দুপৰীয়াৰ কথা
জনৈক শিল্পৰ
অসহযোগ আন্দোলন
জনৈক শিল্পপ্ৰাণৰ স্বাধীনতা বাঁহগছৰ
জনৈক শিল্পপ্ৰাণৰ স্বাধীনতা বাঁহগছৰ
চৌপাশৰ গোন্ধ
শিল্পসত্ত্বাৰ
ডাৱৰ ডাৱৰ অনুভৱ
উঁইচিৰিঙা সঙ্গীত
তলমল ও জীৱন ৰে
ডাৱৰ ডাৱৰ অনুভৱ
উঁইচিৰিঙা সঙ্গীত
তলমল ও জীৱন ৰে
বোকাত কি ফুলে
জাবৰত যাযাবৰ নিশাৰ জোন জ্বলে
কুৰুকি কুৰুকি শেষ হ’বলৈ আহে
নাহিব লগা এধানিমান কজলা জোনাক
খন্তেকৰ পানী যুৱলী
বোকা
জাবৰত যাযাবৰ নিশাৰ জোন জ্বলে
কুৰুকি কুৰুকি শেষ হ’বলৈ আহে
নাহিব লগা এধানিমান কজলা জোনাক
খন্তেকৰ পানী যুৱলী
বোকা
বোকাত একো নুফুলে
হাবি কাটি বাট
কাটে
বাট কাটি বালি ভাহে
বালিৰ লগত ফাগুন আহে
এই ফাগুন অনন্ত
পিয়াহ যুগান্তৰৰ
যুগান্তৰৰ এলাহ
পিয়াহত বাঁহগছবোৰ অপুষ্ট
বাট কাটি বালি ভাহে
বালিৰ লগত ফাগুন আহে
এই ফাগুন অনন্ত
পিয়াহ যুগান্তৰৰ
যুগান্তৰৰ এলাহ
পিয়াহত বাঁহগছবোৰ অপুষ্ট
কলপাতৰ আৱৰণত যি
মাহ-প্ৰসাদ আছে
তাৰে ঘোলা নাৰিকলখিনি কোনো শিল্পীয়ে
বোকাৰ পৰা অানি অঁতাইছে
কিবা এটা গোন্ধে ভকতসৱক আমনি কৰিছে
তাৰে ঘোলা নাৰিকলখিনি কোনো শিল্পীয়ে
বোকাৰ পৰা অানি অঁতাইছে
কিবা এটা গোন্ধে ভকতসৱক আমনি কৰিছে
জনৈক ভকতৰ
প্ৰসঙ্গ-ত্যাগ আন্দোলন
জনৈক ভকত-প্ৰাণৰ স্বাধীনতা পৰাচিতৰ
জনৈক ভকত-প্ৰাণৰ স্বাধীনতা পৰাচিতৰ
কিবা এটা আহে
লাহে লাহে মাহে মাহে৷
লাহে লাহে মাহে মাহে৷
কবি:-ණ হীৰকজ্যোতি বৈশ্য ৷
No comments:
Post a Comment