জুই
কেতিয়াবা জুই ধৰি পাইছা নে!
আখলৰ ধোঁৱাত
ৰঙাপৰা চকুৰ
দুৰু দুৰু বুকু৷
দুৰু দুৰু বুকু৷
চৌকাৰ অঙঠাত
কঁঠাল গুটিৰ খৰমৰণিত
বাঢ়ি আহে ভোক৷
কঁঠাল গুটিৰ খৰমৰণিত
বাঢ়ি আহে ভোক৷
এজেবা নিমখ
কেঁচা জলকীয়া
চিচাৰ বটলৰ তলিৰ
সৰো নসৰো এটুপ তেল৷
কেঁচা জলকীয়া
চিচাৰ বটলৰ তলিৰ
সৰো নসৰো এটুপ তেল৷
সৰা চুলিবোৰ গোৱৰৰ
ভেৰত
দ’ম বান্ধে৷
কলদিলীয়া খোপাটো ক্ৰমে টুটি আহে৷
দ’ম বান্ধে৷
কলদিলীয়া খোপাটো ক্ৰমে টুটি আহে৷
জুই!!
কালী বুঢ়ীয়ে
গুৰগুৰিৰ আঙঠাত
ফু দিয়ে
মলা ধঁপাতৰ সুবাসে
টানি নিয়ে তাক৷
ফু দিয়ে
মলা ধঁপাতৰ সুবাসে
টানি নিয়ে তাক৷
এদেও দুদেও
ধঁপাতে বাট কাটে
সাজ পানীয়ে বাট দিয়ে৷
ধঁপাতে বাট কাটে
সাজ পানীয়ে বাট দিয়ে৷
আৰু
উশাহবোৰ জীণ যায়৷
উশাহবোৰ জীণ যায়৷
জুই!!
চিতাৰ ছাঁইত
জাহ নাযায়
পেটৰ ভোক৷
জাহ নাযায়
পেটৰ ভোক৷
সমানে বাঢ়ে
আক্ৰোশৰ ভোক৷
লোলুপৰ ত্ৰাস৷
লোলুপৰ ত্ৰাস৷
জুই!
আবুৰ নোহোৱা জুই৷
ঠিক কালী বুঢ়ীৰ গুৰ গুৰিৰ আঙঠাৰ দৰে৷
ফু দিলেই জ্বলি উঠে৷
ঠিক কালী বুঢ়ীৰ গুৰ গুৰিৰ আঙঠাৰ দৰে৷
ফু দিলেই জ্বলি উঠে৷
জুইকোৰা এদিন
জ্বলি উঠে
লগতে জ্বলাই নিয়ে ভোকাতুৰ লোলুপক৷
লগতে জ্বলাই নিয়ে ভোকাতুৰ লোলুপক৷
পুনশ্চ: এতিয়া
জুইকোৰা অদৃশ্য৷
কবি:- ණ ইন্দিৰা দিগন্ত ৷
No comments:
Post a Comment