ভুল নুবুজিব পৰাগ
কুমাৰ দাস
সকলোৱে পাহৰিলে
বুলিয়েই মই কেনেকৈ পাহৰোঁ
তেজলগা নীলা চোলাটোৰ কথা
তেজলগা নীলা চোলাটোৰ কথা
কলমটোৱেই জেপৰ পৰা
জুমি চাই কান্দিছিল
আপোনাক নিথৰ দেহ পৰি থকা দেখি
আপোনাক নিথৰ দেহ পৰি থকা দেখি
সময়ে পাহৰাই
পেলালে সকলোকে
আপোনাৰ কণ্ঠস্বৰ কিম্বা সপোনটিৰ কথা
আপোনাৰ কণ্ঠস্বৰ কিম্বা সপোনটিৰ কথা
ইমান নিষ্ঠুৰ আছিল
সিহঁত!
মই পাহৰা নাই
আপোনাক
আৰু পাহৰা নাই নীলা চোলাটোৰ জেপৰ পৰা চিটিকি পৰা দূৰ্জেয় কলমটোৰ কথা
আৰু পাহৰা নাই নীলা চোলাটোৰ জেপৰ পৰা চিটিকি পৰা দূৰ্জেয় কলমটোৰ কথা
আজি মনত পৰিছিল
আপোনালৈ
মই তেতিয়া
পানীকেচুৱা
আইৰ কোলাত আপোনাৰ মৃত্যুৰ বাতৰি
কোনোবাই আহি গুজি দিছিল মোৰ কাণত
আইৰ কোলাত আপোনাৰ মৃত্যুৰ বাতৰি
কোনোবাই আহি গুজি দিছিল মোৰ কাণত
আজি আপোনাৰ তেজলগা
নীলা চোলাটো দেখিছিলো সপোনত
কলমটো…
কলমটো…
(শ্ৰদ্ধাৰে ছহিদ পৰাগ কুমাৰ দাস দেৱলৈ বুলি মোৰ এটি
ক্ষূদ্ৰতম অনুভৱ)
No comments:
Post a Comment