Thursday, 16 February 2017

বাংলা কবি প্ৰমোদ বসুৰ -জীৱন-, অনুবাদ - ডঃ খগেশ সেন ডেকা

বাংলা কবি প্ৰমোদ বসুৰ
-জীৱন-
সভাৰ শেষত আটায়ে ক'লে কবি আছিল স্বেচ্ছাচাৰী
নিজৰ ঘৰ ভাঙি তেওঁ খেলিছিল খেল
মাটি-পৃথিৱীৰ সতে ৷
সমুখৰ আসনত বহা ৰঙা চোলা পৰিহিত মানুহজনে তেতিয়া
চিঞৰি চিঞৰি জনাই দিছে
তেওঁৰ অন্তিম বক্তব্য-
কবি আছিল মেজাজী, অথবা কণ কণ ল'ৰা ছোৱালীৰ দৰে কিছু উদাসীন;
তেওঁৰ ওঁঠ আৰু চকুৰ কোণত জমা হৈছিল প্ৰচণ্ড ক্ষুধা ৷
জনৈক দুৰন্ত যুৱকে তৰ্জনী টোৱাই চিৎকাৰ কৰিছিল-
কবি আছিল আমাৰ প্ৰজন্মৰ প্ৰতিনিধি ৷
তেওঁক সঠিকভাৱে বুজাত ভুল হৈ গৈছে ৷
এজনী কৃষ্ণাবৰ্ণা কিশোৰীয়ে
ভীতি বিহ্বল কণ্ঠে আওঁৰাই গৈছে তেতিয়া
কবিৰ সেই আৰ্ত শাৰীটো-
'
মোক জীয়াই থাকিবলৈ দিয়া ! এঙাৰ ক'লা চিতাৰ ওপৰত মোক
আৰু কিছুপৰ জীয়াই থাকিবলৈ দিয়া...'
দুৱাৰ-খিৰিকিৰে তেতিয়া হোঁ হোঁৱাই সোমাই আহিছে বতাহ
আইনাৰ গাত হাত বুলাইছে পোহৰে,
কুঁহিপাতৰ মচমচনিৰে ভৰি গৈছে প্ৰতিগৰাকী মানুহৰ কণ্ঠ !
আৰু দূৰৈত তেতিয়া চৰম নৈঃশব্দৰ মাজত
কবি অকলশৰীয়া ৷
তেওঁক সুমুৱাই থোৱা হৈছে অনাড়ম্বৰ এটা ফ্ৰেমৰ ভিতৰত
তাত তেওঁৰ কাণে কাণে কথা কৈছে
ধূপ আৰু ফুলৰ গোন্ধে !
নিৰ্মোহ এটা দিনৰ শেষত এই সকলোবোৰ উত্তমেই হ'ল ৷
কিন্তু কোনেও সঠিকভাৱে ক'ব নোৱাৰিলে
কবিৰ প্ৰকৃত স্বভাৱ আৰু কৰ্ম
আচলতে আছিল কি !
তাৰ পাছত ভিৰ কমি কমি যেতিয়া শূন্য হ'ল ঘৰ,
শব্দ কমি গৈ গৈ যেতিয়া নিঃসংগ হ'ল সময়,
তেতিয়া আৰু এক নৈঃশব্দৰ অন্তৰালত জাগি উঠিল কবিৰ জীৱন !
তেওঁৰ একাকী জীৱন ৷

অনুবাদ - ডঃ খগেশ সেন ডেকা

No comments:

Post a Comment