Monday, 13 February 2017

"দুহিতা" কবি :- ණ ৰাজেন দাস ৷

দুহিতা

সময়ে ঠেকেচা দুহিতাৰ দু-হাত
আজি শূণ্যতাৰে পৰিপূৰ্ণ
ঠিক শূণ্যতা বুলি ক'লে ভুল হ'
কেৱল আত্মীয়ৰ হুমুনিয়াহ
সমাজৰ ককৰ্থনা আৰু
আৰু কিমান বলি হ'ব তাই
মানুহৰূপী জাৰজ সন্তান তথা
দানৱৰ বলিশাঁলত?
আজিও তেজৰ চেকুৰাৰ দাগ
তাইৰ ফটা চোলাত অনুমেয়!
দুহিতা,
আৰু কিমান সহিবি ৰাং কুকুৰৰ কামোৰ;
তোৰ ফালে আঙুলি টোৱাই কথা কোৱা
বৰ বৰ মানুহৰ গালি-গালাজ?
আৰু কিমান?
বহুত এন্ধাৰ হ'ল দেখোন আজিও

বি :- ৰাজেন দাস ৷


No comments:

Post a Comment