Saturday, 18 February 2017

ভেলেণ্টাইন:ණ হিমাংশু ভাগৱতী

ভেলেণ্টাইন:

তাই পিন্ধি থকা ল'ৰাৰ চোলাটোৰ বাওঁহাতখন কৰবাত লাগি ফালি থাকিল।
সি ক'লে," হো ,মোৰটো তই পিন্ধি সেইটো মোক দে মোৰ বাওঁহাতখন এনেয়েহে ওলমি থাকে।"তাই মান্তি হ'ল।
"তই খা, মোৰ ভোক নাই।" খুজি পোৱা আপেলটো তাইক দি দিলে। তাইৰ পুষ্টিহীন বুকুখন কাপোৰ সলোৱা পৰত দেখাৰে পৰা তাৰ চকুত ওলমি আছিল।


হিমাংশু ভাগৱতী

No comments:

Post a Comment