জুইফুল
সূৰ্যটোৰ গাত
জুইফুল ফুটিছে
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ'ব ওলোমাই ।
গোটে গোটে যেন গিলিব কলুষতা
পথভ্ৰষ্ট আৰু নৈতিকতাৰ হত্যাকাৰীক
পিঙত থ'ব ওলোমাই ।
দুপৰীয়াটো তেজাল
হৈ পৰিছে
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা ।
জিলিজনীৰ মাতত
হৃদয়ভঙা আক্ষেপ
তাই হেৰুৱাইছে নিজস্বতা ।
জুইফুলৰ গুটি
পৰিছে পৃথিৱীত
ফালি-ছিৰি পেলাব পাৰে
ধৰিত্ৰীৰ বক্ষ
ৰৌদ্ৰৰুপ যে জুইফুলপাহৰ ।
ফালি-ছিৰি পেলাব পাৰে
ধৰিত্ৰীৰ বক্ষ
ৰৌদ্ৰৰুপ যে জুইফুলপাহৰ ।
কবি :- ණ ৰীণা বুঢাগোঁহাই ৷
No comments:
Post a Comment