Friday, 17 February 2017

বুকুত এজাক ধুমুহা: কবি :- ණ বিপুল কলিতা

বুকুত এজাক ধুমুহা

( চাৰি )
আজন্ম প্ৰেমিক মই
বুকুত অহৰহ সেউজ কচৰত
বন -চ'ৰায়ে কুটেহি কুমল কুঁহি মাহ
বিশ্বাস মোৰ তপত তেজৰ ধাৰ
আত্মিক ব্যঞ্জনাৰে
তেজত এৰো ভটিয়নি নাওঁ
আস্থাৰ ইপাৰত সূৰুজ উঠে
আস্থাৰ সিপাৰত সূৰুজ ডুবে
প্ৰাত্যহিক
অনুজ সৰলতাই হৃদয় গলায়
আস্থাত অংকুৰিত হয় বিশ্বাসৰ আদিপাঠ
পিতৃ-ভিঠাত সেজীয়া স্পৰ্শৰ অদম্য হেপাহ
এতিয়াও
মোৰ আত্মজ বিশ্বাস
নিৰ্যাতিত কলিজা পোৰা
সূৰ্যোদয়
অথবা
সূৰ্যাস্তৰ আঁৰত জ্বলা বন জুই
অদাহ্য স্নেহে দহে
ছাই নোহোৱাৰ যন্ত্ৰণাত
''পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে ! ''
যাৰ বাবে কঠিয়া পেলাৱ'
তাৰেই টাঙোনত তেজে-বতিয়াৱ'

বি :-  বিপুল কলিতা ৷

No comments:

Post a Comment