Friday, 10 February 2017

"অভিমান" কবি:- ණ নিৰুপমা ডেকা ৷

"অভিমান" 

অভিমান কৰি যিদিনা আতৰি গ'লা,
তোমাৰ পিছে পিছে বৈ গৈছিল
মোৰ মৰমৰ নিজৰা
উভতি যেতিয়া চালা
নৈৰ বুকুত নিজৰা বিলিন হোৱা দেখিলা
স্মৃতিবোৰ গভীৰতাত হেৰুৱা দেখিলা
মৰমবোৰে নিৰবে উচুপি ৰোৱা
কাহানিও চাগে নেদেখিলা
যিদৰে নাপাই উমান নাৱিকে
সাগৰ তলিৰ প্ৰচণ্ড বেগি সোঁতৰ
সেইদৰে তুমিও হৃদয়ৰ গভীৰত
সোঁত বোৱা ক'তনো দেখিবা !
অনুভূতিত মোৰ আজীৱন ব'বা
ভালপোৱাৰ জীয়াঢল হৈ
মনৰ চহৰত প্লাৱন নমাবা
জীৱন অশান্ত কৰিবা
প্ৰতিটো প্লাৱনত মনৰ বৃক্ষ উঘালিব
তথাপিও ধৈয্যৰ মূল শিপাডাল
গভীৰ মাটিত শিপাই আকৌ
এজোপা শীতল ছাঁ দিয়া বৃক্ষ থিয় দিব
এয়াই জীৱনৰ চৰম সত্য বুলি যিদিনা বুজিবা
অভিমানৰ প্ৰাচীৰ খন খহাই পেলাবা
কিন্তু তেতিয়া হয়টো বৃক্ষৰ
শুকাণ ডালত বহি থকা
বৃদ্ধ পখী এটাই মৃত্যুৰ ক্ষণ গনা পাবা.......

বি:- নিৰুপমা ডেকা


No comments:

Post a Comment