Thursday, 16 February 2017

"মই শুভলক্ষ্মীয়ে কৈছো" কবি :- ණ জোনমণি গগৈ ৷

মই শুভলক্ষ্মীয়ে কৈছো

মই নাৰী ৷
মোৰ প্ৰথম চিনাকী ৷
অংগত শোভে মোৰ
সদ্য প্ৰস্ফোটিত
ফুলৰ পাহি ৷
নুচুবা এনেকৈ
মোৰ বুকুত
জীৰণীয়া মৌ
জৰায়ুত সৃষ্টিৰ
হাজাৰটা ঢৌ
জিলিকি থাকে মোৰ সত্বা জুৰি৷
লিৰিকি বিদাৰি কিনো পোৱা তুমি?
প্ৰাণৰ মহিমাত
চিঞৰি উঠো মই
সেই চিঞৰ নুশুনে কোনেও ৷
তোমাৰ কৰ্কশ হাতৰ আচোঁৰত
খণ্ডিত মোৰ যৌৱনৰ তংৰগৰাশি৷
স্বপ্নভঙ্গৰ তাড়নাত
চাটিফুটি মৰো মই ৷
আন্ধাৰবোৰে গিলি পেলাব খোজে মোক৷
লাহে লাহে বুজি উঠিলো
নিৰৱতা পৰিত্ৰাণৰ ভাষা নহয়
মই চিঞৰিলো দেহৰ জোৰে
হাজাৰজনে শুনিলে ৷
সততাৰ বিচাৰত
মোৰ বুকুত
নিৰ্ভয়তাৰে সাহসৰ জোৰ বান্ধিলে ৷
প্ৰতিবাদত উত্তাল হ'ল ৰাজপথ,
চহৰৰ অলিগলিবোৰ ৷
মুক্ত কণ্ঠে চিঞৰিলো
মই অপৰাজিতা
অন্যায়ৰ বিপক্ষে ৷
জুইফুলা বুকুবোৰেও
চিঞৰি উঠিল সমস্বৰে
প্ৰশান্তিৰ কোলাত
আবেগৰ চকুপানীয়ে
নিৰ্বাপিত হ'ল হৃদয় ৷
ঐক্যতাৰ প্ৰতিমূৰ্তি
লিংগভেদে ৷
সংস্থাপিত হওঁক
বুকুৱে বুকুৱে ৷
মই শুভলক্ষ্মীয়ে কৈছো
নুচুবা এনেকৈ
মোৰ দেহাটো
সাঁচি ৰখা সৃষ্টিৰ মণি মুকুতাবোৰ ৷৷৷৷

বি :- জোনমণি গগৈ ৷

No comments:

Post a Comment