এজাক ধুমুহাৰ শেষত
যোৱা গোটেইটো নিশা
পৰিমালাই এক ভীষণ যান্ত্ৰণাৰে পাৰ কৰিলে । বুকুত লহপহকৈ বাঢ়ি অহা সেউজ সপোনক এজাক অনাকাংক্ষিত ধুমুহাই তছনছ কৰি
পেলালে । গোলাপবুলীয়া গাৰুটো তিতিছিল দুচকুৰ বানত
। গাৰুৰ গোলাপৰ পাহবোৰ লাহে লাহে যেন সৰি পৰিছিল, তাৰ ঠাইত গজি উঠিছিল অগণন কাঁইট । সপোনৰ
মৃত্যুত বিধ্বস্ত পৰিমালাৰ মনত এক বিধ্বংসী বাসনাই মূৰ
দাঙি উঠিল । জীৱন আৰু মৃত্যুৰ দোমোজাত দ্যূদুল্যমান তাইৰ জীৱনে ক্ৰমে থাউনি হেৰুৱাইছিল । তাৰ মাজতো মনৰ কোনোবা এটা কোণত তাইৰ সাহসী আৰু আত্মবিশ্বাসী মনটোৱে লাহে লাহে মূৰ দাঙি উঠিল । এটা
সপোনৰ মৃত্যু মানেইতো এটা জীৱনৰ সমাপ্তি হ'ব নোৱাৰে ! পুঁৱতি নিশা তাইৰ ভাৰাক্ৰান্ত
দুচকুত টোপনিয়ে ভৰ কৰিলেহি । চিলমিলিয়া টোপনিত তাই দেখিলে
ৰামধেনুৱে আকাশত সপ্ত ৰঙৰ পোহাৰ মেলিছে । আহ্লাদিত মনেৰে বিস্ফোৰিত নেত্ৰে তাই ৰামধেনুলৈ চাই ৰ'ল । হঠাতে পখীৰ সুৰুজ বন্দনাত তাই খকমককৈ সাৰ পালে । অলপ সময় তাই তভক মাৰি ৰ'ল । তাই সঁচাকৈ টোপনিত ৰামধেনু দেখিছিল নে তাইৰ ভ্ৰম হৈছিল, তাই ঠিক ধৰিব নোৱাৰিলে । টোপনিতেই হওঁক বা ভ্ৰমেই হওঁক তাইৰ ভাল
লাগিল, ৰামধেনুৰ কথা ভাবি । নাই, এটা সপোনৰ মৃত্যুই তাইৰ জীৱনৰ শেষ সীমা
আঁকিব নোৱাৰে । তাই নতুনকৈ হাজাৰটা সপোনক তাইৰ মনৰ ৰামধেনুৰ ৰঙেৰে সজাব । তাইৰ দুচকুৰ বানে তাইৰ মনৰ পথাৰত নকৈ পলস পেলালে । তাই ঠিৰাং কৰিলে মনৰ পথাৰত
তাই নকৈ হাজাৰটা সপোনৰ বীজ সিঁচিব ।
পৰিমালাই খিৰিকীখন
খুলি দিলে । এজাক কোমল ৰ'দে তাইক স্বাগতম জনালে । আকাশলৈ চালে তাই । যোৱা নিশাৰ ধাৰাসাৰ বৰষুণজাকে কেতিয়াবাই সাম কাটিছে
। কলীয়া ডাৱৰবোৰেও মেলানি মাগিছে । এইবাৰ তাই আকাশত জিলিকি থকা ডগমগীয়া হেঙুল বেলিটোলৈ চালে । পুৱাৰ স্বৰ্ণময় বেলিটো তাইৰ খুবেই প্ৰিয় । বেলিটোৱে অকৃটিমভাবে চটিয়াইছে তাৰ
স্বৰ্ণিম আভা ।
✍ সাৰদা শ্ৰেষ্ঠ ।
No comments:
Post a Comment