গল্ফীৰ ডায়েৰি:
মিনাক্ষী বীৰুৰ
বান্ধৱী৷ সেইদিনা বীৰুৱে ক্লাছ শেষ কৰি যাব ওলাইছে৷ তেনেতে মিনাক্ষীয়ে চিঞৰি উঠিল -- "হেই বীৰু ৰ'বা,মই তোমাৰ লগত যাম৷" পিছে বীৰুৰ মিনাক্ষীক বাইকৰ পিছত উঠাবলৈ একেবাৰে মন
নাই৷ মিনাক্ষীক কেনেকৈ বাইকত নুঠাব পাৰে তাৰে বুদ্ধি এটা পাঙিলে সি৷ সি মিনাক্ষীক সুধিলে-- "বাইকত উঠালে তই মোক কি খুৱাবি?" মিনাক্ষীয়ে ক'লে--"আইচক্ৰীম খুৱাম,বিশটকীয়া!"
তাইৰ কথা শুনি বীৰুৱে ক'লে--"অ' তোৰ ওচৰত পইচা আছে তাৰমানে৷সেই ৰিক্সাখন আহি আছে তাতে উঠি আহ দেই৷" এইবুলি কৈ সি বেগাই বাইক চলাই দিলে৷
তাইৰ কথা শুনি বীৰুৱে ক'লে--"অ' তোৰ ওচৰত পইচা আছে তাৰমানে৷সেই ৰিক্সাখন আহি আছে তাতে উঠি আহ দেই৷" এইবুলি কৈ সি বেগাই বাইক চলাই দিলে৷
কবি:-ණ মৌচুমী বৰি ৷
No comments:
Post a Comment