মিতভাষ -- ১৬৬
হঠাৎ আহিছিল যেন
হঠাৎ আহিছিল যেন
হঠাৎ আহিছিল যেন
ধুমুহা এজাক ... ডাল পাত ভাঙি বিধ্বস্ত হৈ পৰা অৰণ্যৰ কোলাহলেৰে বিদীৰ্ণ চৌপাশ । ... দিক্ বিদিক্ হেৰুৱাই উৰি
গৈছিল চৰাইবোৰ। সিহঁতৰ পাখিৰ বতাহত ভঙা দাপোণৰ দৰে খণ্ড
বিখণ্ড হৈ সৰি পৰিছিল আকাশ --- আলফুলে সেই টুকুৰাবোৰ বুটলি সিহঁত উৰি যোৱাৰ বাটেৰে গৈ আছিলোঁ মই ... মোৰ পিছে পিছে আহি আছিল দোকোলটকা নৈখন ---
সোঁতে সোঁতে উটি আহিছিল বেদনাৰ্দ্র তৰাবোৰ। ... গৈ থাকোতেই কেনেকৈ জানো হেৰুৱালোঁ বাট --- মই দেখোন অকলশৰে পৰি আছোঁ হিমশীতল এই মৰুপ্রান্তৰত ---
সূচীভেদ্য অন্ধকাৰৰ এক বিৰাট পিঞ্জৰা। ... বুকুত খুচৰি পালোঁ এমুঠি বালি আৰু সাঁচি থব খুজিও বিফল
হৈছোঁ... বাৰে বাৰে সৰকি গৈছে হাতৰ মুঠিৰে ... মাথোঁ
বিয়পি আছে বুকুভঙা কান্দোনৰ এটি নিৰৱ আৰ্তি --- অনন্ত তৃষা ।
( ৭৯তম ওপজাদিনৰ শুভকামনাৰে ড.নগেন শইকীয়া
ছাৰলৈ)
কবি :- ණ অনিতা গগৈ ৷
No comments:
Post a Comment