Monday, 20 February 2017

বহুভূজ-ණ পাৰ্থ প্ৰতিম কলিতা ৷



বহুভূজ


সম্ভৱতঃ ময়েই পৃথিৱীৰ প্ৰথম পুৰুষ
যিয়ে আঁকিব পাৰো ঘুৰণীয়া ত্ৰিভুজ
তাতেই বন্দী হওঁ
বন্দী কৰো ৰ'দ জিলমিল কলা পখিলা
অথচ
কেতিয়াবা আচৰিত লাগে
দহোটা অদৃশ্য আঙুলিয়ে টানি ধৰে মোক
তেতিয়াই খহি পৰে কাইটত ওলোমা জীৱন
এই আকাশ আমাৰ নহয়
নাতিদীৰ্ঘ নাভিৰ গুহাত কিয় হেৰাই উশাহ
কিয় হয়কিয় হয়
দিনত পোহৰ¸ ৰাতিৰ এন্ধাৰ?
কেনেকৈ বিশ্বাস দিওঁ
মই যি নেদেখো সেয়াও দেখুৱাব পাৰো
এনেকৈয়ে আমি নামো
এনেকৈয়ে আমি উঠো
নমা-উঠা
উঠা-নমা
পুৰণি খেল
'ত বছৰৰ
সম্ভৱতঃ মই পৃথিৱীৰ প্ৰথম পুৰুষ
কাৰণ মই ভাৱো
মই আছো


বি:-পাৰ্থ প্ৰতিম কলিতা

No comments:

Post a Comment