পুনৰীক্ষণ (৪৪) ২৪-৩১ জানুৱাৰী, ২০১৭: চতুৰ্থ খণ্ড।
পৰ্যালোচক : যুগল কিশোৰ নাথ
সদস্য, আখৰুৱা
অৱতৰণিকা :
সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত বৈদ্যুতিন মাধ্যম বৰ্তমান এক উপযুক্ত মাধ্যম। বিশ্বৰ প্ৰায় সকলোবোৰ ভাষাতে বৈদ্যুতিন মাধ্যমৰ সাহিত্যই জনপ্ৰিয়তা লাভ কৰিছে। অসমীয়া সাহিত্যৰ ইতিহাসত বৈদ্যুতিন মাধ্যমৰ সাহিত্য এক নতুন সংযোজন ।
বৰ্তমান ফেচবুক, হোৱাট্চ এপ (social media), আদিৰ জৰিয়তেও সাহিত্য চৰ্চা কৰা দেখা যায়। ফেচবুকত অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত 'আখৰুৱা' এটি উন্নত মানসম্পন্ন সাহিত্য গোট। সাহিত্য চৰ্চা কৰা বা কৰিব বিচৰা এচাম মানুহক আখৰুৱাই এখন মঞ্চ প্ৰদান কৰি আহিছে। কেৱল সাহিত্য চৰ্চাই নহয়, গোটটিত প্ৰকাশিত সাহিত্যৰ ঘাইকৈ কবিতাৰ পৰ্যালোচনা শিতানটিয়ে সকলো পাঠককেই সহায় কৰিছে আৰু অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাসত ই এক নতুন দিশ উন্মোচন কৰিছে।
পৰিসৰ :
'আখৰুৱা'ৰ কবিতা পুনৰীক্ষণ (৪৪)ৰ চতুৰ্থ খণ্ডৰ পৰ্যালোচনাৰ বাবে তিনিজন কবিৰ কবিতা নিৰ্বাচন কৰি লোৱা হৈছে। প্ৰতিষ্ঠিত কবি ৰৌচন আৰা বেগমৰ "ৰূপান্তৰৰ বৰ্ণমালা", কবি অনিতা গগৈৰ "এযোৰ পানীচন্দা মাছ", অংকুৰ শইকীয়াৰ "হাইকু(৮) দৃশ্যবোৰ" শীৰ্ষক কবিতা তিনিটা আমাৰ আলোচনাৰ পৰিসৰৰ অন্তৰ্ভুক্ত কৰা হৈছে। আখৰুৱাত কবিতা প্ৰকাশৰ ক্ৰম অনুসৰি কবিতাকেইটাৰ আলোচনা কৰা হ'ব।কবিতা তিনিটাৰ মূল পাঠ :
(ক) হাইকু(৮)
দৃশ্যবোৰ
ණ অংকুৰ শইকীয়া ৷
(১)
থিক বতাহ
ফাগুন নে বৰদৈচিলা
শুকুলা মেঘ
----
(২)
সোণালী ৰ’দ
নৈখনৰ কি গভীৰতাত
উজান ভাটি
----
(৩)
এচলু ঘাম
গো-ধূলি আবেলিত
লুণীয়া বাট
----
(৪)
নিজম ৰাতি
টিপচাকিৰ জিকমিকনি
উৰুঙা পঁজা
(খ) এযোৰ পানীচন্দা মাছ
ණ অনিতা গগৈ
.
শুই থকা বেহেলা এখনৰ বুকুত
সাৰে আছে নৈখন
সৰাপাতৰ দৰে উটি যোৱা পানচৈবোৰ
জোনাকৰ ৰেৱাৰে বন্ধা এটি এটি সুৰ
.
শিলনিত মূৰ খুন্দিয়াই
জাহ যোৱা সাধুকথাবোৰে
দুহাত মেলি তুলি লয়
মন-জলাহত ফুলা এটি এটি তৰাফুল
.
সৌ ঘাটতে পৰি আছিল এখনি পাটৰ চেলেং
ৰূপৰ মিনাকৰা জোনৰ মুখ যেন
এচলু জোনাকত সাঁতুৰি ফুৰা
এযোৰ পানীচন্দা মাছ
.
ভঙা দলঙত ফাঁচ লাগি মৰা গাভৰুজনী
তাইৰ থৰ চকুহালত এতিয়াও
এটা মৰা জোনৰ ৰাতি ....
(গ) **ৰূপান্তৰৰ বর্ণমালা **
ණ ৰৌচন আৰা বেগম
১
সৰিপৰা পকা গছ-পাতৰ দৰেই
বতাহজাকত
নিয়ৰৰ ফুলবোৰ উৰিছে
২
তৰাৰ চাকিবোৰ নুমাৱাই
পুৱতিৰ শেতেলীত কুৱঁলিৰ নিহালিখন টানি
জোনটো শুই পৰিছে
৩
পূবৰপৰা পশ্চিমলৈ যেতিয়া তেওঁ আগুৱাই
হেমন্তৰ চেঁচা বতাহজাক হেৰায়
ঘাটে-পথাৰে শৰালিজাকৰ কিচিৰ-মিচিৰ শব্দত
বন-বিৰিখৰ জাকৰুৱা ছাঁ সৰে
নৈৰ পাৰে পাৰে আগুৱাই বতাহজাকে
শুকান পাতবোৰক মাতেগৈ
মর্মৰ ধ্বনিৰে সৰিপৰা পকা গছপাতে বতাহক
বিমুখ কৰিব নোৱাৰে
৪
তোমাৰ অপেক্ষাতে ফুলিছিল ফুল, বৈ আছিল সুগন্ধি।
এতিয়া শীর্ণ নদীৰ বুকুত সোঁতৰ ফুল শুকাই শেঁতা পৰি ৰৈছে।
বিশ্লেষণ :
নিৰ্বাচিত কবিতাকেইটাৰ আটাইকেইটাই সুকীয়া শৈলী, ভাৱ, প্ৰতীক, চিত্ৰকল্পৰে সমৃদ্ধ। অংকুৰ শইকীয়াৰ হাইকু (৮) "দৃশ্যবোৰ" সম্পৰ্কে আলোচনাৰ পূৰ্বে হাইকু কি সেই সম্পৰ্কে আলোকপাত কৰাৰ প্ৰয়োজনীয়্তা আছে। মূলত: হাইকু জাপানী কবিতা। পূৰ্বে হাইকু শব্দটো হক্কু (hokku) হিচাপেহে কোৱা বা লিখা হৈছিল, জাপানী লেখক মাছাওকা শ্বিকিয়ে (Masaoka Shiki) ১৯শতিকাত হাইকু নামকৰণ কৰে। হাইকু ৰচনাৰ শৈলী সাধাৰণতে দুই প্ৰকাৰৰ -- টেইকেই {teikei (fixed form)} আৰু জিয়ুৰিট্ছু { jiyuritsu (free form)}। পৰম্পৰাগত হাইকুত (টেইকেই) সাধাৰণতে তিনিটা শাৰীত ১৭টা আখৰ বা 'মৰেই' (morae) থাকে।পাঁচ-সাত-পাঁচ সজ্জাত এনে হাইকুৰ বাক্য গ্ৰথিত হয়।আনহাতে আধুনিক বা জিয়ুৰিট্ছু { jiyuritsu (free form)} হাইকু ১৭টাতকৈ কম বা বেছি আখৰ বা উচ্চাৰণেৰে গ্ৰথিত হয়।
অংকুৰ শইকীয়াৰ "দৃশ্যবোৰ" হাইকুটি গাঁথনিক দিশৰ পৰা আধুনিক হাইকু বা জিয়ুৰিট্ছু { jiyuritsu (free form)}ৰ শাৰীত পৰে বুলিব পাৰি।কবিতাটিত চাৰিটা স্তৱকত একে সজ্জা ৰক্ষিত হোৱা নাই। প্ৰথম স্তৱকত পাঁচ - ন - পাঁচ শব্দ সজ্জা, দ্বিতীয় আৰু চতুৰ্থ স্তৱকত পাঁচ - দহ - পাঁচ হোৱাৰ বিপৰীতে তৃতীয় স্তৱকত পাঁচ - সাত - পাঁচ শব্দ সজ্জা ৰক্ষিত হৈছে। কম শব্দত অধিক অৰ্থ প্ৰকাশ কৰিব পৰা হাইকুৰ বৈশিষ্ট্যটি শইকীয়াৰ কবিতাটোত পূৰ্ণৰূপত প্ৰকাশ পাইছে বুলিব পাৰি। অসমৰ পটভূমিৰ চিনাকী ছবি হাইকুটিত উপলব্ধ।এনে লাগে যেন কবিতাটোৰ চাৰিটা স্তৱকত চাৰিখন চিত্ৰহে যেন আঁকি থোৱা আছে।
অনিতা গগৈৰ "এযোৰ পানীচন্দা মাছ" কবিতাটি এটি অনুপম কবিতা। কবিতাটিৰ বিষয়সাৰ (theme) প্ৰেম-আৰু বিচ্ছেদৰ কাৰুণ্য ।চাৰিটা স্তৱকত বিভক্ত কবিতাটোত শুই থকা বেহেলাৰ বুকুত সাৰে থকা নৈ, মন জলাহত ফুলা তৰা-ফুল, পানী-চন্দা মাছ আৰু মৃত গাভৰুৰ থৰ দুচকুত মৰা জোনৰ চিত্ৰকল্পৰে মূল বিষয়সাৰটি স্পষ্ট কৰি তুলিছে। শব্দ প্ৰয়োগত কবিয়ে পাৰদৰ্শিতা দেখুৱাইছে।
কবি ৰৌচন আৰা বেগমৰ "ৰূপান্তৰৰ বৰ্ণমালা" কবিতাটি চাৰিটা স্তৱ্কত বিভক্ত। প্ৰতিটো স্তৱকত ভিন ভিন চিত্ৰৰ সমাহাৰ ঘটাৰ লগতে চিনেমেটিক ট্ৰিটমেন্ট দেখা গৈছে। মূলত: প্ৰকৃতিৰ পৰিৱৰ্তনক কবিতাটোত উপস্থাপন কৰা হৈছে যদিও মানৱ জীৱনৰ পৰিৱৰ্তনকহে দৰাচলতে উন্মোচন কৰা হৈছে। আধুনিক জীৱনৰ ব্যস্ততাত মানুহৰ জীৱনলৈ অহা পৰিৱৰ্তন ,প্ৰাপ্তি- অপ্ৰাপ্তিৰ বেদনা কবিতাটোৰ মাজত উপলব্ধ হৈছে। জীৱন পৰিক্ৰমাত ঘাট- প্ৰতিঘাটৰ মাজেৰে হোৱা পৰিৱৰ্তনৰ পাছ্ত জীৱনত একো বাকী নৰয়, জীৱনৰ প্ৰতিটো কথাই আপেক্ষিক।পূৰ্বধাৰণা মতেই সকলো হৈ নুঠে, কবিতাটোৰ শেষৰ শাৰীটোত উক্ত কথাষাৰেই প্ৰতিপন্ন হৈছে।
তোমাৰ অপেক্ষাতে ফুলিছিল ফুল, বৈ আছিল সুগন্ধি।
এতিয়া শীর্ণ নদীৰ সোঁতৰ বুকুত ফুল শুকাই শেঁতা পৰি ৰৈছে।
সামৰণি :
ফেচবুকত সাহিত্য চৰ্চাৰ গোট আখৰুৱাত প্ৰকাশিত উক্ত কবিতা তিনিটাৰ আলোচনাৰ পৰা দেখা যায় যে কবিতা তিনিটাত বিষাদৰ ভিন ভিন স্বৰূপে ক্ৰিয়া কৰিছে।
হাইকু সম্বন্ধে গভীৰ অধ্যয়নে অংকুৰ শইকীয়াৰ হাইকু সমূহক এক অনন্য মাত্ৰা দিয়াব পাৰে। অনিতা গগৈৰ কবিতাত গীতিময়তা এক বৈশিষ্ট্য স্বৰূপ আৰু ৰৌচন আৰা বেগমৰ কবিতাত ৰূপান্তৰ আৰু চিত্ৰময়তা বৈশিষ্ট্যস্বৰূপ।
জানুৱাৰী মাহৰ কবিতাৰ পুনৰীক্ষণ(৪৪)ৰ চতুৰ্থ খণ্ডৰ পৰ্যালোচনাৰ বাবে নিৰ্বাচন কৰা তিনিওটা কবিতাই মানসম্পন্ন। নিৰ্বাচিত কবিতাকেইটাৰ মানলৈ চাই আমি পৰ্যালোচনা আগবঢ়াব পৰা নাই।তাৰ বাবে কবিকেইজনৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।
ধন্যবাদ।
----------------------------------------------------
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক)হাইকু(৮)/ দৃশ্যবোৰ-> অংকুৰ শইকীয়া
খ)এযোৰ পানীচন্দা মাছ-> অনিতা গগৈ
গ)ৰূপান্তৰৰ বৰ্ণমালা-> ৰৌচন আৰা বেগম
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
মূল কবিতাত বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(গ)
নুমাৱাই> নুমুৱাই
কুৱঁলিৰ-> কুঁৱলীৰ
পূবৰপৰা-> পূৱৰপৰা
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
যুগল কিশোৰ নাথ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৬ ফেব্রুৱাৰী, ২০১৭
No comments:
Post a Comment