"ভালপাওঁ বুলি নক'বা মিছাই"
তোমাৰ দৰে মোৰো
আছে
এখন হৃদয়…
ভালপোৱাৰ ৰঙেৰে ৰঙীন৷
ঠুনুকা
আলসুৱা…৷
এখন হৃদয়…
ভালপোৱাৰ ৰঙেৰে ৰঙীন৷
ঠুনুকা
আলসুৱা…৷
মিছাকৈ নক'বা ভালপোৱাৰ কথাবোৰ
হৃদয়খন ভাঙি চিৰাচিৰ হ'ব
তোমাৰ দৰেই…৷
যিদৰে কাৰোবাৰ কঠিন প্ৰতাৰণাত
তুমি ক্ষত বিক্ষত হোৱা ৷
হৃদয়খন ভাঙি চিৰাচিৰ হ'ব
তোমাৰ দৰেই…৷
যিদৰে কাৰোবাৰ কঠিন প্ৰতাৰণাত
তুমি ক্ষত বিক্ষত হোৱা ৷
তোমাৰ দৰেই মোৰো
সপোনবোৰ
পোখা মেলে
ভালপোৱাৰ আব্দাৰত ৷
সেই সপোনবোৰ ভাঙিব নিদিবা ৷
জানাইতো…
সপোন ভাঙিলে বৰ কষ্ট হয় ৷
পোখা মেলে
ভালপোৱাৰ আব্দাৰত ৷
সেই সপোনবোৰ ভাঙিব নিদিবা ৷
জানাইতো…
সপোন ভাঙিলে বৰ কষ্ট হয় ৷
নুজুখিবা হৃদয়৷
মৰমবোৰ উপচি আছে তাত
তোমাৰ দৰেই…
হানিখুচি বিছিন্ন নকৰিবা ৷
হয়তো তোমাৰ দৰে
ভালপোৱা একে নহ'ব পাৰে মোৰ
অথবা
প্ৰেম সম্পৰ্কে ধাৰণা ৷
নতুবা…
তোমাৰ দৰে
অগভীৰ
পাতলীয়াও নহ'ব পাৰে ৷
মৰমবোৰ উপচি আছে তাত
তোমাৰ দৰেই…
হানিখুচি বিছিন্ন নকৰিবা ৷
হয়তো তোমাৰ দৰে
ভালপোৱা একে নহ'ব পাৰে মোৰ
অথবা
প্ৰেম সম্পৰ্কে ধাৰণা ৷
নতুবা…
তোমাৰ দৰে
অগভীৰ
পাতলীয়াও নহ'ব পাৰে ৷
তুমি বিচৰা ধৰণে
ভালপোৱাৰ বাবে নালাগে
শৰীৰৰ ৰং
অথবা আকৃতি?
লাগে মাথো এখন
বিশাল হৃদয় …
য'ত ভালপোৱাবোৰ
থুপ খাই থাকে
তোমাৰ বা মোৰ দৰেই…
ভালপাওঁ বুলি নক'বা মিছাই
দুখবোৰ সহিব নোৱাৰি
তোমাৰ দৰেই ৷৷৷৷৷
ভালপোৱাৰ বাবে নালাগে
শৰীৰৰ ৰং
অথবা আকৃতি?
লাগে মাথো এখন
বিশাল হৃদয় …
য'ত ভালপোৱাবোৰ
থুপ খাই থাকে
তোমাৰ বা মোৰ দৰেই…
ভালপাওঁ বুলি নক'বা মিছাই
দুখবোৰ সহিব নোৱাৰি
তোমাৰ দৰেই ৷৷৷৷৷
কবি :- ණ জোনমণি গগৈ ৷
No comments:
Post a Comment