Wednesday, 22 February 2017

কাঁচিয়লী সপোনৰ ডিঙা ৪ -ණ অংকুৰ শইকীয়া



কাঁচিয়লী সপোনৰ ডিঙা’ (৪)
ফাগুনৰ বাট
ফাগুন..., আৱেগৰ বা লাগি উৰে ফাগুনৰ ৰেণু ৷ ধিৰে ধিৰে দি যায় বুকুৰ উপত্যকাত জীৱনৰ সুৰীয়া বাঁহীৰ স্পন্দন ৷ তাতে আকৌ এসাগৰ বৃষ্টিবনৰ ঢৌৰে জিলিকে ফুটোন্মেখ আকাশ ৷ জীপাল ধৰা অন্তৰত ফুলি উঠে এখনি সুন্দৰৰ কানন ৷ জিঞাঁ পাখি হেন মগ্ন ভাষাবোৰ ওঁঠত ওঁঠ বিচাৰি ৰৈ বৈ যায়...... কুঁহুমীয়া বাটেৰে সাঁচতীয়া সপোনৰ ৰামধেনু ৷
বৃষ্টিৰ এজাকে পলশ পেলোৱা কেঁচা কলিজাৰ বাটত এখোজ দিলো ৷ মৌনতাৰ আশ্বাসত বুকুৰ যে কত বৰ্ণময় সমাৰোহ ৷ দেখিলো সজীৱ হোৱা আকাশময় বিশ্বাস এটি লৈ ফাগুনৰ অভিমানী আখৰা ৷ চনকা ৰদৰ ফাঁকুৰে ব্যস্ত আলিবাটটি....,লাজুক চকুৰে বৈ যায় অপেক্ষাৰ হেজাৰটা ফাগুনীয়া ছন্দ ৷ ক্ৰমশ: যেন বুকুত বুকু থৈ সোলোক-ঢোলোক হয় গুণগুণ ওঁঠৰ মালা গঠা শব্দৰ কিছু সংখ্যক গাঠনি ৷

বি:-অংকুৰ শইকীয়া ৷

No comments:

Post a Comment