কি পথৰ আন্ধাৰ
কি দুখৰ পাহাৰ
কিয় জোনাক নিশাও
এই আকাশ উদাস…
ফাগুনে চুই যায়
তোকো হেনো
চিনি পায়
কিয় নেহেৰাই তোৰ
বুকুৰ এন্ধাৰ!
কি দুখৰ পাহাৰ
কিয় জোনাক নিশাও
এই আকাশ উদাস…
ফাগুনে চুই যায়
তোকো হেনো
চিনি পায়
কিয় নেহেৰাই তোৰ
বুকুৰ এন্ধাৰ!
মাথো হেপাহ তোৰ
সপোন আজোৰাৰ
ঘূৰি চাৱনে তই
চাবিচোন এবাৰ ৰৈ
তোৰ কাষতে আছে
কিমান জোনাক …
সপোন আজোৰাৰ
ঘূৰি চাৱনে তই
চাবিচোন এবাৰ ৰৈ
তোৰ কাষতে আছে
কিমান জোনাক …
অলক্ষিতেই পাৰ হয়
এনেকৈয়ে সময়
আৰু জীৱন …
এনেকৈয়ে সময়
আৰু জীৱন …
জীৱন …
এক অন্তহীন
অপেক্ষা !!
এক অন্তহীন
অপেক্ষা !!
No comments:
Post a Comment