Friday, 17 February 2017

"ভেলেন্টাইনচ দে"ණ সুব্ৰতা গোস্বামী

"ভেলেন্টাইনচ দে"
.
কোঠাটোত সোমাই তেওঁ লাইটটো নুমুৱাই দিলে।বেছি পোহৰ হেনো তেওঁ সহিব নোৱাৰে।বিচনাখনত বহিল তেওঁ।সন্মুখৰ দেৱালখনৰ পিনে চাই আনদিনাৰ দৰে আজিও কথা কোৱা আৰম্ভ কৰিলে।আজি তেওঁ সুখী।অথচ কথাবোৰ কৈ কৈ মাতটোচোন থোকাথুকি কৰে তেওঁৰ।তেওঁ কৈছে,"মই সোনকালেই গুছি আহিলো দিয়া।বৰ বেছি হুলস্থূল মোৰ পছন্দ নহয়।ইমান লাইটৰ পোহৰত মোৰ মাইগ্ৰেনৰ বিষটোই উক দিব লাগিলে আৰু ! চোৱাচোন নীৰু,দিনবোৰ কেনেকৈ পাৰ হয়।যোৱা ১৪ ফেব্ৰুৱাৰীত তাইৰ জন্ম হৈছিলহে ! নাতিনীজনীৰ আজি এবছৰ হ'ল।আজি জানা,মাজনীক সাইলাখ তোমাৰ দৰেই দেখিছে।আৰু তোমাৰ ছোৱালীৰ কাম দেখিছা,মই অকলে আহিম বাবে গাড়ীৰে ঘৰলৈকে থৈ গ'ল জোৱাইয়ে।বৰ ভাল,বৰ ভাল 'ৰা পাইছোঁ আমি।"মানুহজনৰ মাতটো সুখত নে দুখত থোকাথুকি হৈছে।বিচনাখনৰ পৰা উঠি কিবা এটা পাহৰা কথা মনত পেলোৱাৰ দৰে হাঁহি এটি মাৰি তেওঁ পুনৰ 'লে,"কিন্তু নীৰুতুমি বন্ধা খোপাৰ কথাই সুকীয়া আছিল।"এইবুলি হাঁহি হাঁহিয়ে তেওঁ দিয়াচলাইটো হাতত ল'লে।দেৱালখনত আৰি থোৱা ফ্ৰেমত বন্দী মানুহগৰাকীৰ ফটোখনৰ তলত চাকিগছ উজলি উঠিল।
.
 সুব্ৰতা গোস্বামী ৷

No comments:

Post a Comment