Sunday, 12 February 2017

এনেকৈয়ে ফাগুন,কবি :- ණ ৰুণজুন গগৈ পাওগাম ৷

এনেকৈয়ে ফাগুন


শিলত গজা গছবোৰ শিল নহয়
গছে চানি ধৰা শিলবোৰ গছ নহয়
'দ নোহোৱাকৈয়ো গজা কিছুমান গছ আছে
বৰষুণ নোহোৱাকৈয়ো ফুলা কিছুমান ফুল আছে
গজিব বিচৰা গছবোৰ গজিবই
ফুলিব বিচৰা ফুলবোৰ ফুলিবই
কোনো কথা নাই
শিল নে বালি
পানী নে মাটি
তেওঁৰ বাবে যিদৰে ৰ'দৰ গান
অথবা বৰষুণৰ চিঠি
কোনোটোৱেই অপৰিহাৰ্য নহয়
ফাগুনৰ বতাহজাকৰ বাদে.....৷
বি :- ৰুণজুন গগৈ পাওগাম ৷


No comments:

Post a Comment