Monday, 13 February 2017

অব্যক্ত,কবি :- ණ অনুৰাগ কাশ্যপ ৷

অব্যক্ত

এই এন্ধাৰখিনিৰ অদুৰত
মই মোক খেপিয়াই পাইছো শিক্ত মোৰ দুহাত
নিশাটোৱে যে নাজানে
ঝিলি এটাৰ বিষাদত মই শুৱ পৰা নাই৷
চন্দ্ৰাস্তৰ শেষৰ ক্লান্ত চকুযুৰি তোৰ
বৰ উদাস লাগে জান
তোৰ বাউলী চুলিত বান্ধি নথবিচোন ফাগুনক
ফাগুন মোৰ বুকুৰ বেচিজিল নিচান
তই সোনাৰুৰ হালধীয়া
আৰু মই ৰাতিৰ পানীপিয়া---
ফেঁচা এটাৰ সুৰত সুৰ থৈ
নিও-নিও পিও- পিও
নিশ্চুপ এন্ধাৰত হৃদয়ৰ কোলাহল
যি কোলাহলত উশাহ লোৱা নাই বহুদিন
মাথো হুমুনিয়াহেৰে বিনিময় কৰিছো হৃদস্পন্দন
কথা আছিল
সোনাৰু ফুলা বতৰত তই হালধীয়া পিন্ধিবি
মই সেউজীয়া সপোন হৈ বুৰাম তোৰ বিষন্ন চহৰ
তই দুচকু সেমেকাবি
ফাগুন হৈ নমাম চৌদিশে ৰঙৰ পোহাৰ
তোৰ শিমলুৰ কলিজাত
ভ্ৰমৰ হৈ দি যাম কমোৱা হোৱাৰ নিশ্চয়তা
ফাগুনৰ অনুজ্জ্বল পোহৰত
এতিয়া মদৰুৱা সেই পথৰ অৱশেষ
ধুলিত নিদ্ৰিত
শিমলুৰ প্ৰতিটো ৰক্তাভ কলিজা৷৷


বি :- অনুৰাগ কাশ্যপ ৷

No comments:

Post a Comment