Sunday, 19 February 2017

আপোনাসৱ কুশলে আছেনে? -ණ খগেন সেন ডেকা



আপোনাসৱ কুশলে আছেনে?
মোৰ পিছে ভীষণ অসুখ ৷ অসুখটো মনৰ ৷
কবি নেৰুদাই তাহানি পি খাব খুজিছিল বনৰ সেউজীয়াখিনি ৷
বোধহয় নেৰুদাৰ পিয়াহ লাগিছিল
ভীষণ পিয়াহ
মানুহক সুন্দৰ কৰাৰ
সপোন দেখাৰ পিয়াহ ৷
মনত পৰেনে
কপিলাবস্তুৰ ৰাজপুত্ৰ সিদ্ধাৰ্থৰ কথা
ৰাজপদ নেওচি যে ওলাই আহিছিল
দুপৰ ৰাতি শেতেলীত এৰি থৈ
সংসাৰৰ মায়া,
সেইদিনা পতিহাৰা যশোধৰাই হয়তো দুহাতেৰে খেপিয়াই বাৰে বাৰে বিচাৰিছিল তেওঁক ৷ পিতৃস্নেহ বঞ্চিত ৰাহুলেও নিশ্চয় কান্দিছিল ফেঁকুৰি ফেঁকুৰি৷
শীল সদাচাৰ অহিংসাৰ মৰ্মবাণীৰে
সিদ্ধাৰ্থ বুদ্ধ হৈছিল
মানুহৰ মংগলময় ভৱিষ্যতৰ সপোন দেখিছিল তেওঁ ৷
লাহে লাহে দেখোঁ নোহোৱা হৈ আহিল নেৰুদাৰ পৃথিৱীৰ সেউজীয়াবোৰ ৷
হিংসাৰ ছিঙি ছিঙি জ্বলা জুইৰ লেলিহান শিখা দেখি বুদ্ধ হেৰাই গ'ল ক'ৰবাত
হয়তো উচুপি কান্দিছে নিৰলে লুকাই লুকাই ৷
নেলী কোকৰাঝাৰ গহপুৰ বৰ্কাজুলি
সকলোতে একেই ঘটনা
লাভালাভৰ অংকত ব্যস্ত
শাসক শোষক
পৰাস্ত হৈছে বিবেক
বাৰে বাৰে মৃত্যু ঘটিছে মানৱতাৰ
পৃথিৱীক ভালপোৱা হে সুহৃদসৱ
মোৰ অসুখ সেইটোৱে
আহক আমি সকলোৱে মিলি লগে ভাগে তাৰ প্ৰতিবাদ কৰোঁ ৷ হিংসাৰ জুয়ে পোৰা পৃথিৱীৰ বুকুত পুনৰ সাব্যস্ত কৰোঁ সেউজীয়াৰ অধিকাৰ ৷
বি:-গেন সেন ডেকা

No comments:

Post a Comment