Thursday, 23 February 2017

উভতি যাওঁ -ভাষান্তৰ-কবি:-ණ খগেশ সেন ডেকা



উভতি যাওঁ

মৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে চিকমিকাই উঠিল
সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত
অমাৱস্যাৰ ৰাতি মাজে মাজে বৰষুণ ৷
মই ভৰা যমুনাত কালি এটা গৰ্ভৱতী জোন ডুব যোৱা দেখিছোঁ
যেন শ্যাম কানুৰ বাঁহীৰ পৰা চিটিকি ওলাই আহিছে
যেন অভাৱী সংসাৰৰ জ্বালাত ক'ব পাৰি
গৃহত্যাগী ৰমণীৰ আত্মহত্যা ৷
পুনৰ মিছিল শ্লোগান জাগ্ৰত ভিক্ষুক বিয়াৰ সজোৱা গাড়ী
গাড়ী ভৰ্তি পুৰুষ মহিলা ৰেডিঅ'ত মাহফুজা আখতাৰৰ ৰবীন্দ্ৰ সংগীত
ধূলি ভৰ্তি ৰুটি সেকা চৌকা
অভিনেত্ৰীৰ নগ্নদেহ পৰিয়াল পৰিকল্পনা চিটা লওক কলেৰা বসন্তৰ
দৰকাৰী বিজ্ঞাপন অতিক্ৰম কৰি গৈছিলোঁ
ৰেল ধৰিম ৰাতি দহ বজাত
মৃতসকলে মোৰ সতে যোগ দিলে, গীত গালে অকস্মাৎ
অতলান্ত পানীৰ উদৰ ভেদি জপিয়াই উঠিল মাছ যেন শব্দ হ'ল পকা চপৰা দলিওৱাৰ
কোনোবা আছিল মাতাল নিয়ন্ত্ৰণহীন প্ৰেমিক জুৱাৰী মন্ত্ৰী অশ্বাৰোহী সৈনিক আততায়ী নামাজী কৃষক সমাজকৰ্মী বেশ্যাৰ দালাল পুঁজিপতি
ৰেল ধৰিম, ৰূপনাৰাণৰ তীৰলৈ
মই ভুৱনডাংগাৰ অধিবাসী
কাল ব'হাগৰ ধুমুহাত ঠিক মৰ গধূলি বেলা পুখুৰীৰ পানীত
মোৰ অনুজৰ
মৃত্যু হৈছিল
আব্বাজান তেতিয়া মছজিদত মা ক'ত যেন ছাগলী বিচাৰি ঘূৰি ফুৰিছিল
জালুকনিত পোৱা গৈছিল এটি অকণমানি ব্লাউজ মোৰ সহোদৰাৰ
পিছদিনা ৰাতিপুৱা ৷
মই এতিয়া মৃতসকলৰ সংগী
অথবা মৃতসকল মোৰ
সুধিলোঁবৰ্তমান পৰিস্থিতি কেনেকুৱা
নিমখৰ কিলো কিমান মাছ কি উধাও
তেল কি পোৱা যায় ঠিক মতে কাপোৰ কি ভাৰত ৰাছিয়াৰ পৰা আমদানি কৰা হয়?
মৃতসকল ঘূৰি থিয় হ', আগুৰি ধৰিলে মোক
আহিছিলোঁ ৰূপনাৰানৰ তীৰলৈ
ভালেই আছোঁ, ভালেই আছিলোঁ
তাত কোনো ক্ষমতাৰ ৰাজনীতি দ্বন্দ্ব অথবা বুভুক্ষুৰ চিন্তা আৰু চিৎকাৰ নাই এতেকে
উভতি যাওঁ ৷
বাংলাদেশৰ কবি দাউদ হাইদৰৰ কবিতা
ভাষান্তৰ-বি:-খগেশ সেন ডেকা ৷

No comments:

Post a Comment