সুখ দুখবোৰ আছে
বাবেই
দুখবোৰ আছে বাবেই
সুখৰ সন্ধান
সুখবোৰ সপোনৰ বাট
সপোন আছে বাবেই জীৱন সুন্দৰ
পোৱা নোপোৱাক নেওচি
সুখবোৰ সপোনৰ বাট
সপোন আছে বাবেই জীৱন সুন্দৰ
পোৱা নোপোৱাক নেওচি
উদাস আকাশত মেঘৰ
বৰষুণ টোপাল টোপাল ।
সৰুতে আইয়ে
শিয়ালীয়ে নাহিবি ৰাতি
যি সুৰৰ মূৰ্চ্ছনা কাণত উনাই দিছিল
থাওকতে শিয়ালটোৰ পিছে পিছে লৌৰি
ৰতনপুৰ পাইছিলো গৈ
টঙীঘৰত বহি হুৰ হুৰ বতাহ চৰাই খেদি
জীৱনৰ উমাল হেঁপাহ
মায়াসনা আশা ।
ফটাকানিৰ দৰা কইনা
ৰজা ৰাণীৰ ৰাজপ্ৰসাদ
শৈশৱৰ আছিল সপোনৰ ভোগজৰা ।
যি সুৰৰ মূৰ্চ্ছনা কাণত উনাই দিছিল
থাওকতে শিয়ালটোৰ পিছে পিছে লৌৰি
ৰতনপুৰ পাইছিলো গৈ
টঙীঘৰত বহি হুৰ হুৰ বতাহ চৰাই খেদি
জীৱনৰ উমাল হেঁপাহ
মায়াসনা আশা ।
ফটাকানিৰ দৰা কইনা
ৰজা ৰাণীৰ ৰাজপ্ৰসাদ
শৈশৱৰ আছিল সপোনৰ ভোগজৰা ।
তেজৰঙী পলাশ শিমলু
,ফাগুনৰ পচোৱা বা
আইয়ে ক'লে নেজাবি নেজাবি
এইবোৰ বাউলি বতাহ
নাসাজিবি নাসাজিবি চকৰি ,চিলা
খিৰিকীৰে জুমি চা ।
আইয়ে ক'লে নেজাবি নেজাবি
এইবোৰ বাউলি বতাহ
নাসাজিবি নাসাজিবি চকৰি ,চিলা
খিৰিকীৰে জুমি চা ।
জীৱনৰ সন্ধানত
জীৱন বিচাৰি
সুখতে দুখ ,দুখতে সুখ
একোলা -দুকোলাকৈ বাঢ়ি আহে
এৰাব নোৱাৰাকৈ পুৰণি অসুখ ।
সুখতে দুখ ,দুখতে সুখ
একোলা -দুকোলাকৈ বাঢ়ি আহে
এৰাব নোৱাৰাকৈ পুৰণি অসুখ ।
No comments:
Post a Comment