Saturday, 11 February 2017

"মুখা " কবি :- ණ দুলাল হাজৰিকা ৷

মুখা


শীতল মস্তিষ্কৰে সযতনে সজা মুখাবোৰ
আমি মন গলেই পিন্ধি লওঁ
মুখতকৈ মুখা সদায় মসৃণ,
সহজে গঢ়িব পাৰি বিশ্বাসৰ সৌধ
দ্ৰোণাচাৰ্য্যৰ মুখাত আঙুলিৰ তেজ
হৃদয়ে কথা কলে মুখাও সুলকি পৰে
ৰজাৰ মুখাত ৰামৰ সন্দেহৰ মুখ
পৰিলনে খুলি?
নিজৰ কাৰণে মুখাৰ আঁৰৰ মুখবোৰেই আপোন
অৱশ্যে মুখা নাথাকিলে মানুহৰো নাথাকিব অস্তিত্ব
হিংস্ৰ মুখবোৰেও দেখোন গিলিব খোজে পৰস্পৰক
কোনটো সঁচা ? মুখ নে মুখা
মুখাৰ আঁৰত হেৰায় মুখ

বি :- দুলাল হাজৰিকা ৷

No comments:

Post a Comment