নিয়ৰ সৰা শব্দটো
ওভতি যোৱা ভালেমান দিন হ’ল৷
ওভতি যোৱা ভালেমান দিন হ’ল৷
ওৰে ৰাতি
সৰি পৰা পাতৰ কথোপকথন৷
সৰি পৰা পাতৰ কথোপকথন৷
তই ইমানো দুখ
নকৰিবিচোন আই
আমি গ’লেহে
তোৰ দেহলৈ সজীৱতা আহিব৷
ফেৰেঙনিৰ কাষৰ নুমলীয়া
কুঁহিপাতটোৱে
এবাৰ কান্দে, এবাৰ হাঁহে৷
আই ব্যস্ততাৰে তাইৰ কাষ চাপে৷
আমি গ’লেহে
তোৰ দেহলৈ সজীৱতা আহিব৷
ফেৰেঙনিৰ কাষৰ নুমলীয়া
কুঁহিপাতটোৱে
এবাৰ কান্দে, এবাৰ হাঁহে৷
আই ব্যস্ততাৰে তাইৰ কাষ চাপে৷
মদৰুৱা পাতটোৰ
মাতটো
বতাহত হেৰাই যায়৷
বতাহত হেৰাই যায়৷
কবি:-ණ ইন্দিৰা দিগন্ত ৷
No comments:
Post a Comment