Monday, 27 February 2017

অতিকথা -ණ দুলাল হাজৰিকা ৷



অতিকথা
 
এখন কাণে শুনাবোৰ আনখনে নুশুনিলেও কথা নাই
সময়ত পাখি গজি উৰণীয়া হবই
কথাবোৰে বতাহত মিলি পৰা ক্ষণতে সানি লয় বিবিধ ৰং
বন্ধ কোঠাৰ বাহিৰলৈ আহিলেই কথাবোৰ অতিকথা হৈ যায়
উৰি ফুৰা কথাৰ কলিজা কলা পেলোৱা ধাৰ
হঠাৎ বাঢ়ি আহে বুকুৰ পুৰণি বিষ
অতিকথাৰ যাদু, সময়ো জঠৰ হৈ ৰৈ যায়
কথাবোৰৰ গাত দেও-লাগে
ক্ৰমশঃ বাঢ়ে দেহ মন জুৰ পেলোৱা মাদকতা
কাৰোবাক বিহ-কাঁড়ে বিন্ধে,
কাৰোবাৰ মুখৰ খজুৱতি মৰে
নেদেখা হাঁহিত তল ওপৰ হয় পদুলি-শুঙা আবেলি
কথক মৰিলেও কথাবোৰ নমৰে
ৰাতিৰ জুইত পুৰি কথাবোৰ অতিকথা হৈ যায়
সাজি- কাচি ৰূপ সলাই সলাই অতিকথাবোৰ গৈ থাকে
মুখৰ পৰা মুখলৈ , পুৰুষৰ পৰা পুৰুষলৈ ।
বি:-দুলাল হাজৰিকা

No comments:

Post a Comment