Saturday, 18 February 2017

"অসমীয়া ভাষাৰ কেতবোৰ সৰু সৰু কথা" ණ খগেন সেন ডেকা

"অসমীয়া ভাষাৰ কেতবোৰ সৰু সৰু কথা"
অসমীয়া ভাষাৰ -টো, -খন, -জন আদিক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি ধৰা হৈছে যদিও, ইংৰাজী a, an, the-তকৈ এইবোৰ কিছু সুকীয়া প্ৰকৃতিৰ ৷ অসমীয়াত এই প্ৰত্যয়বোৰক শ্ৰেণী নিৰ্দেশক (classifier) বুলিলেহে অধিক ৰজিতা খায় ৷ ইহঁত ৰূপ সাপেক্ষ, অৰ্থাৎ ৰূপ বা শব্দ অনুসাৰে ইবোৰৰ প্ৰয়োগ ভিন ভিন হয় ৷ উদাহৰণ স্বৰূপে ইংৰাজীত একেই পানীৰ আধাৰসূচক নৈ, পুখুৰী, হ্ৰদ, সাগৰ আদিত নিৰ্দিষ্টকৈ বুজাবলৈ আগত the লগ লগাব লাগে ৷
The river
The pond/tank
The lake
The sea.
অসমীয়াত কিন্তু ৰূপ অনুসাৰে ভিন ভিন প্ৰত্যয়ৰ সংযোগ ঘটে ৷ নহ'লে ভুল হয় ৷ যেনে-
নৈখন বা নদীখন
নিজৰাটো
জুৰিটো
জানটো
পুখুৰীটো
বিলখন
হ্ৰদটো
সাগৰখন ৷
অসমীয়াৰ এই স্বকীয়ত্ব আন ভাষাত বিৰল ৷ আকৌ -জন-ৰ ব্যৱহাৰৰো সীমাবদ্ধতা আছে -জন সাধাৰণতে মান্যাৰ্থত প্ৰয়োগ হয়, যেনে-মানুহজন ৷ কিন্তু গৰুজন নহয় ৷ চোৰ, ডকাইতক ইতৰ শ্ৰেণীৰ বুলি ধৰা হয় ৷ সেইবাবে তাৰ লগত -জন নিলিখি -টো লিখা উচিত ৷ স্ত্ৰীবাচক -জনী কিন্তু মানুহৰ উপৰি ইতৰ প্ৰাণীৰ ক্ষেত্ৰতো প্ৰয়োগ হোৱা দেখা যায়, যেনে-মানুহজনী, গৰুজনী ৷
দীঘল গোটাসজীয়া বস্তুৰ ক্ষেত্ৰত টো-ৰ সলনি -ডাল ব্যৱহাৰ কৰা বিধেয়, যেনে-বাঁহডাল, বাঁহটো নহয় ৷ দীঘল চেপেটা বস্তু হ'লে -পাট, যেনে-ব'ঠাপাট ৷ -ডাল আৰু -পাট গালি অৰ্থতো প্ৰয়োগ হয়, যেনে- মানুহডাল, 'ৰাপাট ৷
চাইকেলটু, জোতাখন আদি অশুদ্ধ ৰূপ ৷
এই শ্ৰেণীৰ প্ৰত্যয়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন নকৰিলে ভাষাটোৰ মৰ্যাদা হানি হয় ৷
গেন সেন ডেকা 

No comments:

Post a Comment