Saturday, 18 February 2017

অপৰাজেয় মৃত্যু:কবি:-ණ পৰিমলা কোঁৱৰ

অপৰাজেয় মৃত্যু


যি মৃত্যুৰ দুৱাৰ দলিৰ পৰা ঘূৰি অহা নাই
যি মৃত্যুৰ সতে যুঁজা নাই
তেওঁ নুবুজে মৃত্যুৰ আশংকা
তেওঁ নুবুজে ধনহীন জীৱন
কি মায়াত আবদ্ধ
মই মৃত্যুৰ আশংকাৰ পৰা বহুবাৰ
উভতি আহিছো
দেউতাৰ মৃত্যুৰ পিচত
অৰ্থৰ অভাৱত আকাংক্ষা হেৰুৱাৰ দিনা
মাৰ মৃত্যুৰ পিচত নিৰাপত্তা হেৰুৱাৰ দিনা
আৰু সিদিনা অন্যমনস্ক হৈ গৈ থাকোঁতে
গাৰ এবেগেত দূৰত প্ৰচণ্ড জোৰে
ব্ৰেগ মৰা গাড়ীৰ শব্দত
মই সহজাত মৃত্যুলৈ গতি কৰা শৰীৰ
যন্ত্ৰণাৰ দলঙেৰে গতি কৰা দেখিছো
মনৰ পৰা শৰীৰটো ক্ৰমে আঁতৰি অহাও দেখিছো
মৃত্যক আহ্বান কৰি
মায়াত আৱদ্ধ হোৱা দেখিছো
মায়াত আৱদ্ধ হৈ মৃত্যুলৈ গতি কৰাও দেখিছো
মৃত্যুৰ সতে চিনাকীজনৰ জীৱনৰ প্ৰতি
মোহ থকা উচিত জানো
মৃত্যুৰ ভয়ত নিষ্কৰ্মা হৈ জপ কৰা উচিত
নে মৃত্যুৰ আশংকাক ত্যাগ কৰা উচিত
মই নাজানো
মই মাথো জানো মৃতদেহৰ জুইকুৰা কি নিৰ্বোধ
কি নিৰ্বাক ………হৃদয়হীন ।


বি:-ৰিমলা কোঁৱৰ

No comments:

Post a Comment