সৰাপাতৰ বুৰঞ্জী
সাঁচতিয়া বিষ এটাই
উক দিছে
আৰু চকৰি ঘুৰাদি ঘুৰি আছোঁ মই,
মনলৈ আহিছে মাথোঁ
হেৰাই যোৱা সেউজীয়াবোৰ।
এতিয়া যে সৰাপাতৰ বুৰঞ্জী
বুকুত বান্ধি লৈ ভাগৰুৱা হৈ পৰিছোঁ।
সেউজীয়াবোৰো আচলতে মৰীচিকা!
সৰাপাতৰ মাজেৰে খোজ দি
সেউজীয়াৰ প্ৰবঞ্চনাত বিলীন হওঁ।
মাজে মাজে এই বিষটোৱে সাৰ পাই উঠে,
নিৰৱতাৰ বোকোচাত যন্ত্ৰণাৰত হৈ
চট ফটাই ফুৰোঁ।
হয়, স্মৃতিবোৰে জোকাৰি যায়
মনৰ প্ৰতিটো কোঠালি।
আৰু
স্মৃতিৰে কোঠাবোৰ ভৰাই ৰাখিম বুলি
ময়েইচোন হৈছিলোঁ অদৃশ্য।
কিন্তু জীৱনে স্মৃতিবোৰক
বেদনালৈ ৰূপান্তৰিত কৰিছে।
চাকনৈয়া, জীৱনৰ চাকনৈয়া!!!
সম্প্ৰতি মোৰ বুকুত বহুদিন
বৰষুণ নমা নাই,
সেউজীয়া হোৱা নাই মন।
অভিমানী মেঘডৰাৰ
মিঠা পৰশ আজি শূন্য
আৰু ভৰি আছে এবুকু বেদনা,
ভৰি আছে সৰাপাতৰ বুৰঞ্জী।
আৰু চকৰি ঘুৰাদি ঘুৰি আছোঁ মই,
মনলৈ আহিছে মাথোঁ
হেৰাই যোৱা সেউজীয়াবোৰ।
এতিয়া যে সৰাপাতৰ বুৰঞ্জী
বুকুত বান্ধি লৈ ভাগৰুৱা হৈ পৰিছোঁ।
সেউজীয়াবোৰো আচলতে মৰীচিকা!
সৰাপাতৰ মাজেৰে খোজ দি
সেউজীয়াৰ প্ৰবঞ্চনাত বিলীন হওঁ।
মাজে মাজে এই বিষটোৱে সাৰ পাই উঠে,
নিৰৱতাৰ বোকোচাত যন্ত্ৰণাৰত হৈ
চট ফটাই ফুৰোঁ।
হয়, স্মৃতিবোৰে জোকাৰি যায়
মনৰ প্ৰতিটো কোঠালি।
আৰু
স্মৃতিৰে কোঠাবোৰ ভৰাই ৰাখিম বুলি
ময়েইচোন হৈছিলোঁ অদৃশ্য।
কিন্তু জীৱনে স্মৃতিবোৰক
বেদনালৈ ৰূপান্তৰিত কৰিছে।
চাকনৈয়া, জীৱনৰ চাকনৈয়া!!!
সম্প্ৰতি মোৰ বুকুত বহুদিন
বৰষুণ নমা নাই,
সেউজীয়া হোৱা নাই মন।
অভিমানী মেঘডৰাৰ
মিঠা পৰশ আজি শূন্য
আৰু ভৰি আছে এবুকু বেদনা,
ভৰি আছে সৰাপাতৰ বুৰঞ্জী।
কবি:-ණ শকৰ জ্যোতি দত্ত ৷
No comments:
Post a Comment