চানেকি : প্ৰকাশ , ফেব্ৰুৱাৰী,২০১৭
‘প্ৰকাশ’ আলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- যুগল কিশোৰ নাথ সদস্য, আখৰুৱা
প্ৰস্তাৱনা :
আধুনিক সাহিত্যৰ বিকাশ সাধনত আলোচনীসমূহৰ অৱদান উল্লেখযোগ্য । অসমীয়া ভাষা - সাহিত্যইও ১৮৩৬ চনৰ পৰা ১৮৪৬ চনলৈ অন্ধকাৰ যুগৰ মাজেৰে প্ৰাচীন ৰূপৰ পৰা বিচ্ছিন্ন হৈ 'অৰুনোদই' (প্ৰথম অসমীয়া কাকত/আলোচনী,১৮৪৬)ৰ পাতত নতুন ৰূপ পৰিগ্ৰহ কৰি উঠে। অৰুনোদইৰ পাতত অসমীয়া ভাষা-সাহিত্যই আধুনিক ৰূপ লোৱাৰ পাছত জোনাকী, উষা, আৱাহন, জয়্ন্তী, ৰামধেনু আদিয়ে অসমীয়া সাহিত্যৰ ইতিহাসত এটি এটি বিশেষ যুগ ৰচনা কৰি গৈছে।
বৰ্তমান অসমীয়া সাহিত্য আলোচনীসমূহৰ ভিতৰত প্ৰকাশ অন্যতম। ১৯৭৫ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশৰ প্ৰথম সংখ্যা প্ৰকাশিত হয়। অসমীয়া সাহিত্যৰ লগতে বিশ্ব সাহিত্যৰো সোৱাদ দি অহা আলোচনীখনে অসমীয়া কবিতাৰ উত্তৰণত অৰিহণা যোগাইছে।
অসমীয়া সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত বৈদ্যুতিন মাধ্যমৰো ভূমিকা আছে। ফেইচবুকৰ "আখৰুৱা : The Literati" সাহিত্য চৰ্চাৰ এক উচ্চস্তৰীয় গোট। গোটটিৰ বিভিন্ন শিতানৰ ভিতৰত চানেকি শিতানত বৰ্তমানৰ আগশাৰীৰ সাহিত্য আলোচনী সাতসৰী আৰু প্ৰকাশৰ এটিকৈ কবিতা পৃথকে পৃথকে আলোচনা কৰা হয়।
পৰিসৰ :
ফেব্ৰুৱাৰী, ২০১৭ সংখ্যাৰ চানেকিৰ অধ্যয়নৰ পৰিসৰত প্ৰকাশ আলোচনীৰ পৰা বিভাৰাণী তালুকদাৰৰ “কি বিচাৰি নিজানত নিজকে” শীৰ্ষক কবিতাটি নিৰ্বাচন কৰা হৈছে । কবিতাটিৰ মূল পাঠ:
কি বিচাৰি নিজানত নিজকে
* বিভাৰাণী তালুকদাৰ
কি বিচাৰি
খান্দি ফুৰোঁ নিজানত নিজকে
শিল হৈ যোৱা চকু দুটা হাতত লৈ ওভতোঁ
যি বিচাৰোঁ সেয়া
দূৰণিত কপি থকা এগছ চাকিৰ শিখা
গৈ গৈ পাওঁ মানে বতাহে নুমাই দিয়া
বাঁহীৰ কৰুণ সুৰ এটাত কঁপি কঁপি পাহ মেলে
নীলা জলাশয় ভৰি অজস্ৰ নীলা ভেঁটফুল
ক'ত বাজে ইমানবোৰ পুৰাতন ৰাগ
হাঁফোলা মাৰি অহা হিজলৰ পাতবোৰ আঁতৰাই
বুৰ মাৰোঁ অথাউনি পানীত।
বাউল এজাক বতাহে চপাই আনে সন্ধ্যাৰ খিৰিকি
গলি গলি সৰে বিষাদৰ টুকুৰা
একঁকাল, এবুকু, এডিঙিকৈ খমা বন্ধা আন্ধাৰত
ইমান নিমাও এই সময় ইমান একাকী
দুভৰি নলৰে
পানীপিয়া এজনীৰ মাতত কিদৰে
খান্দো আৰু খান্দো নিজক
এই কথা কাহানিবা কোৱা হৈছিলনে তোমাক।
বিশ্লেষণ :
কবি বিভাৰাণী তালুকদাৰৰ "কি বিচাৰি নিজানত নিজকে" কবিতাটি প্ৰকাশ আলোচনীৰ ফেব্ৰুৱাৰী, ২০১৭ সংখ্যাৰ এটি অন্যতম আকৰ্ষণীয় কবিতা। কবিতাটোত মানুহৰ মনোজগতত চলি থকা দ্বন্দ্বৰ উন্মোচন কৰা হৈছে। আধুনিক জীৱন পৰিক্ৰমাত যান্ত্ৰিক হৈ পৰা মানুহৰ মাজত কিছুমান এনে মানুহো থাকে, যি নিজৰ মানসিক জগতত থাকিয়েই একাকী সময়ৰ পাৰ কৰে। মানসিক জগতৰ পৰিমণ্ডলত কি সন্ধান কৰি বিচলিত হয়, তেওঁ নিজেই নাজানে। কিন্তু বিচাৰি বিচাৰিও শেষত অন্তিম আশাকণো নিৰ্বাপিত হোৱাত কবি বিচলিত হৈছে।
“যি বিচাৰোঁ সেয়া
দূৰণিত কঁপি থকা এগছ চাকিৰ শিখা
গৈ গৈ পাওঁ মানে বতাহে নুমাই দিয়া।"
কবিয়ে নিজৰ একাকিত্বক, অধিক স্পষ্ট কৰি তুলিবলৈ বাঁহীৰ মটিফ(motif)ৰ প্ৰয়োগ কৰিছে। কবিতাটোত ৰাধাৰ প্ৰসংগ নাই, তথাপি বাঁহীৰ কৰুণ সুৰৰ মটিফে কবিৰ একাকিত্ব , বিৰহ আদিক ৰাধাৰ একাকিত্ব, বিৰহৰ সৈতে এক কৰি তুলিছে।
“বাঁহীৰ কৰুণ সুৰ এটাত কঁপি কঁপি পাহ মেলে
নীলা জলাশয় ভৰি অজস্ৰ নীলা ভেঁটফুল
ক'ত বাজে ইমানবোৰ পুৰাতন ৰাগ”
একাকী জীৱনত সমস্যাৰ অন্ত নাই। "এনেয়ে মৰিছোঁ ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত" -- এই আপ্ত বাক্য শাৰীকেই যেন কবিয়ে নিজৰ একাকী জীৱনৰ লগত ৰিজনি দি চাইছে --
“হাঁফোলা মাৰি অহা হিজলৰ পাতবোৰ আঁতৰাই
বুৰ মাৰোঁ অথাউনি পানীত।”
জীৱনৰ গতিপথত সমস্যা , দুখ, হতাশা আছেই, তাৰ উপৰিও ভিৰৰ মাজতো মানুহ একাকী হয়, সমস্যাৰ উপৰি সমস্যাৰ ভৰত ভাৰাক্ৰান্ত হৈ পৰে। পানীপিয়া চৰায়ে মাতিলে বৰষুণ হয় বুলি জনবিশ্বাস আছে, সেই জনবিশ্বাসক আধাৰ কৰিয়েই কবিয়ে নিজকে মাটি বুলি গ্ৰহণ কৰি নিজক খান্দে, পানীয়ে জীৱন দিয়ে, সেই পানীক ধৰি ৰাখিবলৈ নিজক খান্দে। কবিতাটোত একাকিত্বত মৰি মৰি জী থকা মানুহৰ বাবে সঞ্জীৱনী স্বৰূপ আপোনজনৰ এষাৰি মাতৰ প্ৰতীক হিচাপে পানীপিয়া চৰাইৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছে। কিন্তু সময়ছোৱা ইমান একাকী আৰু নিমাও যে আপোনজনৰ লগত থাকি জীৱনক চাকি চাব খোজা হেঁপাহটোৰ কথা আপোনজনক কোৱা হ'ল নে নহ'ল কবিয়ে পাহৰি গৈছে।
“ইমান নিমাও এই সময় ইমান একাকী
দুভৰি নলৰে
পানীপিয়া এজনীৰ মাকত কিদৰে
খান্দো আৰু খান্দো নিজক
এই কথা কাহানিবা কোৱা হৈছিলনে তোমাক।”
মূলত: আধুনিক জীৱনৰ ব্যস্ততাত হৃদয়ৰ বান্ধ নোহোৱা হৈ সম্পৰ্কবোৰ জটিল হৈ পৰা দিশটোৰ কাব্যিক উন্মোচন এই কবিতাটোত ঘটিছে।
উপসংহাৰ :
দ্বিতীয় বিশ্বযুদ্ধই সমগ্ৰ বিশ্বৰে সাধাৰণ মানুহৰ মনত গভীৰ ৰেখাপাত কৰিছিল। মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতা নাইকিয়া হ'বলৈ ধৰে, যান্ত্ৰিক জীৱনে আচ্ছন্ন কৰি তোলা মানুহ স্বাৰ্থপৰ হৈ পৰে। সেই সময়্ত ৰচনা হোৱা সাহিত্যৰ মাজতো এনে ভাৱধাৰা প্ৰকাশিত হ'বলৈ ধৰে। তাৰ প্ৰভাৱ মানৱ জীৱনৰ আঁহে- আঁহে এনেদৰে নিহিত হৈ পৰিল যে বৰ্তমানেও মানুহ তাৰ কৱলৰ পৰা মুক্ত হ'ব পৰা নাই। মানুহ ভিৰৰ মাজতো একাকী হৈ পৰিছে, তাৰেই সুন্দৰ অৱলোকন বিভাৰাণী তালুকদাৰৰ কবিতাটোত দেখা গৈছে। আধুনিক একাকী জীৱনত অভ্যস্ত হ'ব নোৱাৰা এচাম সাধাৰণ মানুহৰ আৰ্তনাদৰ আক্ষৰিক ৰূপ হৈ পৰা কবিতাটো নিঃসন্দেহে এটি সুন্দৰ ৰচনা।
°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা---
'আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি যুগল কিশোৰ নাথ ডাঙৰীয়াই যুগুতোৱা ‘প্ৰকাশ’ আলোচনীৰ ফেব্ৰুৱাৰী, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হ’ল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক হ’ব।
পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন। লগতে আখৰুৱাৰ মাননীয় সদস্য সকলৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ -- মূল কবিতাটিত থকা দুটি বানান-ভ্ৰান্তি
খিৰিকি-- খিড়িকী (হেমকোষ অভিধান), খিৰিকী (চন্দ্ৰকান্ত অভিধান)
খমা বন্ধা—খাম বন্ধা
ধন্যবাদ…
অচ্যুত মাধৱ দাস
পাৰ্থ প্ৰতিম কলিতা
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
২৭ ফেব্ৰুৱাৰী,২০১৭

No comments:
Post a Comment