Friday, 17 February 2017

সাতসৰী, ফেব্ৰুৱাৰী,২০১৭



চানেকি : সাতসৰী, ফেব্ৰুৱাৰী,২০১৭
'
সাতসৰী' আলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- যুগল কিশোৰ নাথ সদস্য, আখৰুৱা
প্ৰস্তাৱনা :
অসমীয়া সাহিত্যৰ উত্তৰণত অসমীয়া আলোচনী সমূহৰ অৱদান অপৰিসীম। প্ৰথম অসমীয়া কাকত/আলোচনী অৰুণোদই(১৮৪৬)ৰ পৰা বৰ্তমান প্ৰকাশ, সাতসৰী, গৰীয়সী আদি অসমীয়া আলোচনীৰ পাতত অসমীয়া সাহিত্যৰ আটাইকেইটা প্ৰকাৰে (genre) নতুন নতুন ৰূপ পৰিগ্ৰহ কৰি উঠিছে। বিশেষতঃ কবিতা, গল্প আৰু উপন্যাসৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাত আলোচনী সমূহৰ ভূমিকা সৰ্বজনবিদিত।
বৰ্তমান অসমীয়া সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত বৈদ্যুতিন মাধ্যমৰো ভূমিকা আছে ।
ফেচবুকৰ আখৰুৱা : The Literati” সাহিত্য চৰ্চাৰ এক উচ্চস্তৰীয় গোট। গোটটিৰ বিভিন্ন শিতানৰ ভিতৰত চানেকি শিতানত বৰ্তমানৰ আগশাৰীৰ সাহিত্য আলোচনী সাতসৰী আৰু প্ৰকাশৰ এটিকৈ কবিতা পৃথকে পৃথকে আলোচনা কৰা হয়।
পৰিসৰ :
ফেব্ৰুৱাৰী, ২০১৭ সংখ্যাৰ চানেকীৰ অধ্যয়নৰ পৰিসৰত সাতসৰী আলোচনীৰ পৰা শ্বৰীফা খাতুন চৌধুৰীৰ 'শব্দময় প্ৰাচীন শৰীৰ... ' শীৰ্ষক কবিতাটি নিৰ্বাচন কৰা হৈছে । কবিতাটিৰ মূল পাঠ:
শব্দময় প্ৰাচীন শৰীৰ...
*
শ্বৰীফা খাতুন চৌধুৰী
পুৰণি আলমাৰিটো খুলিলেই
কুৰুকি কুৰুকি সোমাই আহে বুকুৰ মাজলৈ
এটি প্ৰাচীন নিজান গোন্ধ
ক্ৰমে ধূসৰ হৈ যোৱা
নথিপত্ৰবোৰৰ নিদ্ৰা ভাঙে
কাপোৰৰ ভাঁজে ভাঁজে শুই থকা মৰুভূমিবোৰ
নৈ একোখন হৈ বৈ আহে
উটি যায় ধূলি ধূসৰিত সোঁৱৰণিৰ ক্লান্তি-অৱসাদ
নৈবোৰে পাহৰি যোৱা
ঘাটবোৰৰ সৈতে হোৱা কথোপকথন
নৈপৰীয়া সপোনৰ মান-অভিমান
সমস্ত স্মৃতি পাৰ ভাঙি উভটি আহে
আলমাৰিটো হৈ পৰে
সোঁৱৰণিৰ এক বিস্ময়কৰ চিত্ৰালয়
প্ৰাচীন গোন্ধ
প্ৰাচীন মৰুভূমি
প্ৰাচীন নৈৰ বুকুত জীৱনে বিচাৰি পায়
হৰ্ষ-বিষাদৰ শব্দময় প্ৰাচীন শৰীৰ...
বিশ্লেষণ :
কবি শ্বৰীফা খাতুন চৌধুৰীৰ শব্দময় প্ৰাচীন শৰীৰ কবিতাত আধুনিক সমাজ জীৱনত একাকিত্বই পিষ্ট কৰা মানুহৰ স্মৃতি ৰোমন্থনৰ প্ৰসংগ উপস্থাপন কৰা হৈছে। আধুনিক ব্যস্ততাপূৰ্ণ জীৱনত মানুহ যান্ত্ৰিক হৈ পৰিছে, এৰি অহা সময়ৰ স্মৃতি ৰোমন্থন কৰিবলৈ মানুহৰ সময় নাই। ক্ষমতা, লালসা, ভোগসৰ্বস্ব পৃথিৱীত একাকিত্বই পিষ্ট কৰা মানৱ মনত পুৰণি দিনৰ স্মৃতিয়ে দোলা দিয়ে। কিন্তু পুৰণি আলমাৰিত থকা অপ্ৰয়োজনীয় অথচ পেলাই দিব নোৱাৰা সম্পদবোৰ ধূলিত পোত যোৱাৰ দৰেই পাহৰণিৰ মৰুত স্মৃতিবোৰ পোত যায়। কবিতাটোত পুৰণি আলমাৰিৰ প্ৰতীকেৰে আধুনিক মানুহৰ স্মৃতি ৰোমন্থনকেই বুজাব বিচৰা হৈছে ----
পুৰণি আলমাৰিটো খুলিলেই
কুৰুকি কুৰুকি সোমাই আহে বুকুৰ মাজলৈ
এটি প্ৰাচীন নিজান গোন্ধ
ক্ৰমে ধূসৰ হৈ যোৱা
নথিপত্ৰবোৰৰ নিদ্ৰা ভাঙে
প্ৰাপ্তি -অপ্ৰাপ্তিৰ হিচাপ, একাকিত্বই পিষ্ট কৰা জীৱনৰ তিক্ততাৰ মাজত স্মৃতিৰ মণিকোঠাত বিচৰণ কৰাত বহু স্মৃতি পাৰ ভাঙি সন্মুখলৈ আহে।
পাহৰি যোৱা সময়বোৰ, তদানীন্তন সময়ৰ আপোন চৰিত্ৰবোৰ, ঘটনাবোৰ অৱলীলাক্ৰমে চকুৰ সন্মুখত ভাহি উঠে।
নৈবোৰে পাহৰি যোৱা
ঘাটবোৰৰ সৈতে হোৱা কথোপকথন
নৈপৰীয়া সপোনৰ মান-অভিমান
সমস্ত স্মৃতি পাৰ ভাঙি উভটি আহে
আলমাৰিটো হৈ পৰে
সোঁৱৰণিৰ এক বিস্ময়কৰ চিত্ৰালয়
স্মৃতিৰ মাজত এৰি অহা জীৱনৰ চৰিত্ৰ, ঘটনাবোৰ হৰ্ষ-বিষাদৰ ৰূপময় শৰীৰ হৈ চকুৰ সন্মুখত বাংময় হৈ ধৰা দিয়ে। এককথাত সোঁৱৰণিৰ আৱৰ্ত্তত মানুহে জীৱনৰ সৈতে মুখা-মুখি হয়।
দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত বিশ্ব সাহিত্যলৈ আমূল পৰিৱৰ্তন আহে, এই পৰিৱৰ্তনে অসমীয়া সাহিত্যকো স্পৰ্শ কৰে। ফলত অসমীয়া সাহিত্যতো নতুন ৰুচিৰ সাহিত্য ৰচনা হ'বলৈ ধৰিলে। তদানীন্তন সময়ত অসমীয়া সাহিত্যলৈ অহা এক নতুন ধাৰা হৈছে ৰোমাণ্টিক বাস্তৱবাদী সাহিত্যৰ ধাৰা। Romantic realism is an aesthetic term that usually refers to art which combines elements of both romanticism and realism . পূৰ্বৰ ৰোমাণ্টিক কবিতাৰ অতীতলৈ ঘূৰি চোৱা বৈশিষ্ট্যটি নান্দনিক ৰূপত কবিতাটোৰ মাজত তিক্ততাপূৰ্ণ আধুনিক যান্ত্ৰিক জীৱনৰ সৈতে সংপৃক্ত কৰি উপস্থাপন কৰা হৈছে। একাকীত্বত পিষ্ট হৈ অতীতলৈ ঘূৰি চাই কবি হৃদয়ে বাস্তৱক অনুভৱ কৰিছে। কবিতাটোত একেসময়তে আধুনিক জীৱনৰ দ্বন্দ্ব আৰু মনঃবাস্তৱত ধৰা দিয়া সোঁৱৰণিৰ চৰিত্ৰ, ঘটনা-পৰিঘটনাৰ প্ৰতীকী উপস্থাপনৰ জৰিয়তে ৰোমাণ্টিক বাস্তৱবাদী চিন্তাৰ প্ৰতিফলন হৈছে বুলিব পাৰি।
উপসংহাৰ :
অসমীয়া সাহিত্য আলোচনীসমূহৰ ভিতৰত 'সাতসৰী' এখন উল্লেখযোগ্য আলোচনী। বৰ্তমান অসমীয়া কবিতাৰ ক্ষেত্ৰখন ন ন ৰুচি, ধ্যান-ধাৰণাৰে উজ্জীৱিত কৰাত 'সাতসৰী' আলোচনীয়ে অনন্য ভূমিকা পালন কৰিছে।ফেব্ৰুৱাৰী,২০১৭ৰ সাতসৰীৰ শ্বৰীফা খাতুন চৌধুৰীৰ কবিতা 'শব্দময় প্ৰাচীন শৰীৰ' সংখ্যাটোৰ এটা উল্লেখযোগ্য কবিতা। স্মৃতি ৰোমন্থনৰ প্ৰতীকী উপস্থাপনৰ জৰিয়তে কবিতাটোত আধুনিক জীৱনৰ দ্বন্দ্ব উন্মোচনত কবি সফল হৈছে।
বি.দ্ৰ. :
সাতসৰী, পৃঃ ৬০, ফেব্ৰুৱাৰী,২০১৭ ।
Romantic Realism , wikipedia
_______________________________
ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি যুগল কিশোৰ নাথ ডাঙৰীয়াই যুগুতোৱা ' 'সাতসৰী' আলোচনীৰ ফেব্ৰুৱাৰী, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ মাননীয় সকলো সদস্যৰে সহযোগ আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায় কৰিব।
পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
অচ্যুত মাধৱ দাস
পাৰ্থ প্ৰতিম কলিতা
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
১৭ ফেব্ৰুৱাৰী,২০১৭

1 comment: