বেশ্যাৰ দেৱাল
আই !
তোলৈ সেউজীয়া এমুঠি আনিছো
দুহাতত দুমুঠি আছিলে
পিছে এমুঠিহে আনিলো
এমুঠি বেশ্যাৰ দেৱালত
ছটিয়াই দিলো
এতিয়া তাত বসন্ত নামিছে ;
মই ফাগুণ কিয় ৰৈ থাকো ?
জাননে তই
হালধীয়া বোৰে কষ্ট দিছিল তাইক
সেয়েহে পছোৱা হৈ
পলাসৰ জুই লগালো
শুকান বোৰ ৰঙা হ'ল
কষ্টবোৰ কোঙা হ'ল •••
আই !
বাটত আহোতে
লাওখোলা বোৰে
দাঁত নিকটাই আছিলে
হাঁহিছিল আমাৰ মগজুত গজা
অস্থায়ী দুবৰিবোৰ দেখি ••••
বহু বগালো আকাশী লতা হৈ
কিন্তু মেঘ ঢুকি নাপালো ,
এতিয়া আকাশো লুকাল
মোৰ সতে উতলি উঠা
ধূলিবোৰৰ আঁৰত ।
পাৰিলে
সেউজীয়ামুঠি
দেউতাৰ লঠঙা মূৰত সানি দিবি
কিজানি মেঘৰ চোলা পিন্ধি
তেওঁ ঘূৰি আহে
তোৰ বুকুত বেশ্যাৰ দেৱাল বিছাৰি ।
দেউতাৰ লঠঙা মূৰত সানি দিবি
কিজানি মেঘৰ চোলা পিন্ধি
তেওঁ ঘূৰি আহে
তোৰ বুকুত বেশ্যাৰ দেৱাল বিছাৰি ।
No comments:
Post a Comment