আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৪): ১৫-২৩ জানুৱাৰী, ২০১৭: তৃতীয় খণ্ড
পৰ্যালোচক : ৰাজীৱ ডেকা
পুনৰীক্ষণ (৪৪): ১৫-২৩ জানুৱাৰী, ২০১৭: তৃতীয় খণ্ড
পৰ্যালোচক : ৰাজীৱ ডেকা
জানুৱাৰী মাহৰ
তৃতীয় সপ্তাহৰ কবিতাবোৰৰ ভিতৰত আখৰুৱাত কবিতাৰ চৰ্চা কৰা আপাত দৃষ্টিত নতুন কেইজনমান কবিৰ কবিতা পৰ্যালোচনাৰ কাৰণে
হাতত তুলি লৈছোঁ।আখৰুৱাৰ পৃষ্ঠাত সংখ্যাৰ ফালৰ পৰা
এই কবিসকলৰ কবিতা চৰ্চা তুলনামূলকভাৱে কম
যদিও তেওঁলোক আটায়ে প্ৰতিভাশালী আৰু কবিতাৰ পথাৰত তেওঁলোকৰ প্ৰথম খোজকেইটা যথেষ্ট শক্তিশালী।শিকাৰ আগ্ৰহ আৰু
একাগ্ৰতাপূৰ্ণ চৰ্চা অব্যাহত ৰাখিলে এই কবি কেইগৰাকীৰ
কলমৰ পৰা পাঠকৰ মনত চাপ বহুৱাব পৰা কবিতাৰ জন্ম হ'ব বুলি আমাৰ বিশ্বাস।তেওঁলোকৰ এই কাব্যিক
যাত্ৰা দীঘলীয়া আৰু সফল হওঁক। উল্লিখিত সপ্তাহৰ নিৰ্বাচিত
কবিতাবোৰৰ মূল পাঠ :
১/ (কবিতাটিৰ নাম
দিয়া নাই)
কবিঃচন্দন বেজবৰুৱা
কবিঃচন্দন বেজবৰুৱা
ক)
ৰাতিবোৰ দিন হ'ল
দিনবোৰ সপোন হ'ল
মৰীচিকাৰ চুনামিত
তুমি গাই গ'লা
সপোনৰ গান
অহাৰ বাটেৰে
গুচি যোৱাৰ গান
তুমি গুচি গ'লা
ছবি আঁকি
ধুমুহাৰ,
খ)
শিলবোৰ পি ল'লো
বুকুৰ মাজত
অকলশৰে
মানুহৰ মাজত
মোৰ চুলিত জুইলগা
সিহঁতে দেখা নাই
মোৰ বুকুত জুইলগা
তুমি দেখা নাই...
ৰাতিবোৰ দিন হ'ল
দিনবোৰ সপোন হ'ল
মৰীচিকাৰ চুনামিত
তুমি গাই গ'লা
সপোনৰ গান
অহাৰ বাটেৰে
গুচি যোৱাৰ গান
তুমি গুচি গ'লা
ছবি আঁকি
ধুমুহাৰ,
খ)
শিলবোৰ পি ল'লো
বুকুৰ মাজত
অকলশৰে
মানুহৰ মাজত
মোৰ চুলিত জুইলগা
সিহঁতে দেখা নাই
মোৰ বুকুত জুইলগা
তুমি দেখা নাই...
২/মৃত সপোনৰ
আত্মকথা
কবিঃ ডুলুমণি ৰয়
কবিঃ ডুলুমণি ৰয়
,
আশাৰ সেউজী ধৰাত
প্ৰস্ফুতিত সপোন কলি
এক মায়াৱী
কিছু বেৰঙী...
,
সমস্বৰে উচ্চাৰিত
নষ্ট চৰিত্ৰৰ প্ৰতিধ্বনিত
কোনেও শুনা নাছিল
কুমাৰীত্ব হেৰুৱাৰ
গোপন বেথা...
,
অথবা,
দেখা নাছিল কোনেও
স্বপ্নাতুৰ তুলিকাৰে অঁকা
হৃদয়ৰ কেনভাছৰ বিপৰীত ছবিটিয়ে
সেঁওতাত প্ৰতিশ্ৰুতিৰ ৰেখা বোলাই দিয়াত
দুওঁঠত ওলোমাই লোৱা
হেঙুলবৰণীয়া হাহিঁটি...
,
আকাৰহীন হৈও
প্ৰত্যেকজনী নাৰী
একো-একোটি আকাৰত সৃষ্ট
কিছু সম্বন্ধৰ নামত
জীয়াই থকাৰ অজুহাতত...
আশাৰ সেউজী ধৰাত
প্ৰস্ফুতিত সপোন কলি
এক মায়াৱী
কিছু বেৰঙী...
,
সমস্বৰে উচ্চাৰিত
নষ্ট চৰিত্ৰৰ প্ৰতিধ্বনিত
কোনেও শুনা নাছিল
কুমাৰীত্ব হেৰুৱাৰ
গোপন বেথা...
,
অথবা,
দেখা নাছিল কোনেও
স্বপ্নাতুৰ তুলিকাৰে অঁকা
হৃদয়ৰ কেনভাছৰ বিপৰীত ছবিটিয়ে
সেঁওতাত প্ৰতিশ্ৰুতিৰ ৰেখা বোলাই দিয়াত
দুওঁঠত ওলোমাই লোৱা
হেঙুলবৰণীয়া হাহিঁটি...
,
আকাৰহীন হৈও
প্ৰত্যেকজনী নাৰী
একো-একোটি আকাৰত সৃষ্ট
কিছু সম্বন্ধৰ নামত
জীয়াই থকাৰ অজুহাতত...
৩/ মোৰ সজীৱ প্ৰেম
কবিঃ লীণা হাজৰিকা
মোৰ চকুৰ প্ৰতি টোপাল চকুপানীত
তোমাৰ প্ৰেমবোৰ সজীৱ কৰি ৰাখিছো !
অট্টালিকাত থকা হ'লে
হয়টো মই তোমাৰ প্ৰেমক
ঢুকি নাপালোহেঁতেন !
এতিয়া প্ৰতি দিন
নিগৰি ওলোৱা চকুলোত
তোমাৰ প্ৰেম মই নিজ হাতে
বৰ আটোমটোকাৰীকৈ
মুকুতাৰ দৰে খামুচি ধৰিছো
মোৰ চকুৰ প্ৰতি টোপাল চকুপানীত
তোমাৰ প্ৰেমবোৰ সজীৱ কৰি ৰাখিছো !
অট্টালিকাত থকা হ'লে
হয়টো মই তোমাৰ প্ৰেমক
ঢুকি নাপালোহেঁতেন !
এতিয়া প্ৰতি দিন
নিগৰি ওলোৱা চকুলোত
তোমাৰ প্ৰেম মই নিজ হাতে
বৰ আটোমটোকাৰীকৈ
মুকুতাৰ দৰে খামুচি ধৰিছো
উল্লিখিত
কবিতাসমূহৰ ভিতৰত এটা উল্লেখযোগ্য কবিতা আছিল -- চন্দন বেজবৰুৱাৰ।তেখেতে কবিতাটোক শিৰোনামৰ পৰা বঞ্চিত
কৰিছে।সুন্দৰ কবিতাটো নিৰ্মাণ কৰা হৈছে
দুটা স্তৱকত।দুয়োটা স্তৱকেই প্ৰায় সমদৈৰ্ঘ্যৰ।কবিতাটো প্ৰেম বিষয়ক। কবিতাৰ বক্তাই নিজৰ বিফল প্ৰেমক লৈ সন্তাপ
কৰিছে। প্ৰেম পাইও হেৰুৱাৰ বিষাদপূৰ্ণ অভিজ্ঞতা বক্তাৰ
হৈছে। কবিতাটো আৰম্ভণি হৈছে সুন্দৰ ভাৱবিন্যাসৰ জৰিয়তে-
"ৰাতিবোৰ দিন হ'ল
দিনবোৰ সপোন হ'ল"
কিন্তু আৰম্ভণি সুন্দৰ হোৱাৰ পিছতো কবিয়ে কবিতাটোৰ গতি মসৃণ কৰিবলৈ কৰা প্ৰচেষ্টা সম্পূৰ্ণ সফল নহ'ল।কবি প্ৰথটো উজুটি খালে "মৰিচিকাৰ ছুনামি" শব্দচয়নত।কবিয়ে উপমা এটা সৃষ্টি কৰাৰ মানসেৰে এই শব্দযুটি ব্যৱহাৰ কৰিছে যদিও এই ক্ষেত্ৰত এজন পাঠকৰ মনত এই শব্দযুটিয়ে প্ৰেমত বিফল প্ৰেমিকৰ 'বিৰহ' ভাৱৰ সৃষ্টি কৰাৰ পৰিবৰ্তে 'ভয়ংকৰ' ৰসৰহে সঞ্চাৰ কৰিব।কবিতাটোৰ সাৱলীল আৰম্ভণিত এই শব্দযুটিৰ চিত্ৰকল্পই এক বিৰোধৰহে সৃষ্টি কৰিলে।
"ৰাতিবোৰ দিন হ'ল
দিনবোৰ সপোন হ'ল"
কিন্তু আৰম্ভণি সুন্দৰ হোৱাৰ পিছতো কবিয়ে কবিতাটোৰ গতি মসৃণ কৰিবলৈ কৰা প্ৰচেষ্টা সম্পূৰ্ণ সফল নহ'ল।কবি প্ৰথটো উজুটি খালে "মৰিচিকাৰ ছুনামি" শব্দচয়নত।কবিয়ে উপমা এটা সৃষ্টি কৰাৰ মানসেৰে এই শব্দযুটি ব্যৱহাৰ কৰিছে যদিও এই ক্ষেত্ৰত এজন পাঠকৰ মনত এই শব্দযুটিয়ে প্ৰেমত বিফল প্ৰেমিকৰ 'বিৰহ' ভাৱৰ সৃষ্টি কৰাৰ পৰিবৰ্তে 'ভয়ংকৰ' ৰসৰহে সঞ্চাৰ কৰিব।কবিতাটোৰ সাৱলীল আৰম্ভণিত এই শব্দযুটিৰ চিত্ৰকল্পই এক বিৰোধৰহে সৃষ্টি কৰিলে।
এই স্তৱকৰ ইয়াৰ পিছৰছোৱা গতানুগতিক ভাৱে
আগবাঢ়িছে।শিৰোনামহীন কবিতাটোৰ প্ৰথম স্তৱকৰ সমাপ্তি হৈছে এক সচৰাচৰ প্ৰেমৰ কবিতাৰ দৰে।প্ৰেয়সীক বক্তাই নিজৰ হেৰুৱা প্ৰেমৰ কাৰণে জগৰীয়া কৰি জীৱনলৈ
দুখৰ ধুমুহা আনি গুচি যোৱাৰ উপমা তুলি ধৰিছে-
"তুমি গুচি গ'লা
ছবি আঁকি
ধুমুহাৰ"
ছবি আঁকি
ধুমুহাৰ"
কবিতাটোৰ
দ্বিতীয়টো স্তৱক কুন্দত কটা। প্ৰথম স্তৱকত ৰৈ যোৱা বেচিজিল ভাৱৰ অপূৰ্ণতা দ্বিতীয় স্তৱকত পূৰ হৈছে। এই
স্তৱকটোক কবিৰ ভাৱৰ নিয়ন্ত্ৰণ আৰু উপযুক্ত শব্দৰ উপস্থাপনে অনন্য সুন্দৰ কৰি তুলিছে। প্ৰতিটো শব্দ কবিয়ে জুখি মাখি ব্যৱহাৰ কৰিছে।পূৰঠ উপমাৰে কবিয়ে
নিজৰ মনোকষ্টৰ কথা বুজাবলৈ সক্ষম হৈছে-
"শিলবোৰ পি ললোঁ
বুকুৰ মাজত
অকলশৰে"
বুকুৰ মাজত
অকলশৰে"
নি:সংগ মনৰ চৰম যন্ত্ৰণাময় উপলব্ধিৰ ইয়াতকৈ ভাল
কাব্যিক প্ৰকাশ চাগৈ কম আছে।এই স্তৱকটোৱে কবিতাটোক অন্য এক উচ্চতালৈ লৈ গৈছে।কবিমনৰ অসহায় অৱস্থা আৰু অস্থিৰতা স্তৱকটোৰ শেষৰ শাৰীকেইটাত
সুন্দৰ ভাৱে প্ৰতিবিম্বিত হৈছে-
"মোৰ চুলিত জুই লগা
সিহঁতে দেখা নাই
মোৰ বুকুত জুইলগা
তুমি দেখা নাই"
সিহঁতে দেখা নাই
মোৰ বুকুত জুইলগা
তুমি দেখা নাই"
এই কাব্যাংশত
প্ৰকাশিত হৈছে প্ৰেয়সীৰ প্ৰতি থকা ক্ষোভ আৰু বিষোদগাৰ।'সিহঁত' আৰু 'তুমি' দুটা সৰ্বনামেৰে কবিয়ে স্বাৰ্থপৰ ব্যক্তিমন আৰু সমাজে এজন লোকৰ দুখ জৰ্জৰিত মানসিক
অৱস্থা উপলব্ধি কৰাত হোৱা বিফলতাক দেখুৱাই দিয়াত সক্ষম হৈছে।
কবিৰ ভাষা সৰল
কিন্তু ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কবি
সচেতন নহয়।স্তৱক বিভাজনত তেখেতে নিপুণতা দেখুৱাব পৰা নাই।ইয়াৰ উপৰিও কবিতাটোক বহুকেইটা বানানৰ অশুদ্ধ ৰূপে
ৰুগীয়া কৰি তুলিছে।এই ক্ষেত্ৰত কবি সচেতন হোৱাৰ
যথেষ্ঠ দৰকাৰ আছে। গতানুগতিক বিষয়বস্তু এটাক কবিয়ে গতানুগতিক শব্দ চয়নেৰে চমৎকাৰ উপমাসহ পাঠকৰ আগত মনোমোহাকৈ তুলি ধৰিছে।কবি যথেষ্ঠ
প্ৰতিভাশালী যদিও অলপ খেয়ালী মনোভাৱৰ বুলি অনুমান কৰিব পাৰি(শিৰোনাম নিদিয়া আৰু স্তৱক বিভাজন নকৰা কাৰ্য তাৰেই প্ৰমাণ)।কবিয়ে অলপ সচেতনতাৰে কাব্য চৰ্চা
কৰিলে আৰু অধিক পুৰঠ কবিতা তেওঁৰ কাপৰ পৰা উপজিব বুলি আমাৰ দৃঢ় বিশ্বাস।
জানুৱাৰী মাহৰ
তৃতীয় সপ্তাহৰ কবিতাবোৰৰ ভিতৰত এটা উল্লেখযোগ্য
কবিতা হ'ল কবি ডুলুমণি ৰয়ৰ "মৃত সপোনৰ আত্মকথা"। বিষয়বস্তুৰ ফালৰ
পৰা কবিতাটো নাৰীকেন্দ্ৰিক।কবিতাবোৰত সাধাৰণতে অংকন কৰা নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ ছবিখনৰ বিপৰীতে এই কবিতাটোত কৰা হৈছে নাৰীক মহিমামণ্ডিত কৰাৰ
প্ৰয়াস।কবিতাটোত কোনো এগৰাকী নাৰীৰ কথা কোৱা হোৱা নাই।ইয়াত সামগ্ৰিকভাবে নাৰীৰ জীৱনৰ দুটা ভিন্ন দিশ তুলি ধৰা হৈছে-
"আশাৰ সেউজী ধৰাত
প্ৰস্ফুটিত সপোন কলি
এক মায়াবী
কিছু বেৰঙী"
প্ৰস্ফুটিত সপোন কলি
এক মায়াবী
কিছু বেৰঙী"
কবিতাটোক কবিয়ে এক
নিৰ্দিষ্ট দিশ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই।বহুমাত্ৰিক চিন্তা বিন্যাসে কবিতাটোৰ
বিষয়বস্তুক অস্থিৰ কৰাৰ ফলত বিষয়বস্তুক পাঠকৰ বোধগম্য হোৱাৰ সুবিধাকৈ কবিৰ ভাষা সক্ষম হোৱা নাই।
প্ৰতিজনী নাৰীৰ
মনত নিজৰ বৈবাহিক জীৱনৰ স্বপ্নপুৰুষ জনৰ কাৰণে থাকে কল্পনা।কেতিয়াবা সেই কল্পনা দিঠকত পৰিণত নহয়।মৰহি যায়
নাৰীমনৰ অ'তদিনৰ সাঁচতীয়া আকুলতা।তথাপি সেই স্বপ্ন ভংগৰ ব্যথা গোপনে নিজৰ
বুকুতে লুকুৱাই থৈ এগৰাকী নাৰীয়ে চলাই যায় নিজৰ সংসাৰ।আখৰা
কৰে নিজৰ বৈবাহিক জীৱনত সুখী হোৱাৰ-
"অথবা দেখা নাছিল কোনেও
স্বপ্নাতুৰ তুলিকাৰে অঁকা
হৃদয়ৰ কেনভাছৰ বিপৰীত ছবিটিয়ে
সেঁওতাত প্ৰতিশ্ৰুতিৰ ৰেখা বোলাই দিয়াত
দুওঁঠত ওলোমাই লোৱা
হেঙুল বৰণৰ হাঁহিটি"
স্বপ্নাতুৰ তুলিকাৰে অঁকা
হৃদয়ৰ কেনভাছৰ বিপৰীত ছবিটিয়ে
সেঁওতাত প্ৰতিশ্ৰুতিৰ ৰেখা বোলাই দিয়াত
দুওঁঠত ওলোমাই লোৱা
হেঙুল বৰণৰ হাঁহিটি"
এজনী নাৰীৰ মানসিক
জগতৰ গভীৰ উপলব্ধি অনুভৱ কৰি কবিয়ে কবিতাটোত নাৰীক প্ৰশস্তি কৰিছে-
"আকাৰহীন হৈও
প্ৰত্যোকজনী নাৰী
একো-একোটি আকাৰত সৃষ্ট
কিছু সম্বন্ধৰ নামত
জীয়াই থকাৰ অজুহাতত"
প্ৰত্যোকজনী নাৰী
একো-একোটি আকাৰত সৃষ্ট
কিছু সম্বন্ধৰ নামত
জীয়াই থকাৰ অজুহাতত"
এই শাৰীকেইটাক
কবিতাটোৰ আটাইতকৈ পূৰঠ শাৰী বুলিব পাৰি। এজনী নাৰীৰ ব্যক্তিমনৰ আশা আকাংক্ষা সামাজিক জীৱনৰ দাবীত কেনেকৈ তিল
তিলকৈ হেৰাই যায় আৰু নিৰ্লিপ্ত হৈ সেই নাৰীয়ে জীৱন
অতিবাহিত কৰে তাকেই কবিতাটোত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।
জানুৱাৰী মাহৰ
তৃতীয় সপ্তাহৰ কবিতাবোৰৰ ভিতৰত এটা অন্যতম কবিতা আছিল লীণা হাজৰিকাৰ "মোৰ সজীৱ প্ৰেম"। কবিতাটো এক
বিশুদ্ধ প্ৰেমৰ কবিতা। বিচ্ছেদ বিষাদ কবিতাটোৰ
মূল বিষয়বস্তু।কবিয়ে অনুভৱ কৰিছে বিচ্ছেদৰ মাজতে লুকাই আছে প্ৰকৃত প্ৰেমৰ অনুভৱ।হয়তো কবিৰ প্ৰেম সফল নোহোৱাৰ কাৰণ সমাজৰ আৰ্থিক শ্ৰেণী
বিভাজন।আৰ্থিকভাবে পিছপৰা হোৱাৰ হেতুকেই কবিৰ প্ৰেম সফল হ'ব নোৱাৰিলে।তেওঁ উপেক্ষিত হৈ ৰ'ল-
"অট্টালিকাত থকা হ'লে
হয়তো মই তোমাৰ প্ৰেমক
ঢুকি নাপালোঁহেতেন"
হয়তো মই তোমাৰ প্ৰেমক
ঢুকি নাপালোঁহেতেন"
কবিয়ে ঢুকি পোৱা
প্ৰেমত কিন্তু নাই মিলন।কবিৰ কাৰণে প্ৰেমৰ অনুভৱ স্থায়ী হৈছে বিষাদেৰে। বিচ্ছেদৰ চকুপানীৰে কবিয়ে চুই চাব পাৰিছে
প্ৰেমৰ গভীৰতা।বিষাদৰ মাজেৰে কবিয়ে উপলব্ধি
কৰিছে ভালপোৱা-
"এতিয়া প্ৰতি দিন
নিগৰি ওলোৱা চকুলোত
তোমাৰ প্ৰেম
মই নিজ হাতে
বৰ আটোমটোকাৰীকৈ
মুকুতাৰ দৰে
খামুচি ধৰিছোঁ"
নিগৰি ওলোৱা চকুলোত
তোমাৰ প্ৰেম
মই নিজ হাতে
বৰ আটোমটোকাৰীকৈ
মুকুতাৰ দৰে
খামুচি ধৰিছোঁ"
সামাজিক
দৃষ্টিভঙ্গীৰ পৰা চাবলৈ গ'লে এই কবিতাটোত এক মাৰ্ক্সীয় ধাৰণা ফুটি উঠিছে।ধনীকতান্ত্ৰিক সমাজত যে মানৱীয়
অনুভুতিৰ মূল্য অৱনমিত হৈছে সেই কথা আকাৰে ইংগিতে কবিতাটোত বুজাই তোলাৰ প্ৰয়াস কৰা হৈছে।
বিষয়বস্তুৰ ফালৰ
পৰা আলোচ্য তিনিওটা গতানুগতিক।
ডুলুমণি ৰয়ে অলপ ভিন্নতা উপস্থাপন কৰাৰ প্ৰয়াস কৰিছিল যদিও কবিতাটো নাৰীকেন্দ্ৰিক হৈ পৰিছে।তেখেতৰ কবিতাটো যথেষ্ট উন্নত মানৰ হোৱাৰ থল আছিল।কবিৰ যে প্ৰচুৰ সম্ভাৱনা আছে সেই কথাটো ফুটি উঠিছে শেষৰটো স্তৱকত।কিন্তু ডুলুমণি ৰয়ে ভাৱৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু অধিক যত্ন কৰিব লাগিব।শব্দচয়নৰ ক্ষেত্ৰত প্ৰতিজন কবিয়ে দক্ষতাৰ পৰিচয় দিছে যদিও বানান বিভ্ৰান্তি আৰু অসাৱধানবশত স্তৱক বিভাজনৰ দৰে ক্ষুদ্ৰ কিছু আসোঁৱাহ ৰৈ গৈছে।কবি কেইগৰাকী অলপ সাৱধান আৰু সচেতন হ'লে আৰু উন্নত কবিতা তেওঁলোকৰ হাতৰ পৰা আমি ভবিষ্যতে পাম বুলি বিশ্বাস।
ডুলুমণি ৰয়ে অলপ ভিন্নতা উপস্থাপন কৰাৰ প্ৰয়াস কৰিছিল যদিও কবিতাটো নাৰীকেন্দ্ৰিক হৈ পৰিছে।তেখেতৰ কবিতাটো যথেষ্ট উন্নত মানৰ হোৱাৰ থল আছিল।কবিৰ যে প্ৰচুৰ সম্ভাৱনা আছে সেই কথাটো ফুটি উঠিছে শেষৰটো স্তৱকত।কিন্তু ডুলুমণি ৰয়ে ভাৱৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু অধিক যত্ন কৰিব লাগিব।শব্দচয়নৰ ক্ষেত্ৰত প্ৰতিজন কবিয়ে দক্ষতাৰ পৰিচয় দিছে যদিও বানান বিভ্ৰান্তি আৰু অসাৱধানবশত স্তৱক বিভাজনৰ দৰে ক্ষুদ্ৰ কিছু আসোঁৱাহ ৰৈ গৈছে।কবি কেইগৰাকী অলপ সাৱধান আৰু সচেতন হ'লে আৰু উন্নত কবিতা তেওঁলোকৰ হাতৰ পৰা আমি ভবিষ্যতে পাম বুলি বিশ্বাস।
ৰাজীৱ ডেকা
সদস্য,আখৰুৱা: literati
২১ ফেব্রুৱাৰী, ২০১৭
সদস্য,আখৰুৱা: literati
২১ ফেব্রুৱাৰী, ২০১৭
--------------------------
ব্যৱস্থাপকৰ মন্তব্য:
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি
থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক) (...) -- চন্দন
বেজবৰুৱা
খ) মৃত সপোনৰ আত্মকথা -- ডুলুমণি ৰয়
গ) মোৰ সজীৱ প্ৰেম -- লীণা হাজৰিকা
খ) মৃত সপোনৰ আত্মকথা -- ডুলুমণি ৰয়
গ) মোৰ সজীৱ প্ৰেম -- লীণা হাজৰিকা
৪) এই পৰ্যালোচনাই
সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।মূল কবিতাত বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(ক)
ধুমোহাৰ-ধুমুহাৰ, (চন্দন বেজবৰুৱাৰ কবিতা)
বাতেৰে-বাটেৰে, (উক্ত কবিতা)
মৰিচিকা-মৰীচিকা, (উক্ত কবিতা)
আকি - আঁকি (উক্ত কবিতা)
গুছি - গুচি (উক্ত কবিতা)
সিহতে- সিহঁতে, (উক্ত কবিতা)
(খ)
প্ৰস্ফূতিত-প্ৰস্ফুটিত, (মৃত সপোনৰ আত্মকথা -- ডুলুমণি ৰয়)
সেওঁতা-সেঁওতা, (উক্ত কবিতা)
কুমাৰিত্ব - কুমাৰীত্ব (উক্ত কবিতা)
(গ)
হেতেন - হেঁতেন ( মোৰ সজীৱ প্ৰেম -- লীণা হাজৰিকা)
(ক)
ধুমোহাৰ-ধুমুহাৰ, (চন্দন বেজবৰুৱাৰ কবিতা)
বাতেৰে-বাটেৰে, (উক্ত কবিতা)
মৰিচিকা-মৰীচিকা, (উক্ত কবিতা)
আকি - আঁকি (উক্ত কবিতা)
গুছি - গুচি (উক্ত কবিতা)
সিহতে- সিহঁতে, (উক্ত কবিতা)
(খ)
প্ৰস্ফূতিত-প্ৰস্ফুটিত, (মৃত সপোনৰ আত্মকথা -- ডুলুমণি ৰয়)
সেওঁতা-সেঁওতা, (উক্ত কবিতা)
কুমাৰিত্ব - কুমাৰীত্ব (উক্ত কবিতা)
(গ)
হেতেন - হেঁতেন ( মোৰ সজীৱ প্ৰেম -- লীণা হাজৰিকা)
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা
পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
যুগল কিশোৰ নাথ
জনজিৎ গোস্বামী
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২২ ফেব্রুৱাৰী, ২০১৭
জনজিৎ গোস্বামী
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২২ ফেব্রুৱাৰী, ২০১৭
No comments:
Post a Comment