ৰূপান্তৰৰ
বর্ণমালা
১.
ওপজা পদূলি এৰি দূৰলৈ বুলি খোজ দিয়া এটি বুলবুলি
উৰিবলৈ শিকা জাকৰুৱা আকাশৰ এটি মিঠা বাঁহী
ওপজা পদূলি এৰি দূৰলৈ বুলি খোজ দিয়া এটি বুলবুলি
উৰিবলৈ শিকা জাকৰুৱা আকাশৰ এটি মিঠা বাঁহী
২.
ইকাটি-সিকাটিকৈ শেতেলিত পৰি থাকোতে
গমকেই নেপালো
কেতিয়ানো পূৱে ফেহুঁজালি দিলে
ইকাটি-সিকাটিকৈ শেতেলিত পৰি থাকোতে
গমকেই নেপালো
কেতিয়ানো পূৱে ফেহুঁজালি দিলে
৩.
সোত-মোচখাই থকা মোৰ নিহালিৰ ভাঁজবোৰত
সপোনবোৰ এতিয়াও টোপনিত লালকাল।
সোত-মোচখাই থকা মোৰ নিহালিৰ ভাঁজবোৰত
সপোনবোৰ এতিয়াও টোপনিত লালকাল।
দোকমোকালিৰ ৰ’দজাকে সিহঁতক জগাবপৰা নাই
আনকি
গাজনি-ঢেৰেকণিৰে অহা
বৰদৈচিলাজনীলৈকো সিহঁতে কেৰেপকে কৰা নাই
বৰদৈচিলাজনীলৈকো সিহঁতে কেৰেপকে কৰা নাই
৪.
তোমাৰ দৃষ্টিৰপৰা নিলগত মই শুঙি ফুৰোঁ মৰহা ফুলৰ পাপৰি
শুকান বুকুতো যি সাঁচি ৰাখে উমাল দিনৰ সুৱাসিত কৰণি
তোমাৰ দৃষ্টিৰপৰা নিলগত মই শুঙি ফুৰোঁ মৰহা ফুলৰ পাপৰি
শুকান বুকুতো যি সাঁচি ৰাখে উমাল দিনৰ সুৱাসিত কৰণি
৫.
কালিৰ ধুমুহাজাকে তনছন কৰি থৈ গ’ল মোৰ হেঁপাহৰ ফুলনি
ওৰেটো ৰাতি বুকুৰ মাজত কেতেকীৰ হিয়া ভগা বিননি
কালিৰ ধুমুহাজাকে তনছন কৰি থৈ গ’ল মোৰ হেঁপাহৰ ফুলনি
ওৰেটো ৰাতি বুকুৰ মাজত কেতেকীৰ হিয়া ভগা বিননি
ডেউকা কোবাই উৰি
অহা শৰালিজাক কেনিনো গ’ল কুঁৱলী ফালি
কবি :- ණ ৰৌচন আৰা বেগম ৷
No comments:
Post a Comment