আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পৰ্যালোচক : ড° ৰৌচন আৰা বেগম
পুনৰীক্ষণ (৪৪): ৮-১৫ জানুৱাৰি, ২০১৭: দ্বিতীয় খণ্ড
পৰ্যালোচক : ড° ৰৌচন আৰা বেগম
পুনৰীক্ষণ (৪৪): ৮-১৫ জানুৱাৰি, ২০১৭: দ্বিতীয় খণ্ড
কবিতাৰ চর্চা
কৰিবলৈ ভালপোৱা এচাম মানুহৰ মাজৰ এজন হিচাপে, আখৰুৱাৰ ‘পুনৰীক্ষণ’ শিতানৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ কবিতাসমূহৰ
পর্যালোচনা আগবঢ়াবলৈ লৈছোঁ। এইখিনিতেই এটা কথা
উল্লেখ কৰিবলৈ বিচাৰিছো যে, মাজে সময়ে আমি দুই এটা কবিতা লেখাৰ প্রয়াস কৰিছো ঠিকেই, কিন্তু কবি হ’বগৈ পৰা নাই। তাতে, মহাবিদ্যালয়ত পঢ়ি থকা কালত সাহিত্যৰ ছাত্রী
নাছিলো, সেয়ে কবিতা সম্পর্কে খৰচি মাৰি বৈয়াকৰণিক শিক্ষা লোৱা নহ’ল। সেই শিক্ষা লোৱাহেঁতেন ফুলিলেহেঁতেন কিজানিবা আগচোতালত আমোলমোল
সেউতি-তগৰ-চম্পা-বকুল। সৌভাগ্যক্রমে আইৰ
পেটত থাকোতেই মুখৰ ভাষাকণ শিকি পেলাইছিলোঁ। তাৰেই সিজাইছো আজি দুই-এটা শব্দ। আপোনাসবৰে স'তে ভগাইছো। দুখে-সুখে জুতি লৈছোঁ। দেহা-মন জুৰ পেলাইছোঁ।
সংবেদনশীল প্রতিজন ব্যক্তিৰ অনুভূতিৰ সূক্ষ্মতম প্রকাশেই হৈছে কবিতা। আজিলৈকে পৃথিৱীৰ ক’তো কোনেও কবিতাক এটা নির্দিষ্ট সংজ্ঞাৰ মাজত আৱদ্ধ কৰিবগৈ পৰা নাই। কবিতাৰ সংজ্ঞা কবিৰ নিজস্ব আৰু মনৰ ধী-শক্তিৰ সৈতে সম্পর্কিত। মানুহৰ সুখ-দুখ, হাঁহি-কান্দোন, আনন্দ-বিষাদৰ মাজত নিজকে বিলীন কৰিব পৰাতেই এজন কবিৰ কৃতিত্ব। আমাৰ হৃদয়ক পৰিপুষ্টিৰ যোগানৰে সযতনে ৰাখিবপৰা ক্ষমতা কবিতাৰ মাজতহে আছে। যেতিয়াই মনোমোহা কবিতা এটাত বুৰ গৈছো, এটা কথা উপলদ্ধি কৰিছো যে আমাৰ পৰিচিত শব্দবোৰ, যিবোৰ শব্দৰ ব্যৱহাৰৰে আমি ভাৱৰ আদান-প্রদান কৰো সেই একেবোৰ শব্দই এক অনন্য ৰূপত ধৰা দিয়েহি আমাক কবিতাত, আমি মন্ত্রমুগ্ধ হৈ পৰো। লেখকসকল যেন একো একোজন গণিতজ্ঞহে। সহজ-সৰল শব্দৰ ব্যৱহাৰেৰে সজোৱা একোটি বাক্যৰে অতি সাধাৰণ ভাবে জটিলতা নৰখাকৈ একোটিহঁত সত্যৰ উন্মোচন কৰে কবিতাত।
এই ক্ষেত্রত মন কৰিবলগীয়া কথাটো হৈছে, অনুভূতি প্রকাশৰ সময়ত যাতে বহুলভাবে ব্যৱহৃত শব্দই, অর্থৰ গুৰুত্ব অর্থাৎ ওজন হ্রাস কৰিব নোৱাৰে তাৰ প্রতি যত্নপৰ হ’ব লাগে। কবিতা সম্পর্কীয় লেখনিসমূহ নতুনকৈ চর্চা কৰাসকলে গুৰুত্বপূর্ণ ভাবে চকু দিয়া উচিত। এটা ভাষাৰ কাব্যিক উন্নতি, যুৱ কবিসকলৰ নিজা ভাষাৰ ক্ষেত্রত থকা দখলৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ ড: হীৰেন গোঁহাই চাৰৰ ভাষাৰে কওঁ, কবিতাত নতুন লেখকৰ অভিনৱ অনুভূতি আৰু উপলব্ধিয়ে বিজুলিয়াই থৈ যায় যদিও,বেছিভাগতে আমনি লগা পুনৰাবৃত্তি,যান্ত্ৰিক নিৰ্জীৱতা, বহু ব্যৱহৃত বাক্যাংশৰ বোজা আৰু অসাৱধান তথা অসফল পৰীক্ষাহে চকুত পৰে। ফলত, কেৱল হৃদয়ৰ ঐশ্বৰ্যৰে কবিতাৰ বেদী ওপচাবলৈ চেষ্টা কৰাহে হয়গৈ। হৃদয়ৰ তাগিদাতে কবিতা লিখা হয় যদিও কেৱল হৃদয়কে নিৰ্ভৰ কৰি নাথাকি কবিতাক মগজুৰ এক বিশেষ ধৰণৰ কচৰৎ হিচাপে ভাবিবলৈ নল’লে এনেবোৰ বিফলতা তেওঁলোকৰ চকুত নপৰিব। এই কথা আমি পাহৰিলে নহ’ব যে, কবিতাত শব্দ কেৱল শব্দ নহয়, ই ধ্বনিও। এই শব্দ যেতিয়া কবিতাৰ মাজেৰে প্রতিধ্বনিত হৈ উভতি আহে আমাৰ কাষলৈ, ই কেৱল শব্দৰ অৱয়বকেই লৈ নাথাকে। এক নতুন পৰিচয়ৰে শব্দ হৈ পৰে কবিৰ এক নির্মন।

সাধাৰণতে কবিতাক
ভাৱৰ স্বত:স্ফূর্ত ৰূপ বুলি ভবা যায় যদিও আলংকাৰিকসকলে
কবিতাক এক বিশেষ ধৰণৰ নির্মাণ কার্য বুলিহে ক’ব খোজে। এইখিনিতে শ্রদ্ধাৰ কবি নলিনীধৰ
ভট্টাচার্যদেৱে কৈ যোৱা এষাৰ কথালৈ মনত
পৰিছে। তেখেতে কৈছিল_ “আমি জানো, কুলিয়ে গান গায়, কিন্তু তাতোকৈ বেচি আমাক একো দিব নোৱাৰে। চৰাইৰ কন্ঠৰ গীত স্বাভাৱিক, তাকেহে আমাক দিয়ে। মানুহৰ গান নাই, আছে স্বৰ। মানৱীয় প্রচেষ্টাৰে এই স্বৰক ইংগিত, চিত্রকল্প আৰু ব্যঞ্জনাৰ সহযোগত শিল্পলৈ
ৰূপান্তৰিত কৰিব পাৰি, আৰু তাৰেই সুললিত গীত গাব পাৰি; যি আমাৰ হৃদয়ত অনুৰণনৰ সৃষ্টি কৰিব আৰু এক অনন্য অনুভূতি জগাই তুলিব”। এই শিল্পকলা সমৃদ্ধ, যি এক নির্মাণৰ কথা ইয়াত কোৱা হৈছে, সিয়ে কবিতা।
জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ অতিকৈ ভাললগা কবিতাটো হৈছে, চামচুল হকৰ ‘গ্রন্থমেলাৰ বাকৰিত’। গ্রন্থমেলাৰ বতৰত প্রতিজন গ্রন্থপ্রেমীৰ অনুভৱক সাকাৰ কৰিবপৰা এটা অনুপম কবিতা। কবিতাটোৰ শেষত কৈ যোৱা এষাৰ অতি সত্য কথা এয়ে যে “কিতাপ দোকানতো পায়। পিছে, চিনাকী মানুহ পায় গ্রন্থমেলাৰ চোতালত”।
ক) গ্ৰন্থমেলাৰ বাকৰিত
চামচুল হক

ফুলতকৈয়ো ধুনীয়া হ'ব পাৰে মানুহৰ মুখ
বুদ্ধিদীপ্ত চকু
চকুৰ তলৰ বলিৰেখা
ফুলতকৈয়ো কোমল হ'ব পাৰে আকলুৱা মৰম
লাৱনি হাত
মৰমৰ মাত
গ্ৰন্থৰ দৰে পাত-পাতকৈ মেলি চাব পাৰি
হৃদয়বৃত্তি
পঢ়াকে পঢ়ি
চোৱাকে চাই থকাৰ পাছতো
হেঁপাহ জানো পলায়
সান্নিধ্যমধুৰ ক্ষণবোৰৰ
আপুনিও আহিব
গ্ৰন্থমেলাৰ বাকৰিলৈ
মানুহক পঢ়িবলৈ মানুহক পাবলৈ
চাওকহি
শীতক প্ৰতিহত কৰা প্ৰতিজনৰ বুকুৰ উত্তাপ
ভিন্নতাৰ মাজতো একতাৰ সূঁতাডাল
দৃঢ় কিমান
কিতাপ দোকানতো পায়
পিছে চিনাকি মানুহ পায় গ্ৰন্থমেলাৰ চোতালত ৷

এসময়ত, বাট-পথৰ সুচল অৱস্থা নাথাকোতেও
চিঠি-পত্রৰ যোগেৰে আমি এজনে আনজনৰ খা-খবৰ লৈছিলো। দুখত দুখী আৰু সুখত সুখী হৈছিলো। বিশ্বায়নৰ প্রভাৱত খোজে-কাটলে, কথাই-বতৰাই আমি আধুনিক হৈ পৰিলো সঁচা, কিন্তু ই আমাক সময় নামৰ ঘোঁৰাটোৰ সৈতে এনেকৈ আগবঢ়াই লৈ গৈ আছে যে
নভবা-নিচিন্তা বহু কথাই আমাৰ সম্ভৱ হৈ উঠিবলৈ লৈছে। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ সহায়ত আমি নিতৌ পৃথিৱীৰ ইমূৰৰপৰা সিমূৰলৈ মুহূর্ততে
যোগা-যোগ কৰিবপৰা হৈছো। লাহে লাহে আমি একঘেয়ামি দৈনন্দিন ব্যস্ততাৰ দাস হৈ পৰিবলৈ ধৰিছোঁ। যান্ত্রিক জীৱনৰ ধামখুমীয়াত প্রতিটো দিনেই গধুৰ
নিশ্বাসেৰে শেষ কৰা একোটাহঁত যুদ্ধৰ দিন হৈ পৰিছে। ফলত, কাষৰ চিনাকীজন হৈ পৰিছে আমাৰ অচিনাকী
দূৰৈৰ আৰু দূৰৈৰ অচিনাকীজন নিচেই চিনাকী কাষৰ।
উৎসবে-পার্বণে হাতে হাতে থকা মোবাইলৰে যন্ত্রবৎ একোটি আৱেগহীন মেছেজ দিছোঁ আৰু তাতে সামাজিক দায়বদ্ধতা শেষ কৰিছোঁ! চিনাকীজনক কাষতে পোৱাৰ, ভাৱৰ আদান-প্রদান কৰাৰ, কুশল বার্তা বিনিময় কৰাৰ সময়নো ক’ত আজি! যান্ত্রিকতাৰ ধূলি-বালিৰে পোত গৈ মানুহৰ মাজত মৰম-চেনেহ, আত্মীয়তা আৰু
একতাৰ এনাজৰীডাল সোলোক-ঢোলোক হৈ পৰাৰ দৰে হৈছেগৈ। পিছে, গ্রন্থমেলাৰ বাকৰিত
ইয়াৰ বিপৰীত প্রতিচ্ছবি এখনহে দেখিবলৈ পোৱা যায়। এই কথা গ্রন্থপ্রেমীসকলে ভালদৰেই বুজি পায়। কবিলৈ ধন্যবাদ
জনাইছোঁ, কবিতাটোৰ সুন্দৰ উপস্থাপনৰ জৰিয়তে আমাক
সচেতন কৰি তোলাৰ বাবে।
লীনা হাজৰিকাৰ “বিধ্বস্ত কিশলয়” শীর্ষক কবিতাত শিশু শ্রমিকৰ মনোকষ্টৰ বর্ণনা আছে। তেখেতৰ সৈতে মনে-প্রাণে আমিও কামনা কৰোঁ, শৈশৱ হেৰুৱা এই শিশুসকলৰ যন্ত্রণাৰ অন্ত পৰক। বিশ্বৰ ক’তো কোনো শিশুৱেই ভোক নিবাৰণৰ বাবে শ্রমদান কৰিবলগীয়া নহওঁক, আন দহটা শিশুৰ সৈতে পঢ়াশালিলৈ যাওঁক। শ্রমিক শিশুসকলৰো শৈশৱ হওঁক মধুৰ সোঁৱৰণিৰ উৎস।

খ)বিধ্বস্ত কিশলয়
লীনা হাজৰিকা
লীনা হাজৰিকা
কুঁহি কোমল
পাটীগণিত কৰা হাতখন
ছিঁৰাল ফটাদি ফাটিছে ।
স্ফটিকৰ দৰে গাৰ ছালৰ বৰণ বিবৰ্ণ হৈ পৰিছে,
এঙাৰৰ দৰে ।
নেওতা মতা বয়সত গাধা খাটন খাটি
পিঠিত মেটমৰা বোজা লৈ ওভতাৰ পথত
পেটত পঁইতাভাতৰ খলখলনি।
শিশু -শ্ৰমৰ বিৰোধিতা কৰি
শ্ৰমিক দিৱসৰ জয়গান গোৱা গৰাকীৰ
ৰুক্ষ ব্যৱহাৰত
তিক্ত হোৱা মনটোৱে গদ্ গদ্ কণ্ঠে
বিলাপ মাতে ঈশ্বৰৰ ওচৰত ধনী দুলাল হ’বলৈ ।
পাঠশালাৰ পৰিবৰ্তে গেবাৰি খাটিবলৈ
খাতোৱাল পিতয়ে এৰি থৈ গৈছে পেটৰ তাড়নাত ।
তোচক বিহীন শেতেলিৰ
নিদ্ৰা বিহীন নিশা
ধপ্ ধপ্ কৰি থকা জীউটোক
আইৰ মুখৰ প্ৰতিচ্ছবিয়ে আমনি কৰে ।

কবিতাটোৰ আমাৰ
দৃষ্টিগোচৰ হোৱা কথা এষাৰ নোকোৱাকৈ থাকিব নোৱাৰিলো। “নেওতা মতা বয়সত গাধা খাটন খাটি/ পিঠিত মেটমৰা বোজা লৈ ওভতাৰ পথত/ পেটত পঁইতাভাতৰ খলখলনি” এই শাৰীকেইটাত ক্ষেত্রত ক’বলৈ বিচৰা কথাটো হৈছে, পিঠিত বোজা কঢ়িওৱা কার্যৰ বাবে গাধ ব্যৱহাৰ কৰাৰ কথা আমি জানো, গতিকে গাধ খাটন খাটিব লগা হোৱা প্রথম শাৰীটোৱে দ্বিতীয় শাৰীৰ পিঠিত
বোজা কঢ়িওৱাৰ কথাটো নোকোৱাকৈয়ে বুজাই দিছে বুলি জানো ভাবিব নোৱাৰি!
পার্থ প্রতিম কলিতাৰ ‘আত্মকথা’ও যুগে যুগে নির্যাতিত হৈ অহা শ্রমিকৰ মানসিকতাকলৈ লিখা কবিতা। কবিতাত কবিয়ে কৈছে__”মই চিনিছো চালাম মাৰি বেকা হোৱা হাতবোৰ, খহটা কাঁচিবোৰ/ জৰাজীর্ণ সন্ধিয়া চিকুণাই, মই ইয়াতেই ৰৈছো”। অংকুৰ শইকীয়াৰ ‘হাইকু’ লেখাৰ প্রয়াস শলাগিব লগীয়া। তেওঁলৈ শুভকামনা জনাইছোঁ। পিছে, উত্তৰণৰ বাবে সাধনাৰ প্রয়োজন। হাইকু সমন্ধে আতি-গুৰি মাৰি জানি-বুজি ল’লে ভবিষ্যতলৈ ভাল হ’ব। শ্রদ্ধাৰ কবি নীলমণি ফুকন দেৱৰ ৰচনাবলীত জাপানী হাইকু সম্পর্কে বহু জানিবলগীয়া কথা আছে।

গ)হাইকু
অংকুৰ শইকীয়া
অংকুৰ শইকীয়া
জোনাকী বাটে মগ্ন
নিয়ৰ গলা
ঠেঁটুৱৈ-ধৰা গধূলি
জুহালৰ উম
-----
ঋতুৰ বসন্ত
আঘোণৰ সুবাস
শীতৰ জোন
------
জোনাকী জাক
মৌন ওঁঠৰ মুখ
ঝিলিৰ মাতত
------
দুপৰৰ জোন
এপিয়লা মাদকতানে
থুপি তৰা খোজ
নিয়ৰ গলা
ঠেঁটুৱৈ-ধৰা গধূলি
জুহালৰ উম
-----
ঋতুৰ বসন্ত
আঘোণৰ সুবাস
শীতৰ জোন
------
জোনাকী জাক
মৌন ওঁঠৰ মুখ
ঝিলিৰ মাতত
------
দুপৰৰ জোন
এপিয়লা মাদকতানে
থুপি তৰা খোজ
জ্যোতিষ কুমাৰ
দেৱৰ কবিতাসমূহৰ ভাৱ-ভাষা সুন্দৰ। তেখেতৰ ‘ভোগালীৰ হোমাগ্নি’ নামৰ কবিতাটোৱে মনত দোলা দি যোৱা এষাৰ কথা ক’বলৈ বিচাৰিছোঁ। ভোগালী শব্দৰ অর্থই সুকীয়া। আকৌ, মেজিৰ জুই আৰু হোমযজ্ঞৰ জুই কোনো দিশৰেপৰা একে জুই নহয়। কৃষিপ্রধান অসমীয়া সমাজত, ধান দাই শেষ হোৱাৰ পাছত সমজুৱাকৈ মিলা-প্রীতিৰে ভেলাঘৰ সাজি এসাজ খোৱাৰ
পৰম্পৰা অতীতৰেপৰা চলি আহিছে। এফালৰপৰা চাবলৈ গ’লে মেজিৰ জুই, জাৰ আতৰাবলৈ জ্বলোৱা হয় বুলিবও পাৰি। পৰম্পৰা অনুযায়ী মেজিৰ জুইক, পাণ-তামোল, তিল-মাহ আদিৰে সেৱা জনাই মান্যতা প্রদান কৰা হয়। মেজিৰ জুইয়ে অসূয়া-অপ্রীতি, অপায়-অমংগল নাশ কৰে বুলি অসমীয়া ৰাইজে বিশ্বাস কৰে। হোম যজ্ঞৰ জুইৰ দৰে
মেজিৰ জুইত ঘৃতাহুতি দিয়া নহয়। আনহাতে, এক বিশেষ উদ্দেশ্য (মনোকামনা) সন্মুখত লৈ
দেৱী-দেৱতাক সন্তোষ্ট কৰাৰ অর্থে যজ্ঞৰ
আয়োজন কৰা হয়। হিন্দু সমাজত হোমাগ্নিক সাক্ষী কৰি বিবাহৰ দৰে প্রৱিত্র অনুষ্ঠান সম্পন্ন কৰা হ’য় যদিও হাত সেকিবলৈ ব্যৱহৃত নহয়, সেয়ে আমাৰ মনত খু-দুৱনি তোলা শাৰীকেইটা হৈছে__
”পৱিত্র হোমাগ্নিত / সেঁকি ল’ব পৰাহেঁতেন/ সঙ্কোচিত মোৰ হাত কিখন”
”পৱিত্র হোমাগ্নিত / সেঁকি ল’ব পৰাহেঁতেন/ সঙ্কোচিত মোৰ হাত কিখন”
ঘ)ভোগালীৰ
হোমাগ্নি
জ্যোতিষ কুমাৰ দেৱ
জ্যোতিষ কুমাৰ দেৱ
ভোগালীৰ মেজিৰ দৰে
জ্বলাই দিব পৰাহেঁতেন
নিতৌ উমি উমি
দহি থকা হিয়াখন
তাতে বিসর্জিব পৰাহেঁতেন
অবাবতে দমাই থোৱা
লাম-লাকটুৰ দৰে
খং-বেজাৰ-হিংসা-ঈর্ষাক
পৱিত্র হোমাগ্নিত
সেঁকি ল’ব পৰাহেঁতেন
সঙ্কোচিত মোৰ হাত কিখন
ফিনিক্সৰ দৰে আকৌ
মূল সূতিলৈ অহাৰ বৰ মন
জোনমণি গগৈৰ কবিতা ‘মাঘ
পালেহি বসুন্ধৰা’ আৰু দুলাল হাজৰিকাৰ ‘প্রেম’ পঢ়ি ভালেই
লাগিল। দুলাল হাজৰিকাৰ ‘আকাশ’ আৰু
নিৰুপমা ডেকাৰ ‘সুখৰ চোলাহীন অভাবী মন’ক অতি
কথনে চুইছে। ইংগিত আৰু চিত্রকল্পৰ প্রয়োগেৰে কবিতাকেইটাক মোহনীয় কৰাৰ
থল আছিল। মৌচুমী বৰিৰ কবিতা আগতেও পঢ়িছো। তেওঁ ভাল লেখে। এই সংখ্যাৰ কবিতাত, সখীয়ে
বিষন্নতা কিয় ভাল পায়, বুজি পোৱা নগ’ল। যি
বিষন্নতা মৌচুমীৰ চহৰতো উৰি ফুৰে। সাধাৰণতে প্রেম-প্রত্যাশাৰ ওপৰিও
ৰাজনৈতিক, অর্থনৈতিক, সামাজিক
ব্যাধিসমূহৰ ক্রিয়াত ভবিষ্যৎ সমন্ধে সংঙ্কিত এই দুই সখী জনকল্যাণৰ অর্থে
বিষন্ন নেকি? অমনোযোগিতাৰ হেতুকে বিষন্নতা শব্দটো কবিতাত বহুলভাবে ব্যৱহৃত
হোৱা দেখা গৈছে।জ্বলাই দিব পৰাহেঁতেন
নিতৌ উমি উমি
দহি থকা হিয়াখন
তাতে বিসর্জিব পৰাহেঁতেন
অবাবতে দমাই থোৱা
লাম-লাকটুৰ দৰে
খং-বেজাৰ-হিংসা-ঈর্ষাক
পৱিত্র হোমাগ্নিত
সেঁকি ল’ব পৰাহেঁতেন
সঙ্কোচিত মোৰ হাত কিখন
ফিনিক্সৰ দৰে আকৌ
মূল সূতিলৈ অহাৰ বৰ মন
জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ কবিতাসমূহৰ পর্যালোচক হিচাপে আখৰুৱাই নির্বাচন কৰাত অলপ চিন্তাত পৰিছিলোঁ। দ্বিতীয় সপ্তাহৰ নথি অনুসৰি পার্থ প্রতিম কলিতা, অংকুৰ শইকীয়া, দুলাল হাজৰিকা, জোনমণি গগৈ, জ্যোতিষ কুমাৰ দেৱ, লীনা হাজৰিকা, নিৰুপমা ডেকা, মৌচুমী বৰি আৰু চামচুল হকৰ মুঠ ১৪ টা কবিতাৰ মাজৰপৰা চাৰিটা কবিতা আলোচনাৰ বাবে বাচনি কৰিবলৈ কোৱা হৈছিল। কাক ধৰো কাক এৰো! বৰ সুন্দৰ লিখিছে বুলি মাত্র এষাৰ কৈ কেনেকৈ শেষ কৰোঁ বা কবিতা হোৱাগৈ নাই বুলি কোনোবাটোক কেনেকৈ পৃথক কৰো! মোৰ অবস্থাটো ঠিক যেন পৰীক্ষাহলত উত্তৰ বহী সমুখত লৈ প্রশ্নকাকতখনৰ সৈতে বহি থকা পৰীক্ষার্থীজনহে। যিজনে জানে, তেওঁ আহৰণ কৰা জ্ঞান-বুদ্ধিৰে প্রশ্নকাকত অনুযায়ী উত্তৰ লিখা সম্ভৱপৰ নহ’বগৈ পাৰে। কিন্তু, কিবা এটা লিখিবই লাগিব, নহ’লে উত্তীর্ণ হোৱাৰ জোখাৰে ৩০ নম্বৰ তেওঁ গোটাব নোৱাৰিব।
কবিতাৰ নথি প্রস্তুত কৰি মোক সহায় কৰা পার্থ প্রতীম কলিতালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। পর্যালোচক হিচাপে কবিতাসমূহৰ মাজলৈ যাবলৈ সুযোগ দিয়াৰ বাবে আখৰুৱাৰ সৈতে জড়িত প্রতিগৰাকী ব্যক্তিলৈ মোৰ কৃতজ্ঞতা আৰু লগতে ধন্যবাদ জনাইছোঁ। এই সপ্তাহৰ প্রতিজন কবিলৈ কাব্যিক শুভেচ্ছা জনাইছোঁ আৰু সংবেদনশীল প্রতিজন ব্যক্তিৰ ভাৱক বিমূর্ত্ত কৰাৰ এই প্রয়াসৰ যতি নপৰক তাকেই কামনা কৰি মোৰ পর্যালোচনা সামৰিছোঁ।
ৰৌচন আৰা বেগম
সদস্য,আখৰুৱা: literati
৪ ফেব্রুৱাৰি, ২০১৭
No comments:
Post a Comment