Friday, 10 February 2017

"প্ৰেমৰ স্তৱক" কবি :- ණ মনমী ভট্টাচাৰ্য্য ৷

প্ৰেমৰ স্তৱক

 (১)
তীক্ষ্ণ দৃষ্টিৰ স্পৰ্শত বিধ্বস্ত
মোৰ প্ৰগল্‌ভ সত্তা ,
এটি মাথো চুমাৰ আৱেশসানি
উভতি অহা প্ৰথম কৈশোৰ ,
এয়া যদি একান্ত সন্মোহন
বুজিব নোখোজোঁ প্ৰেমৰ ৰসায়ন ।
(
২)
সঁজাভিমুখী পখীৰ কাকলিত গধূলি চঞ্চল ,
উৰ্মিৰ সৰ্পিল আলিংগনত উন্মাদ সাগৰ,
হালধিসনা আকুলতাত বিনিদ্ৰ প্ৰহৰ ,
আকৌ এবাৰ মই তোমাৰ প্ৰেমত।
(
৩)
যিদৰে বিদায়ী ৰবিৰ বাবে ৰৈ থাকে অস্তাচল,
পূৰ্ণিমাৰ বাবে যিদৰে চিৰ বিৰহিনী জোনাক ,
ময়ো ৰৈ থাকিম তোমাৰ বাবে তোমাৰ সমাধি হৈ
মৃত্যুক সম্ভাষণ জনাম তোমাৰ আলিংগনবদ্ধ হৈ।
বি :- মনমী ভট্টাচাৰ্য্য ৷
(ফেব্ৰুৱাৰী ২০১৭ প্ৰিয়সখী ত প্ৰকাশিত )


No comments:

Post a Comment