Monday, 13 February 2017

মানুহ, :- ණ খগেন সেন ডেকা ৷

মানুহ

তোমালোকে বিশ্বাস কৰানে মোক !
যন্ত্ৰণাৰ দুৰ্গম হিমালয় গছকি
পাৰ হৈ আহিছোঁ বহু অৰ্বুদ যোজন পথ ৷
সভ্যতাৰ আদিম পুৱা
হৰপ্পাৰ ৰাজপথ ঘামেৰে তিয়াই
খুপি খুপি বগাই আহিছোঁ
স্কাইস্ক্ৰেপাৰৰ মোজায়েক ছিৰি,
নীলৰ অৱবাহিকাত ল'ৰাৰজা টুটেনখামেনৰ পিৰামিডৰ অন্ধকাৰ দেৱাল খামুচি
পেৰেষ্ট্ৰ'ইকাৰ পিৰালিলৈ
হেজাৰ বছৰ ধৰি কঢ়িয়াই ফুৰিছোঁ
স্বৰ্গদেউৰ কেকোঁৰা দোলাৰ ভাৰ ৷
তোমালোকে বিশ্বাস কৰানে মোক !
পাৰ হৈ আহিছোঁ বহু অথাই সাগৰ
সিন্ধুৰ ওভতা সোঁতত চিলনী সাঁতোৰ দি
আমাজানৰ হাবি কাটি ফুলবাৰী পাতি
সাজি দিছোঁ মৰুদ্যান চাহাৰাৰ তপত বালিত;
বেবিলনৰ ওলমা কানন
ফুলি সৰি নিতৌ মৰহে য'
সভ্যতাৰ সতেজ গোলাপ,
চীনৰ অলংঘ্য প্ৰাচীৰ,
আগ্ৰাৰ মৰ্মৰ সৌধ,
লালকিল্লাৰ ইটাৰ খাজত
লিপি থৈছোঁ দুহাতৰ ৰঙা ৰঙা তেজ ৷
এদিন ময়ো ভাবিছিলোঁ
পৰীৰ দেশলৈ যাম শুকুলা ঘোঁৰাৰ পিঠিত,
যাদুকৰী সোণৰ কাঠিৰে চুই চাম চাইকীৰ
লাৱনী কোমল দেহ;
কিন্তু হায়!
নোৱাৰিলোঁ হ'ব পাৰ বাণৰ অগ্নিগড়,
কাহানিও নাপালোঁ দেখা ঊষাৰ মোহিনী মুখ
মাধৱী কুঞ্জৰ আঁৰত শকুন্তলা-মিলন!
চগাৰ পাখিৰ দৰে অতনু শৰীৰ মোৰ
মাথোঁ আধাপোৰা হ'ল ৷
মইতো নুবুজো হায় দোপাকী তেপাকী কথাৰ মোৰ,
মুখ মেলিলেই জিভাত পৰেহি দেখোঁ
তপত সীহৰ জোল ৷
এৰি অহা আলি কেঁকুৰিত
কোনে জানো ৰৈ ৰৈ আজিও উচুপে,
'ত মোৰ ঘনশ্যাম তলাতল খনিকৰ
'ত তাৰ উলি,
দিহিঙৰ ঘাটে ঘাটে
আইতাই আজিও বিনায়-
উলি তামোলৰে পুলি
বৰদৈয়া মুখতে নাহৰক কাটিলে
ওলোমাই পেলালে চুলি ৷

বি :- খগেন সেন ডেকা ৷

No comments:

Post a Comment