আখৰুৱাৰ ধাৰাবাহিক
উপন্যাস: ৰূপোৱালী মেঘৰ ছায়া:ফেব্ৰুৱাৰী,২০১৭
(খণ্ড-৪)
“পঢ়িম বুলি ওলাই আহিলে বুকু ডাঠ কৰি পঢ়িব লাগিব ৷ সকলোৰে লগত মিলা-প্ৰীতিৰে থাকিবি ৷মই পইচা-পাতি নিয়মীয়াকৈ পঠাই থাকিম ৷ নাকান্দিবি আইমানু, হোষ্টেলত তোৰ দৰে বহুত ছোৱালী থাকে, সিহঁতে যদি থাকিব পাৰিছে তই কিয় নোৱাৰিবি৷” – দেউতাৰ কথাবোৰ নীৰৱে শুনি থাকিলোঁ মই৷ হোষ্টেলৰ ছোৱালীসকল এজনী দুজনীকৈ বাৰান্দাৰে অহাযোৱা কৰি থকা দেখা পালোঁ৷
ক্ষন্তেক পিছতে গুলপীয়া শাৰী এখন পিন্ধি মেট্ৰন বাইদেউ আহিল,বগী মানুহজনীক শাৰীখনে গুলপীয়া কৰি তুলিছিল৷আমাক তেওঁ বাৰান্দাৰ পৰা হোষ্টেলৰ ভিতৰত সোমায়েই বাওঁফালে থকা কোঠাটোলৈ লৈ গ’ল ৷ দুৱাৰখন খোলাই আছিল ৷ দেউতা আৰু মই আমাৰ লগতে লৈ ঘূৰি ফুৰা হল্ডলটোৰে সৈতে কোঠাত প্ৰৱেশ কৰিলোঁ ৷ মেট্ৰন বাইদেৱে দেউতাক উদ্দেশ্যি ক’লে –
“ছোৱালী হোষ্টেলত সাধাৰণতে পুৰুষৰ প্ৰৱেশ নিষেধ থাকে৷কিন্তু আপোনাক নতুনকৈ অহা ছাত্ৰীৰ অভিভাৱক বুলিয়েই আজি সোমাবলৈ দিয়া হৈছে৷পিছত লগ কৰিবলৈ আহিলে এনেকৈ কোঠাত সোমাবলৈ নাপাব আৰু ৷ ভিজিটৰ ৰূমতহে বহিব লাগিব৷”
: হয়, হয়, আজিয়েই মোৰ ছোৱালীজনীৰ ৰূমটো চাই লওঁ বাৰু!—দেউতাই হাঁহি উত্তৰ দিলে ৷
খালী থকা এজনীয়া বিচনাখনত দেউতা আৰু মই বহিলোঁ ৷ ইখন বিচনাত কিতাপ এখন হাতত লৈ ছোৱালী এজনী বহি আছিল৷
: এই ফৰিডা হোছেইন,শিলচৰত ঘৰ৷তাইও নতুন৷ফৰিডা, এইয়া তোমাৰ নতুন লগৰী দেই, তোমাৰ নামটো কি আছিল ? –মেট্ৰন বাইদেৱে মোলৈ চাই সুধিলে ৷
: মই প্ৰাপ্তি দত্ত, লক্ষীমপুৰৰ৷—মই ক’লো ৷
: খুড়া, নমস্কাৰ ৷ – ফৰিডাই দেউতালৈ চাই নমস্কাৰ জনালে ৷
মই ফৰিডালৈ চালোঁ – গাৰ বৰণ মিঠাবৰণীয়া, বাওঁচকুটো জাপখাই থকাৰ দৰে দেখিবলৈ ৷
: প্ৰাপ্তি, আমাৰ ক্লাছবোৰ আৰম্ভই হৈ গ’ল নহয়!তুমি কেইদিনমান দেৰি কৰিলা, একো নাই দিয়া, মোৰ পৰা নোটছবোৰ লৈ ল’ব পাৰিবা ৷—ফৰিডাই মোক ক’লে
:হ’ব বাৰু, থেংকিউ

দেউতাই মোক
হোষ্টেলত থৈ গুছি গ’ল ৷ দেউতা যোৱাৰ পিছত মোৰ এনে লাগিল – দেউতাই যেন মোক বিশাল জনসমুদ্ৰত অকলশৰে
এৰি থৈ গ’ল ৷ শূণ্যতা, বিষাদ, ভয় – সকলোবোৰে আহি মোক বেৰি ধৰিলে ৷গাৰুত মুখ
গুজি বিচনাত পৰি থাকিলোঁ, ঘৰলৈ মনত পৰি চকুৰ পানীৰে গাৰু তিতিল৷
০০০০০০০০০০০০
০০০০০০০০০০০০
: প্ৰাপ্তি উঠা, প্ৰেয়াৰৰ বাবে যাব লাগে – ফৰিডাই মোক গাত ধৰি হেঁচুকি দিলে
ফৰিডাৰ মাতত মই সাৰ পালোঁ , মই যে হোষ্টেলত আছোঁ পাহৰিয়েই আছিলোঁ ৷ ফৰিডাৰ লগতে বাৰান্দালৈ ওলাই গ’লোঁ ৷ হোষ্টেলৰ বাৰান্দাখন ছিনিয়ৰ-জুনিয়ৰ ছোৱালীৰে ভৰি পৰিছে ৷ ফৰিডা আৰু মইও সেই ভীৰত সোমাই পৰিলোঁ ৷ সকলো ছোৱালীয়ে হাতযোৰ কৰি সৰস্বতী বন্দনা গালে –
“শ্বেতপদমা ছনা দেৱী/শ্বেত পুস্পা পছুপিতা”…. মই এইটো “সৰস্বতী বন্দনা” আগতে কাহানিও গোৱা নাই, সেয়ে মই মনে মনে হাতযোৰ কৰি থাকিলোঁ ৷ সৰস্বতী বন্দনা শেষ হোৱাৰ পিছত এগৰাকী ছিনিয়ৰ বাইদেৱে ক’লে—
: আজি নতুন ছোৱালী কোন কোন আহিছা হাত ডাঙা চোন !
মোৰ সৈতে আৰু দুজনী ছোৱালীয়ে হাত ডাঙিলে ৷ বাইদেউগৰাকীয়ে পুনৰ মাতটো যিমান পাৰি ডাঙৰ কৰি কৈ উঠিল –
: প্ৰাৰ্থনাটো কাৰ কাৰ মুখস্থ নাই, লিখি ল’বা ৷নিজৰ লগৰ ছোৱালীবোৰৰ নামবোৰ মনত ৰখাৰ লগতে ৰূমে ৰূমে সোমাই চিনিয়ৰ বাইদেউ সকলৰ লগত চিনাকী হৈ নামবোৰ লিখি মুখস্থ কৰিবা ৷ আমি সুধিলে যদি ভুল কৰা পানিছমেন্ট হ’ব কিন্তু!অ’ আৰু এটা কথা, প্ৰতিদিনেই ছিনিয়ৰ বাইদেউ সকলক উইছ কৰিবলৈ নাপাহৰিবা , কোন দিনা কি উইছ কৰিব লাগে লগৰবোৰৰ পৰা জানি ল’বা ৷

নিজৰ ৰূমলৈ অহাৰ
পিছত ফৰিডাই মোক তাই লিখি ৰখা গোটেই “সৰস্বতী বন্দনা” টো লিখি ল’বলৈ ক’লে আৰু ছিনিয়ৰ বাইদেউসকলক কোনদিনা কি বুলি উইছ কৰিব লাগে সেই লিষ্টখন দেখুৱালে ৷ মই পঢ়ি চালোঁ –
“সোমবাৰ — লস্কৰা ফস্কৰা মস্কৰা
মঙ্গলবাৰ – বন্দেমাতৰম
বুধবাৰ – চটছ্ৰিয়কাল
বৃহস্পতিবাৰ – ৱানাক্কাম
শুক্ৰবাৰ – আছেলাম আলেইকুম আদাব আদাব
শণিবাৰ – হেল্ল’
দেওবাৰ – বন্দেমাতৰম”
“সোমবাৰ — লস্কৰা ফস্কৰা মস্কৰা
মঙ্গলবাৰ – বন্দেমাতৰম
বুধবাৰ – চটছ্ৰিয়কাল
বৃহস্পতিবাৰ – ৱানাক্কাম
শুক্ৰবাৰ – আছেলাম আলেইকুম আদাব আদাব
শণিবাৰ – হেল্ল’
দেওবাৰ – বন্দেমাতৰম”
মই আটাইবোৰ উইছ
নিজৰ বহীত টুকি ৰাখিলোঁ৷যিহেতু সেইদিনা দেওবাৰ আছিল গতিকে ডাইনিং হললৈ ৰাতি ভাত খাবলৈ যাওঁতে আমি লগ পোৱা
চিনিয়ৰ-জুনিয়ৰ সকলোকে “বন্দে মাতৰম বাইদেউ” বুলি উইছ কৰিবলৈ ধৰিলোঁ৷কাৰণ চিনিয়ৰ-জুনিয়ৰ
সকলোৰে সৈতে মই পৰিচিত নাছিলোঁ৷
“হেই হেই আমি তোমাৰ লগৰহে!”—দুজনীমান ছোৱালীয়ে মোক তেনেকৈ কৈ মুখ টিপি হাঁহিলে৷সিহঁতৰ হাঁহি দেখি মইও হাঁহিত ফাটি পৰিলোঁ পিছে ছিনিয়ৰ বাইদেউসকললৈ ভয় খাই শব্দ কৰি হাঁহিব নোৱাৰিলোঁ৷ (আগলৈ)

ණ মৌচুমী বৰি ৷
No comments:
Post a Comment