Tuesday, 14 February 2017

"ফাগুন" কবি :- ණ জোনমণি গগৈ ৷

"ফাগুন"
ফাগুনে কি সানে
শুকান সৰাপাতত
নাজানো একোকে ৷
ৰঙা পলাশৰ বুকুত
ৰং চটিয়াই
প্ৰেমৰ খবৰ
কোনেনো দিলে?
বলীয়া ফাগুনক
সোধাছোন এবাৰ
চঞ্চলা এচাটি বতাহে
কাৰনো হিয়া জুৰাই ৷
ধূলিকণাৰ স'তে
ওমলি
'ত যে ধেমালী
ফাগুনে সানিলে ৰং
অভিমানী মনত ৷
ফাগুনে কি জানে
নাজানে একো
গুজি দিওঁ
ফাগুন
তোমাৰ দুহাতত ৷৷৷

বি :- জোনমণি গগৈ ৷

No comments:

Post a Comment