Wednesday, 15 February 2017

বুকুত এজাক ধুমুহা:কবি :- ණ বিপুল কলিতা

বুকুত এজাক ধুমুহা
(
তিনি)
কোন বাটে গলে
ঢুকি নাপাম ঈশ্বৰহীন আকাশ
এন্ধাৰেও নিপিন্ধে কেঁচুৰসাল পোছাক
শব্দাহাৰত সজীৱ মাথো প্ৰেমৰ আলাপ
আধিয়াৰ খেতিয়কৰহে হাত
সোনোলী শইচে পাহৰে সেউজ প্ৰলাপ
দুভৰি হলেই যেনিবা মুকলি
মালিকাধীন জিভা
শৃংখলিত মগজু
সৰ্বত্ৰে মূৰত স্পৰ্শে সৰ্পীল হাত
এতিয়া
মইটো মোৰ নহয়
মোৰ মইটো অন্ধও নহয়
নহয় মোৰ হৈ নথকা মইটো বিকলাংগ
অক্ষম নহওঁ কাৰণেই
সেউজীয়া হৈ বুকুৰ বিষটো
ক্ৰমে অনুক্ৰমে হালধীয়াৰ পৰা ৰঙা হয়

বি :-  বিপুল কলিতা ৷

No comments:

Post a Comment