বুকুত এজাক ধুমুহা
.......( সাত ).........
.......( সাত ).........
চিলনীৰ নখ চিঙি
মাটিত পৰিল
তেজে চকু ঢাকি পুতিলো আকাশ
বুকু বচাই উধাও হল দিগম্বৰী সাকোঁ
তেজে চকু ঢাকি পুতিলো আকাশ
বুকু বচাই উধাও হল দিগম্বৰী সাকোঁ
চুচঁৰি বাগৰি
লম্পট এটা তেজপিয়াই
খাগৰি বগাই
চুহিলেহি মোৰ ওঁঠৰ চিঞাঁহি
উকা আঁচলত মুখ গুজি থমকি ৰল সময়
খাগৰি বগাই
চুহিলেহি মোৰ ওঁঠৰ চিঞাঁহি
উকা আঁচলত মুখ গুজি থমকি ৰল সময়
এন্ধাৰে নামাতে
পোহৰে নাহাঁহে
পোহৰে নাহাঁহে
এতিয়া
মদৰুৱা শংকাত
বুকুত এজাক ধুমুহা
মদৰুৱা শংকাত
বুকুত এজাক ধুমুহা
যান্ত্ৰণাত
সেকিছোঁ আঙুলি
ক্ষয়িষ্ণু দেহেৰে ক্ৰমে লহিয়াব বেলি
চিলনীৰ সৰা নখেৰে নৃসিংহই আদৰিব সন্ধ্য়া
ক্ষয়িষ্ণু দেহেৰে ক্ৰমে লহিয়াব বেলি
চিলনীৰ সৰা নখেৰে নৃসিংহই আদৰিব সন্ধ্য়া
( ক্ৰমশ )
কবি:-ණ বিপুল কলিতা ৷
No comments:
Post a Comment