Saturday, 11 February 2017

“মিতভাষ”(৫৯) ණ অংকুৰ শইকীয়া

 “মিতভাষ”(৫৯)
তেওঁ সেইবাটেৰে আহোতে
তেওঁ সেইবাটেৰে আহোতে ---- কোনে ৰিঙিয়াই মাতে ----- তেওঁ নাজানে কোনোদিনে ৷ তেওঁৰ কঁহুৱা বনৰ লুকা-ভাকুত উন্মাদ জাগি উঠে তেতিয়া ----- যাগৈ যা আবেলিটিয়ে শূণ্যতাৰ আবিৰ সানি যায় চৌপাশ ৷ তথাপি তেওঁ আশাৰে বৰশী বাই নিজানত ---- নকৈ জীপাল ধৰক বুলিয়ে এমোকোৰা সপোনে ৷ তেওঁ আচৰিত হয় ---- ছাঁটোৰ দৰে লাগি থাকি প্ৰতি খোজত তেওঁৰ অন্তৰৰ তেওঁ কি বিচাৰে ---- তেওঁ ঠিকনাহে বিচাৰে ---- তেওঁ উপলব্ধি কৰিছে অলেখবাৰ ---- সাঁজৰ বেলিৰ উশাহত কাৰ টোপাল টোপাল ঘাঁমে জিলিকি উঠে দিগন্তলৈ ?


অংকুৰ শইকীয়া ৷৷
(
১১.০২.২০১৭,আজিৰ এই পবিত্র দিনত মিতভাষৰ স্রষ্টা0 নগেন শইকীয়া দেৱলৈ ৭৯তম ওপজাদিনৰ আন্তৰিক শুভকামনা জনালো ৷)

No comments:

Post a Comment