আখৰুৱাৰ ধাৰাবাহিক
উপন্যাস
(৭)
আশাবোৰো নিশ্চয়কৈ
এনেকুৱাই চাগৈ.... য’ত বন্দী হৈ ৰয় আমাৰ দিন-প্ৰতিদিন | প্ৰতিটো নিশা আমি কামনা কৰো ৰাতিপুৱাৰ
কোমল সূৰুযলৈ আৰু ৰাতিপুৱা হেঁপাহ কৰো এটি মংগলময় দিনৰ..... আশাবোৰক বৰ হেঁপাহেৰে প্ৰতিপালন কৰা হয় বাবেই নেকি, জীয়াই থাকিবলৈ আগ্ৰহ জন্মে.... অৰ্থৱহ হৈ পৰে জীৱনটো....
অথচ আশাবোৰ পূৰণ হয় ক্ষণিকৰ বাবেহে..... যাক কিমান
যে হেঁপাহেৰে আতোল-তোলকৈ ৰাখি থোৱা হয়....কোনোৱে স্পৰ্শ কৰিব নোৱাৰাকৈ...
" য়াদো ম্যে উন বাতো ম্যে
জীৱন কে ৰংগ বৰছতে হ্যেয়
খুচী কে ৰংগ লায়ী হ্যেয় ঘড়ীয়া
খুচী কে ৰংগ চে সজী হ্যেয় দুনীয়া..... " ৰাগিণী
"এছিয়ান পেইণ্টৰ" বিজ্ঞাপনৰ বাবে
সুৰেশ ৱাডেকাৰে গোৱা গীত এয়া | গীতটো পখীৰ খুবেই প্ৰিয়, গীতটোৱে তাইক সুখী কৰি তোলে, আনন্দমুখৰ পৰিবেশ এটালৈ লৈ যায় তাইক | সিঁহতৰ ক’লা-বগা সৰু
টিভিটোত তাই ৰং কি সেইবোৰ দেখা নাপায় যদিও অনুভৱ কৰিব পাৰে সুখী হোৱা মানুহখিনিৰ
আবেগখিনিক | বিজ্ঞাপনৰ দৰে এইকেইদিন পখীহঁতৰ ঘৰতো বহু মানুহৰ সমাগম | গাঁওৰ ঘৰৰ পৰা আতা আহিছে, খুড়ীমা, জেঠীমা, ডাঙৰ পিতা....
আনকি তাইৰ ঋষি দাদাও আহিছে ক্লাছ বাদ দি সুদুৰ শিলচৰৰ পৰা | ঋষি ইঞ্জিনিয়াৰিং পঢ়ি আছে শিলচৰত | আহোতে, যাওতে খুব কষ্ট হয় তাৰ | ৰাস্তা ঘাট অতিপাত বেয়া | ২৮-২৮ ঘণ্টালৈকে সময় লাগে ঘৰলৈ আহিবলৈ | তথাপিও আহিছে সি একমাত্ৰ ভনীয়েকজনীৰ বাবে ! খুব কম কথা কয়
ঋষিয়ে, ভালদৰে বুজাবও নাজানে তাৰ মৰমখিনি | কিন্তু পখীয়ে বুজি পায় তাৰ আদৰখিনি, চিন্তাখিনি, সেয়েহে তাৰ প্ৰতি তাইৰ মৰমৰ লগতে আছে
এসোপামান সমীহভাৱ | ঋষিয়ে বুজি পায় দেউতাকৰ কষ্টখিনি, যদিওবা দেউতাকে যথাসাধ্য চেষ্টা কৰে সেইখিনি লুকুৱাবলৈ | সিঁহতৰ উচ্চ শিক্ষাত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবেই অধ্যাপক কাশ্যপে আজিলৈ নিজাকৈ ঘৰ এটা
সজাৰো পৰিকল্পনা কৰা নাই | ঋষিয়ে বুজি পায় দেউতাকৰ সীমিত আয়েৰে দুটাকৈ ল’ৰা-ছোৱালীক হোষ্টেলত ৰাখি বিজ্ঞান শাখাত পঢ়ুওৱাটো কিমান কষ্টকৰ..... হয়তো সিঁহত
দুটাৰ বাবেই দেউতাকে নিজৰ গৱেষণাৰ কামো পিছূৱাই গৈ আছে, এটা বছৰৰ পিছত আনটো বছৰলৈ | ঋষিয়ে ভাবে, অহা বছৰলৈ সি চাকৰি পালেই দেউতাকক জোৰ কৰিব পি এইছ ডি ৰ কাম আৰম্ভ কৰিবলৈ
| সি জানে, দেউতাকে বহু কাম আগবঢ়াই ৰাখিয়েই থৈছে সম্পূৰ্ণ নিজা উদ্যোগত
| সেয়ে তেওঁ দুই বছৰমানৰ ভিতৰতেই শেষ কৰিব পাৰিব গৱেষণাৰ কাম | তাৰ পিছত সি এম টেক কৰিব | সিও বিচাৰে দেউতাকৰ দৰে শিক্ষক হ’বলৈ | ঋষিয়ে লাঘৱ কৰিব বিচাৰে দেউতাকৰ কষ্টখিনি, কাৰণ সি জানে দেউতাক কিমান ইচ্ছুক উচ্চ শিক্ষাৰ প্ৰতি | ৪৬ বছৰীয়া দেউতাকে আজিলৈ স্কুটাৰ এখনকে ল’ব নোৱাৰিলে | পখীৰ যে কিমান হেঁপাহ টিভিত দেখুৱাই থকা " হামাৰা বাজাজ" খনত উঠি চহৰখন
ঘূৰি ফুৰিব! ককায়েকক তাই সদায়েই কয়, "দাদা, চাকৰি পালে তই দেউতাক স্কুটাৰ কিনি দিবি দেই |" ঋষিয়ে হাঁহে | আজলীজনীয়ে সংসাৰৰ
একো আও ভাও নাপায়... থাকক তাই তেনেকৈয়ে নিস্পাপ হৈ থাকক ! অলপ জনা বুজা হোৱাৰ পৰা ঋষিৰ মনত এটা ধাৰণাই ঠাই
লৈছে যে গাঁওৰ মানুহে বেছিভাগ সময়তে ভাবে যে চহৰত থকা
মানুহৰ দুখ নাথাকে, অভাৱ-অনাটন নাথাকে, বেমাৰ-আজাৰ নহয়
চহৰৰ মানুহৰ | বেমাৰ-আজাৰ, অভাৱ-অনাটন যেন গাঁও অঞ্চলত বাস কৰা মানুহৰ পৈত্ৰিক সম্পত্তি
!
দীপুৰ দেউতাক
শ্ৰীযুত বিপুল শৰ্মা একাৰ্থত ভদ্ৰলোক | খুব কষ্টৰে ডাঙৰ হোৱা মানুহজন ৰেল বিভাগত মোটামুটি ভাল চাকৰিয়েই কৰে | নিজৰ গাঁওৰ তেওঁ প্ৰথমজন গ্ৰেজুৱেট আছিল | ৰেলৱেত চাকৰিত সোমোৱাৰ পিছত তেওঁ নিজৰ
সীমিত আয়েৰে তিনিজনী ভনীয়েকক বিয়া দিলে, অলগৰ্ধ একমাত্ৰ ভায়েকটোক খুটি খাব পৰাকৈ
উপযুক্ত কৰি তুলিলে | কিন্তু ? তেওঁ আজিও বিয়া দিয়া ভনীয়েক কেইগৰাকীৰ সাত-আঠটা ল’ৰা ছোৱালীৰ দায়িত্ব ল’ব লগা হয়, লগতে ভায়েকৰ ল’ৰা-ছোৱালীৰো | তেওঁৰ একমাত্ৰ অপৰাধ, তেওঁ চৰকাৰী চাকৰিয়াল | চহৰত থাকে, তেওঁৰ অভাৱ কিহৰ ? অৱস্থাপন্ন ঘৰৰ বিবাহিতা ভনীয়েকহঁতৰ স্বামীবোৰ চাকৰিয়াল নহয় বাবেই
ককায়েকৰ ওচৰত ওজৰ আপত্তি | ঋষিয়ে জানে, বুজে,অনুভৱ কৰে, দীপু অঘাইটং, খটাসুৰ যদিও অতিপাত সংবেদনশীল ল’ৰা | সি জানে বিজ্ঞান শাখাত পঢ়া মানে অভাৱী
দেউতাকক উপৰঞ্চি বোজা জাপি দিয়া | ভাই ভনী দুটাও
তেনেই সৰু হৈ আছে | মন তাৰো আছিল বিজ্ঞান পঢ়াৰ, দেউতাকক ক’লে তেওঁ কষ্ট কৰি হ’লেও পঢ়ালেহেঁতেন কিন্তু সি কেতিয়াও সেইখিনি মুখ খুলি নক’লে দেউতাকক | মাক-দেউতাকৰ মনত সদায়েই সি অঘাইটং হৈয়েই
থাকক .... নালাগে তাৰ মনৰ কথাবোৰ তেওঁলোকে জানিব, দুখ পাব.....
............................................................................................................................................................................................................................................
............................................................................................................................................................................................................................................
আজি ৰাতিটো শেষ হ’লেই পখী যাবগৈ চহৰখন এৰি, বহুদিনলৈ | এৰা পৰি যাব বহু কিবা-কিবা | এই লগ সমনীয়া, স্কুলখন, ছাৰ-বাইদেউসকল, তাইৰ ঝুলনাখন, বিছনাখন, ফুলনিখন, কিতাপৰ আলমাৰীটো, এই চিনাকি আলিবাট, চিনাকি সুবাস, সকলো.... আজি দিনত তাই টাউন হ’ললৈ গৈছিল মাক দেউতাকৰ লগত | সম্বৰ্দ্ধনা
জনাইছিল তাইক জিলাৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ নম্বৰ পাই
উত্তীৰ্ণ হোৱাৰ বাবে | গণি গণি মাত্ৰ ২৩ জনে জিলাখনৰ ভিতৰত প্ৰথম বিভাগ পাইছিল |মাক-দেউতাক, পেহী, পেহাকক গামোছা পিন্ধাওতে, সিঁহতৰ চকুবোৰ সেমেকি উঠিছিল আনন্দত | ৰাজ্যৰ ভিতৰত অংক আৰু ঐচ্ছিক অংকত সৰ্বোচ্চ নম্বৰ পোৱা পাপিয়াৰ মাক দেউতাকক
সম্বৰ্দ্ধনা জনাওতে পাপিয়াই কিন্তু কান্দি দিছিল | পাপিয়া! বহু কিবা কিবি মনত পৰি গৈছিল পখীৰ | তাইয়ো যাব গুৱাহাটীলৈ........ পাপিয়াই কাকো মাত লগোৱা নাছিল, না তাইক, না দীপুক , কিন্তু ভৰি চুই সেৱা কৰিছিল দীপুৰ মাক দেউতাকক | চিনাকি কৰি দিছিল নিজৰ মাক-দেউতাকৰ লগত | পখীয়ে মন কৰিলে চকু তিতি আছিল পাপিয়াৰ যেতিয়া তাই দীপুৰ দেউতাকৰ ভৰি চুইছিল | জানো কি আছিল তাইৰ মনত? আক্ৰোশ নে কৃতজ্ঞতা ? উত্তৰ হয়তো সময়ে
দিব.....
ঘৰলৈ অহাৰ পিছত
তাইৰ হাতত পৰিছিল এটা পাৰ্ছেল | অনুৰাগৰ | এখন চিঠি আৰু এখন কিতাপ খুচৱন্ত সিংৰ " ট্ৰেইন টু পাকিস্থান" | কিতাপ পাগল পখীয়ে কিতাপখন এফালে ঠেলি
চিঠিখন মেলিলে | শুভকামনা জনাই লিখা চিঠি, লগতে এসোপামান উপদেশ |উপদেশ দিয়াত অনুৰাগ খুবেই ভাল | একদম ঋষিদাদাৰ দৰে | কেতিয়াবা অনামী দুখ আৰু বেজাৰে আৱৰি ধৰে পখীক | কি দুখ, কিহৰ বাবে এই দুখ
নাজানে তাই | বুকুখন বহি যায়..... চিঠিখনৰ শেষ অংশত ৰৈ গ’ল পখী... " সোনকালেই লগ পাম "..... আকৌ এবাৰ
পঢ়িলে শাৰীটো, ঠিকেই দেখিছে নে তাই ? কেইবাবাৰো পঢ়িলে তাই শাৰীটো.... লগ পাব
তাই অনুৰাগক, সোনকালেই... বুকুখন জীপাল হৈ গ’ল তাইৰ অনুৰাগৰ প্ৰথম চিঠিখন অহাৰ ১১২৩ দিন পিছত অনুৰাগে লিখিছে " সোনকালেই লগ
পাম...."... কিয় ভৰি আহিল বাৰু পখী মনটো ? প্ৰেম এনেকৈয়ে আহে নেকি সংগোপনে ? কেতিয়া অজানিতে পৰি গ’ল তাই অনুৰাগৰ প্ৰেমত...... আধাঘণ্টা আগলৈকে কলেজ, হোষ্টেল, ৰেগিংৰ কথা ভাবি ভয়ত পেঁপুৱা লাগি থকা ছোৱালীজনীৰ কিয়বা এনে লাগিল যেন অহাকালিৰ
পৰা তাইৰ আৰু অনুৰাগৰ মাজৰ ব্যৱধান ২০০ কি:মি কমি যাব | মৰমেৰে কিতাপখন লিৰিকি বিদাৰি চালে তাই | সাহসেৰে, আশাৰে নতুন
উদ্যমেৰে গুৱাহাটীলৈ যাবলৈ সাজু হ’ল তাই | তাইৰ ভাগ্য লিখিব চহৰখনে | বৰ আশাৰে বাট চাই ৰ’ল তাই ৰাতিপুৱালৈ....
ক্ৰমশ:
( প্ৰথম অধ্যায় সমাপ্ত)
ණ সুস্মিতা দাস ৷
No comments:
Post a Comment