই | পিছে কোনো আক্ষেপ নাই ছোৱালীজনীৰ | নিজৰ ধুনতেই মস্ত তাই | পঢ়া, খোৱা শোৱা আৰু গান গোৱাই অনিতাৰ জীৱন ৰেখা | অনিতাৰ ভাষাৰেই ৰেষ্ট আৰু টেষ্টত নো কম্প্ৰমাইজ | গীত গায় অনিতাই, চিঞৰি চিঞৰি গীত গায় ... বৰ বেসুৰাকৈ | সুৰঞ্জনা কলা শাখাৰ ছাত্ৰী | তাইৰ ভাষাৰেই... পঢ়াত ভালেই আছিল তাই, হয়তো ষ্টেণ্ডেই কৰিলেহেঁতেন পৰীক্ষাত
.... কিন্তু এই যে নতুন হিৰোটো... "
মেইনে প্যাৰ কিয়া" ৰ চলমান খান, তাইৰ কেৰিয়াৰ বৰবাদ কৰি দিলে | এতিয়া তাইৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ’ল, ভালদৰে পঢ়িব লাগে আৰু চলমান খানৰ লগত বিয়াত বহিব লাগে | তাইৰ পঢ়িবলৈ মন নাই কিন্তু চলমান খানেতো
আৰু মেট্ৰিক পাছ ছোৱালী বিয়া নাপাতে, সেয়ে পঢ়িবই লাগিব ....... বন্দনা আৰু
এখোপ চৰা, ৰিপোৰ্টাৰ হোৱাৰ মন তাইৰ | সেয়ে আৰম্ভণি হোষ্টেলৰ পৰাই কৰিছে | পল্ল্বী বা কাৰ লগত ফুৰিবলৈ যায়, অনামিকা বাইদেৱে সপ্তাহত কেইদিন এচ টি ডি ক’ল কৰে, প্ৰশান্তদাই কোন
কোন বাইদেউৰ বাবে খাপ পিটি বহি আছে, ধৰণীক সিদিনা ডেকা খুৰাই কেনে ধমকি দিলে সকলো কথা তাইৰ নখ দৰ্পণত | অনিতাৰ লগত ৰুমমেট থাকিব পাৰিব বুলি কোনোৱে ভাবিবই নোৱাৰে, কিন্তু সিঁহতৰ ৰুমৰ পৰা হাঁহিৰ টুকুৰাবোৰত জ্বলি পুৰি ছাই হৈ যায় সদ্য
প্ৰস্ফুটিত অন্য গোলাপৰ কলিবোৰ..........
এজাৰ ফুলা বাটেদি
এদিন
বাটৰুৱা আগুৱাই বহুদূৰ যায়
বাটত সখী পাতে
সোণাৰু আৰু ৰাধাচূড়াই
আপোন পাহৰা হয় গৰবিনী সময়
পিছফালেএজাৰ মৰহি যায়
বসন্ত আতঁৰি যায় নীৰৱে
নিয়তিয়ে সোঁৱৰাই দিয়ে
" মই সময়তকৈ বেছি দূৰ্দান্ত
কিয়নো আহিছিলি মোক নোসোধাকৈ ".........
বাটৰুৱা আগুৱাই বহুদূৰ যায়
বাটত সখী পাতে
সোণাৰু আৰু ৰাধাচূড়াই
আপোন পাহৰা হয় গৰবিনী সময়
পিছফালেএজাৰ মৰহি যায়
বসন্ত আতঁৰি যায় নীৰৱে
নিয়তিয়ে সোঁৱৰাই দিয়ে
" মই সময়তকৈ বেছি দূৰ্দান্ত
কিয়নো আহিছিলি মোক নোসোধাকৈ ".........
অনিতাৰ পদাৰ্থ
বিজ্ঞানৰ বহীত এইবোৰ লিখা দেখি আচৰিত হৈ যায় ৰাগিণী, সুৰঞ্জনা আৰু বন্দনা | বন্দনাই এনালাইচিচ কৰে অনিতাৰ মানসিক স্থিতি-
" বুজিছ, সু, গিণী, আমাৰ এই অনি ছোৱালীজনী দূৰ্ঘোৰ প্ৰেমিকা, কিন্তু খঙাল প্ৰেমিকা "-
গ’লিনে মৰতী, বন্ধ কৰ তোৰ এই
ননচেঞ্চ কথা, বেছি কৰিলে তাড়কাৰ ৰুমত এৰেঞ্জমেণ্ট কৰি দিম তোৰ, কোনো কথা নাই বাৰু , তুলিখন ময়েই লৈ যাম উঠাই"-- কৃত্ৰিম খ্ঙেৰে অনিতাই দবিয়ায় |
" ইচ, ইচ, জনা আছে মোৰ এই খংবোৰ, আচলতে কি জান’ তই মানুহজনী ভালেই, কিন্তু তোক চাগৈ মৰাৰ আগে আগে বলিয়া কুকুৰ এটাই কামুৰিছিল কেতিয়াবা..
সেইকাৰণে তই চবকে হকে-বিহকে বখলিয়াই ফুৰ’ | বাৰু যি কি নহওক, তুলসীৰ লগত আমি কলপটুৱা তিনিটাৰো মুক্তি হ’ল, নহ’লে তাড়কা সুন্দৰীহ’তে ইমান দিলে ঠাণ্ডাৰ দিনত নিমখ জলকীয়া সানি বগৰী খোৱাদি খাই থ’লেহেঁতেন |"
" আৰে কমৰেড, চব বাদ দেনা গোটেইকেইজনীয়ে, অনি অ’ অনি ডাৰ্লিং অ’, তই লিখা কবিতাটো ইংৰাজীত লিখি দেনা মইনা, চলমান খানে" থোড়ে না" অসমীয়া বুজি পাব | আজি অনুবাদ কৰি দে, কালিলৈ মেঘদূত ভৱনৰ পৰা পঠিয়াই দিম |"
" কি যা-তা বকি আছ’ তঁহতে, তই কেনেকৈ পঠিয়াবি, তোৰ ওচৰত ঠিকনা আছে নেকি ভিনিদেউৰ" ?
" ইচ, কিয় নাথাকিব, আছেতো, বিস্ময়ত তিনিমাহ
আগতে দিয়া ঠিকনাটো কাটি থৈ দিছো |"
" পিছে তঁহতৰ বয়সৰ দেখোন বহুত ব্যৱধান আছে | তোৰ পোন্ধৰ, তেওঁৰ পঁচিছ |"
"অনি, প্ৰেমে বয়সৰ বান্ধোন নামানে | আত্মাহে চিনি পায় |"
" অই , শুন না, আমাৰ ৰুমতেই প্ৰেম
কাহিনী চলি আছে, তঁহতে গমেই নাপাও |"
"কোন"????????? অনিতাই চিঞৰি উঠে |
" লাহে লাহে অ’ ডাৰ্লিং, মই বন্দনা বৈশ্য থাকোতে কোনো প্ৰেম কাহিনী সাৰি নাযায় অ’ .... ন’ ৰাগিণী..." উচপ খাই উঠে ৰাগিণী |
"শুন অনি, আমি হায়াৰ চেকেণ্ডাৰী ফালিম, চিন্তা নাই | হাৰে, ষ্টেট টপাৰৰ নোট পাম পঢ়িবলৈ |" বাকী কাহিনী ৰাগিণীয়ে শুনাব | ময়ো নাজানো বাকীখিনি ........ অভাৰ টু ইউ ৰাগিণী |"
দেৱালত ওলমি থকা
ঘড়ীটোৱে ৰাতিপুৱা চাৰিবজাৰ সংকেত দিয়ে | টোপনি কোঠাটোৰ দূৱাৰমুখৰ পৰাই উভতি যায়
সেইদিনাও নিৰাশ মনেৰে | আজিও পঢ়া নহ’ল সিঁহত চাৰিওজনীৰ | টাৱেল আৰু বাল্টি হাতত লৈ তিনিও বাথৰুমৰ ফালে দৌৰ মাৰে, বাথৰুম বুক কৰিবলৈ | এইমাত্ৰ খোলা চকুৰে দেখা আচ্ছন্ন কৰি ৰখা সপোনটোক লিপিবদ্ধ কৰিবলৈ পঢ়া মেজখনৰ ওচৰলৈ
আগবাঢ়ি যায় ৰাগিণী
"তুমি আহিছিলা এদিন সংগোপনে
আৰু মই শিকিছিলো চিনড্ৰেলা হ’বলৈ
জখলা বগাই জুমি জুমি চাইছিলো
ৰাপুনজেলৰ জীৱনৰ ভিতৰখন
সপোনে বগাইছিল এডাল সৰীসৃপ হৈ
আৰু মই শিকিছিলো চিনড্ৰেলা হ’বলৈ
জখলা বগাই জুমি জুমি চাইছিলো
ৰাপুনজেলৰ জীৱনৰ ভিতৰখন
সপোনে বগাইছিল এডাল সৰীসৃপ হৈ
তুমি এদিন আহিছিলা
বাবেইতো
আদিপাঠ শিকিছিলো প্ৰেম আৰু বিশ্বাসৰ
আত্মপ্ৰত্যয় আৰু স্বাভিমানৰ
আৰু আজি মই তুমিময় হোৱাৰ গৌৰৱেৰে গৰবিনী |
আদিপাঠ শিকিছিলো প্ৰেম আৰু বিশ্বাসৰ
আত্মপ্ৰত্যয় আৰু স্বাভিমানৰ
আৰু আজি মই তুমিময় হোৱাৰ গৌৰৱেৰে গৰবিনী |
হয়, এইখন তেওঁৰ চহৰ | তাইৰ আপোনজনে এবছৰ আগতে এৰি যোৱা চহৰ | এই চহৰতেইতো পাৰ হৈছিল তেওঁৰ কৈশোৰ আৰু যৌৱনৰ দুটা বছৰ | এইযে তাই খোজকাঢ়ি
গৈ থাকে উদ্দেশ্যবিহীনভাৱে ক্লাছৰ শেষত, এইখিনিৰেই কোনোৱাখিনিত চাগৈ প্ৰতিটো
গধূলি প্ৰতিধ্বনিত হৈছিল তেওঁৰ হাঁহিৰ
টুকুৰাবোৰ | স্মিত হাঁহিৰ ৰেশ এটা বাগৰি গ’ল তাইৰ চেহেৰাৰ ওপৰেদি | আচ্ছা, হাঁহিলে বাৰু কেনে দেখি তেওঁক ? কেনেকৈ হাঁহে বাৰু তেওঁ? প্ৰাণখুলি নে অলপমান হাঁহি সামৰি থৈ দিয়ে আনন্দখিনি ?খং উঠিলে কেনে হয় বাৰু তেওঁৰ ভাব-ভংগীমাবোৰ ?কোনে দিব পাৰিব জানো তাইক তেওঁৰ বতৰা ?
" যাহা চাই, তাহা ভুল কৰে চাই
যাহা পাই তাহা চাই না "
..................
যাহা পাই তাহা চাই না "
..................
ৰবি ঠাকুৰৰ
পংক্তিখিনি মনতে আওঁৰালে তাই | তাইৰ ভাললগা খিনিত
নাই জোৰ নাই | জীৱনতনো জীয়াই থাকিবলৈ লাগেনো কিমান ? " জীৱনটো চলি থাকিলেই হ’ল, ভাললগাখিনি সদায়েই ভাললগা হৈ|"............ অনুৰাগৰ অনুৰাগতে মজি থাকিব তাই চিৰদিন চিৰকাল, হয় অনুৰাগৰ সঁহাৰিত অথবা তেওঁৰ উপেক্ষাত | কেতিয়া আহিব অনুৰাগ ? সেই প্ৰশ্নৰ উত্তৰ
তাইৰ হাতত নাই |
ক্ৰমশ:
No comments:
Post a Comment