Saturday, 25 February 2017

ৰূপান্তৰৰ বর্ণমালা ණ ৰৌচন আৰা বেগম



ৰূপান্তৰৰ বর্ণমালা

সকলো কায়াৰে নাথাকে ছায়া
ফুল থাকিলেও
সজাগ নহয় মৃত পখিলা!

সোণালী শৈশৱৰ নিস্পাপ ধেমালি
বুকু উজাৰ কৰা মাথো সোঁৱৰণি।

কেৱল এটা শুভবার্তা
অনুনাদী ৰৌদ্রজ্জ্বল আন্তৰিকতা
আৰু একো নাই !

এনেকৈ আৰু কিমান দূৰলৈ আগবাঢ়ি যাবা !
এন্ধাৰৰ শূলে বিন্ধিছে দেহা
খোজে প্রতি একোটাহঁত শৱদেহৰ টিলা।

চেঁচা হবলৈ ধৰা এটা শৰীৰৰ মই ঢিমিক-ঢামাক ছাঁ
উজ্জ্বল দুপৰীয়াটোলৈ ৰলাগি চাই থকা।
বি:-ৰৌচন আৰা বেগম


No comments:

Post a Comment